--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অযোধ্যালৈ গৈছিল বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানা। ৰাম মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সময়ত উপস্থিত আছিল অভিনেতাগৰাকী। কিন্তু এতিয়া খুৰানাই বেলেগ কাৰণত লাইমলাইট লাভ কৰিছে। ২০১৭ চনত ডুবাইত অনুষ্ঠিত হৈছিল এক কনচাৰ্ট। এই কনচাৰ্টত অভিনেতাগৰাকীয়ে ‘দিল দিল পাকিস্তান’ গীতটো গাইছিল। ইফালে আয়ুষ্মানক তেওঁৰ পুৰণি আৰু অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে নেটিজেনে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। খুৰানাৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত আয়ুষ্মানে কনচাৰ্টত ‘দিল দিল পাকিস্তান’ গীতটো গাই থকা দেখা গৈছে। এই গীতটোৰ জৰিয়তে পাকিস্তানক হৃদয় আৰু আত্মা বুলি কোৱাৰ বাবে অভিনেতাগৰাকীক বহুত ট্ৰ’ল কৰা হৈছে।


উল্লেখ্য যে, ২০১৭ চনত ডুবাইত অনুষ্ঠিত হৈছিল এক কনচাৰ্ট। এই কনচাৰ্টত লাইভ পৰিবেশন কৰে আলী জাফৰ আৰু আয়ুষ্মান খুৰানাই। দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে এই কনচাৰ্টৰ আয়োজন কৰা হৈছিল। ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ পৰিস্থিতি তেতিয়া বেলেগ আছিল। আলী জাফৰে দিল দিল পাকিস্তান গীতটি গাবলৈ আৰম্ভ কৰিলে আৰু আয়ুষ্মানেও তেওঁৰ লগত যোগ দিলে। আয়ুষ্মানেও চক দে ইণ্ডিয়া গান গাবলৈ আৰম্ভ কৰিলে। পাছত আলী জাফৰেও চক দে ইণ্ডিয়া গীতটো গাই যোগদান কৰে।



নেটিজেনে আয়ুষ্মান খুৰানাক বহু ট্ৰল কৰিছে। বহুত কৈছে- যি সময়ত পাকিস্তানে ভাৰতৰ সৈন্যক হত্যা কৰি আছে, আয়ুষ্মানে তেওঁলোকৰ গান গাইছে, ৰাম মন্দিৰত কান্দি বাবৰি মছজিদক সমৰ্থন কৰাসকলৰ ভিতৰত আয়ুষ্মানো আছে। এই অভিনেতাৰ চিনেমা আমি কিয় চাওঁ? এই অভিনেতাসকলৰ সততা ক’ত? পাকিস্তানৰ প্ৰশংসা কৰা এজন অভিনেতাক কিয় ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হ’ল বুলি প্ৰশ্ন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক