--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি বিখ্যাত জনপ্ৰিয় গীত "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল"।   এই গানটোৰ আঁৰত কোন আছে? বংগৰ  শিল্পী স্বপ্না চক্ৰৱৰ্তীৰ কণ্ঠত জনপ্ৰিয় হৈ পৰা এই গীতটোৰ স্ৰষ্টাক অৱশ্যে খুব কম মানুহেহে জানে।  এই জনপ্ৰিয় গাতটিৰ স্ৰষ্টা বীৰভূমৰ ৰতন কাহাৰ নামৰ লোকশিল্পীগৰাকী। অতি সাধাৰণ জীৱন-যাপন কৰা ৰতন কাহাৰ এগৰাকী তেনেই দুখীয়া লোক।

 এই গীতটোৰ হাজাৰ হাজাৰ ৰিমেক বা ৰিমিক্স হ’লেও গীতটিৰ  সৃষ্টিকৰ্তাক কোনেও যেন  মনত ৰখা নাই।  অৱশেষত ৰতন কাহাৰক স্বীকৃতি দিয়া হ'ল। তেওঁক পদ্মশ্ৰী সন্মান  প্ৰদান কৰা হৈছে।শিল্পী ৰতন কাহাৰ বীৰভূমৰ ছুৰিৰ বাসিন্দা। তেওঁৰ প্ৰথম গীতটো  ১৯৭২ চনত ৰেডিঅ'ত ৰেকৰ্ড কৰা হৈছিল।  ৰতন কাহাৰে এতিয়ালৈকে প্ৰায় ২৫০ টা গান লিখিছে। তেওঁৰ প্ৰায় সকলো বোৰ গানেই  জনপ্ৰিয় হৈ পৰিছে। কিন্তু ৰতন কাহাৰে লিখা আটাইতকৈ জনপ্ৰিয় গানবোৰৰ ভিতৰত  "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল"-গানটিয়েই অন্যতম।।

 এসময়ত এইগৰাকী শিল্পীয়ে চাউলমুঠি যোগাৰ কৰিবলৈ বিড়ি বান্ধা কাম কৰিছিল। তেনেদৰেই তেওঁ তেওঁৰ  পৰিয়ালটো চলাইছিল। এতিয়া দুই- চাৰিটা অনুষ্ঠানলৈ তেওঁক মাতে, বিনিময়ত সামান্য মাননি পায়। লগতে তেওঁ সামান্য পৰিমাণত চৰকাৰী ভাট্টাও পায়। এনে এজন ব্যক্তিয়ে সৃষ্টি কৰা গীতটোত  অভিনেত্ৰী জেকলিনে নাচিছিল। সেই সময়ত এই বুলি বিতৰ্কটো হৈছিল  যে বাদশ্বাহ আৰু চনি মিউজিক ইণ্ডিয়াই চুপাৰহিট গানটোৰ পৰা লাভৱান হৈছিল, কিন্তু সৃষ্টিকৰ্তাৰ নাম ভুলতো ক’তো উল্লেখ কৰা নাছিল।  অৱশ্যে গায়ক বাদশ্বাহে এই বিতৰ্কৰ বাবে ক্ষমা বিচাৰিছিল। আৰু ৰতন কাহাৰক লগ ধৰিছিল।  তেওঁক আৰ্থিক সহায়ো কৰিছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু