--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোজপুৰী অভিনেত্ৰী আকাংক্ষা দুবেৰ মৃত্যুকলৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ মতে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে হত্যাৰ কোনো যোগসূত্ৰ পোৱা হোৱা নাই৷আকাংক্ষা দুবেৰ মৃতদেহ   হোটেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷   

বাৰাণসীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত সন্তোষ সিঙে এখন সংবাদমেলত কয় যে আকাংক্ষা দুবেই আত্মহত্যা কৰাৰ পূৰ্বে ইনষ্টাগ্ৰামত কান্দোনৰ ভিডিঅ’ এটা দিছিল৷ বাৰাণসীত হোটেলৰ কোঠাত আকাংক্ষাৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছিল। অভিনেত্ৰীগৰাকী এখন নতুন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে তালৈ গৈছিল। জানিব পৰা মতে  ছবিখনৰ মেকআপ শিল্পীজনে দৃশ্যগ্ৰহণৰ বাবে আকাংক্ষাক মাতিবলৈ গৈছিল। তেঁৱেই  অভিনেত্ৰীগৰাকীৰ ওলমি থকা শৰীৰটো প্ৰথমে  দেখিছিল।

 


ইফালে, ছ'চিয়েল মিডিয়াত আকাংক্ষাৰ কেইবাটাও ভিডিঅ' ভাইৰেল হৈ পৰিছে। সেইবোৰৰ এটাত ২৫  বছৰীয়া অভিনেত্ৰীগৰাকীক মুখত হাত দি কান্দি থকা দেখা গৈছে৷  দাবী কৰা হৈছে যে ভিডিঅ'টো আকাংক্ষাৰ মৃত্যুৰ আগনিশাৰ।  অভিনেত্ৰীগৰাকী এটা পাৰ্টিৰ পৰা হোটেলৰ কোঠালৈ উভতি আহি সেই ভিডিঅ’ কৰা বুলি সন্দেহ কৰা হৈছে।ইফালে, আকাংক্ষাৰ মৃত্যুৰ পিছত তেওঁৰ  মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

 খবৰ অনুসৰি ভোজপুৰী অভিনেতা সমৰ সিং আৰু তেওঁৰ ভাতৃ সঞ্জয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সমৰ সিঙক সামাজিক মাধ্যমত আকাংক্ষাৰ মৃত্যুৰ বাবে দোষাৰোপ কৰা হৈছে। এইটো অভিযোগ কৰা হৈছে যে আকাংক্ষাই সমৰক ভাল পাইছিল আৰু তেওঁৰ সৈতে হোৱা মতভেদৰ বাবেই  যুৱ অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক