--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিংবদন্তি অমিতাভ বচ্চন এগৰাকী মহাকাশ অনুৰাগীও হয়। বিগ বি অমিতাভ বচ্চনে শেহতীয়াকৈ আকাশত পাঁচটা গ্ৰহৰ পেৰেডৰ বিৰল দৃশ্য অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছিল। তেওঁ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত পাঁচটা গ্ৰহৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই গ্ৰহকেইটা আছিল বুধ, শুক্ৰ, মংগল, বৃহস্পতি, আৰু ইউৰেনাছ।

ভিডিঅ’টোত দেখা গৈছে যে এই পাঁচোটা গ্ৰহে যেন এডাল সৰলৰেখাত অৱস্থান কৰিছে। ই ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক আচৰিত কৰি তুলিছে।

অমিতাভ বচ্চনে ভিডিঅ’টোৰ কেপচনত লিখিছে 'What A Beautiful Sight...! 5 Planets Aligned Together Today... Beautiful And Rare... Hope You Witnessed It too.’ 

চাওক ভিডিঅ’


পোষ্ট কৰাৰ পিছৰে পৰা এই ইনষ্টাগ্ৰাম ভিডিঅ’টোৱে কোটি কোটি মানুহৰ কাষ চাপিছে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ৰেৰেষ্ট অৱ ৰেয়াৰ এষ্ট্ৰ’নমিকেল মমেণ্ট। আন এজন ব্যৱহাৰকাৰীয়ে ক’লে, “তেওঁ মোক টেলিস্কোপ কিনিবলৈ বাধ্য কৰাইছে... অমিতাভ জী সম্পূৰ্ণ প্ৰভাৱশালী ব্যক্তি।”

এজনে লিখিছে “অমিতাভ বচ্চন সঁচাকৈয়ে হাত দীঘল মানুহ।“ 

নাছাৰ বিজ্ঞানী বিল কুকে জনাইছিল যে ''২৮ মাৰ্চত এই গ্ৰহসমূহ দৃশ্যমান হ’ব আৰু উজ্জ্বল জোনৰ সৈতে জিলিকি থাকিব।''











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু