--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোজপুৰী অভিনেত্ৰী আকাংক্ষা দুবেৰ মৃত্যুকলৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ মতে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে হত্যাৰ কোনো যোগসূত্ৰ পোৱা হোৱা নাই৷আকাংক্ষা দুবেৰ মৃতদেহ   হোটেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷   

বাৰাণসীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত সন্তোষ সিঙে এখন সংবাদমেলত কয় যে আকাংক্ষা দুবেই আত্মহত্যা কৰাৰ পূৰ্বে ইনষ্টাগ্ৰামত কান্দোনৰ ভিডিঅ’ এটা দিছিল৷ বাৰাণসীত হোটেলৰ কোঠাত আকাংক্ষাৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছিল। অভিনেত্ৰীগৰাকী এখন নতুন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে তালৈ গৈছিল। জানিব পৰা মতে  ছবিখনৰ মেকআপ শিল্পীজনে দৃশ্যগ্ৰহণৰ বাবে আকাংক্ষাক মাতিবলৈ গৈছিল। তেঁৱেই  অভিনেত্ৰীগৰাকীৰ ওলমি থকা শৰীৰটো প্ৰথমে  দেখিছিল।

 


ইফালে, ছ'চিয়েল মিডিয়াত আকাংক্ষাৰ কেইবাটাও ভিডিঅ' ভাইৰেল হৈ পৰিছে। সেইবোৰৰ এটাত ২৫  বছৰীয়া অভিনেত্ৰীগৰাকীক মুখত হাত দি কান্দি থকা দেখা গৈছে৷  দাবী কৰা হৈছে যে ভিডিঅ'টো আকাংক্ষাৰ মৃত্যুৰ আগনিশাৰ।  অভিনেত্ৰীগৰাকী এটা পাৰ্টিৰ পৰা হোটেলৰ কোঠালৈ উভতি আহি সেই ভিডিঅ’ কৰা বুলি সন্দেহ কৰা হৈছে।ইফালে, আকাংক্ষাৰ মৃত্যুৰ পিছত তেওঁৰ  মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

 খবৰ অনুসৰি ভোজপুৰী অভিনেতা সমৰ সিং আৰু তেওঁৰ ভাতৃ সঞ্জয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সমৰ সিঙক সামাজিক মাধ্যমত আকাংক্ষাৰ মৃত্যুৰ বাবে দোষাৰোপ কৰা হৈছে। এইটো অভিযোগ কৰা হৈছে যে আকাংক্ষাই সমৰক ভাল পাইছিল আৰু তেওঁৰ সৈতে হোৱা মতভেদৰ বাবেই  যুৱ অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন