--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি বিখ্যাত জনপ্ৰিয় গীত "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল"।   এই গানটোৰ আঁৰত কোন আছে? বংগৰ  শিল্পী স্বপ্না চক্ৰৱৰ্তীৰ কণ্ঠত জনপ্ৰিয় হৈ পৰা এই গীতটোৰ স্ৰষ্টাক অৱশ্যে খুব কম মানুহেহে জানে।  এই জনপ্ৰিয় গাতটিৰ স্ৰষ্টা বীৰভূমৰ ৰতন কাহাৰ নামৰ লোকশিল্পীগৰাকী। অতি সাধাৰণ জীৱন-যাপন কৰা ৰতন কাহাৰ এগৰাকী তেনেই দুখীয়া লোক।

 এই গীতটোৰ হাজাৰ হাজাৰ ৰিমেক বা ৰিমিক্স হ’লেও গীতটিৰ  সৃষ্টিকৰ্তাক কোনেও যেন  মনত ৰখা নাই।  অৱশেষত ৰতন কাহাৰক স্বীকৃতি দিয়া হ'ল। তেওঁক পদ্মশ্ৰী সন্মান  প্ৰদান কৰা হৈছে।শিল্পী ৰতন কাহাৰ বীৰভূমৰ ছুৰিৰ বাসিন্দা। তেওঁৰ প্ৰথম গীতটো  ১৯৭২ চনত ৰেডিঅ'ত ৰেকৰ্ড কৰা হৈছিল।  ৰতন কাহাৰে এতিয়ালৈকে প্ৰায় ২৫০ টা গান লিখিছে। তেওঁৰ প্ৰায় সকলো বোৰ গানেই  জনপ্ৰিয় হৈ পৰিছে। কিন্তু ৰতন কাহাৰে লিখা আটাইতকৈ জনপ্ৰিয় গানবোৰৰ ভিতৰত  "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল"-গানটিয়েই অন্যতম।।

 এসময়ত এইগৰাকী শিল্পীয়ে চাউলমুঠি যোগাৰ কৰিবলৈ বিড়ি বান্ধা কাম কৰিছিল। তেনেদৰেই তেওঁ তেওঁৰ  পৰিয়ালটো চলাইছিল। এতিয়া দুই- চাৰিটা অনুষ্ঠানলৈ তেওঁক মাতে, বিনিময়ত সামান্য মাননি পায়। লগতে তেওঁ সামান্য পৰিমাণত চৰকাৰী ভাট্টাও পায়। এনে এজন ব্যক্তিয়ে সৃষ্টি কৰা গীতটোত  অভিনেত্ৰী জেকলিনে নাচিছিল। সেই সময়ত এই বুলি বিতৰ্কটো হৈছিল  যে বাদশ্বাহ আৰু চনি মিউজিক ইণ্ডিয়াই চুপাৰহিট গানটোৰ পৰা লাভৱান হৈছিল, কিন্তু সৃষ্টিকৰ্তাৰ নাম ভুলতো ক’তো উল্লেখ কৰা নাছিল।  অৱশ্যে গায়ক বাদশ্বাহে এই বিতৰ্কৰ বাবে ক্ষমা বিচাৰিছিল। আৰু ৰতন কাহাৰক লগ ধৰিছিল।  তেওঁক আৰ্থিক সহায়ো কৰিছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক