--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অযোধ্যালৈ গৈছিল বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানা। ৰাম মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সময়ত উপস্থিত আছিল অভিনেতাগৰাকী। কিন্তু এতিয়া খুৰানাই বেলেগ কাৰণত লাইমলাইট লাভ কৰিছে। ২০১৭ চনত ডুবাইত অনুষ্ঠিত হৈছিল এক কনচাৰ্ট। এই কনচাৰ্টত অভিনেতাগৰাকীয়ে ‘দিল দিল পাকিস্তান’ গীতটো গাইছিল। ইফালে আয়ুষ্মানক তেওঁৰ পুৰণি আৰু অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে নেটিজেনে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। খুৰানাৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত আয়ুষ্মানে কনচাৰ্টত ‘দিল দিল পাকিস্তান’ গীতটো গাই থকা দেখা গৈছে। এই গীতটোৰ জৰিয়তে পাকিস্তানক হৃদয় আৰু আত্মা বুলি কোৱাৰ বাবে অভিনেতাগৰাকীক বহুত ট্ৰ’ল কৰা হৈছে।


উল্লেখ্য যে, ২০১৭ চনত ডুবাইত অনুষ্ঠিত হৈছিল এক কনচাৰ্ট। এই কনচাৰ্টত লাইভ পৰিবেশন কৰে আলী জাফৰ আৰু আয়ুষ্মান খুৰানাই। দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে এই কনচাৰ্টৰ আয়োজন কৰা হৈছিল। ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ পৰিস্থিতি তেতিয়া বেলেগ আছিল। আলী জাফৰে দিল দিল পাকিস্তান গীতটি গাবলৈ আৰম্ভ কৰিলে আৰু আয়ুষ্মানেও তেওঁৰ লগত যোগ দিলে। আয়ুষ্মানেও চক দে ইণ্ডিয়া গান গাবলৈ আৰম্ভ কৰিলে। পাছত আলী জাফৰেও চক দে ইণ্ডিয়া গীতটো গাই যোগদান কৰে।



নেটিজেনে আয়ুষ্মান খুৰানাক বহু ট্ৰল কৰিছে। বহুত কৈছে- যি সময়ত পাকিস্তানে ভাৰতৰ সৈন্যক হত্যা কৰি আছে, আয়ুষ্মানে তেওঁলোকৰ গান গাইছে, ৰাম মন্দিৰত কান্দি বাবৰি মছজিদক সমৰ্থন কৰাসকলৰ ভিতৰত আয়ুষ্মানো আছে। এই অভিনেতাৰ চিনেমা আমি কিয় চাওঁ? এই অভিনেতাসকলৰ সততা ক’ত? পাকিস্তানৰ প্ৰশংসা কৰা এজন অভিনেতাক কিয় ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হ’ল বুলি প্ৰশ্ন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু