--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত ঘটনাটো নিশ্চিত কৰি জনাইছে যে উদ্ধাৰ আৰু তালাচী অভিযান বৰ্তমানো অব্যাহত আছে।

ডিজিটেল ডেস্ক: ভ্ৰমণৰ আনন্দ সলনি হ’ল চৰম বিষাদলৈ। ভিয়েটনামৰ ফু কুয়ক (Phu Quoc) দ্বীপৰ সমীপত শনিবাৰে ৩৬ গৰাকী ভাৰতীয় পৰ্যটক কঢ়িয়াই নিয়া এখন নাও সাগৰৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই শোকাৱহ ঘটনাৰ পিছৰে পৰা স্থানীয় প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে। ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মাজ সাগৰত সলিল সমাধি ঘটিছে। 


বৃহৎ ঢৌৰ আঘাতত ঘটিল দুৰ্ঘটনা। তেলেংগানা-অন্ধ্ৰপ্ৰদেশৰ পৰ্যটক আছিল নাওখনত। ২১জন ভাৰতীয়ক জীৱন্তে উদ্ধাৰ।


ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত ঘটনাটো নিশ্চিত কৰি জনাইছে যে উদ্ধাৰ আৰু তালাচী অভিযান বৰ্তমানো অব্যাহত আছে। ঘটনাৰ সঠিক তথ্য আৰু সামগ্ৰিক ক্ষতিৰ সবিশেষ সংগ্ৰহৰ বাবে প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ ৰখা হৈছে।


সহায়ৰ বাবে মুকলি কৰা হৈছে কণ্ট্ৰ’ল ৰুম (নিয়ন্ত্ৰণ কক্ষ)

দুৰ্ঘটনাত পতিত পৰ্যটকসকলৰ পৰিয়ালক জৰুৰী তথ্য আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ ভিয়েটনামৰ দুখন গুৰুত্বপূৰ্ণ চহৰত হেল্পলাইন নম্বৰসহ কণ্ট্ৰ’ল ৰুম সক্ৰিয় কৰা হৈছে:


১/ হো চি মিন চিটি (কনছুলেট জেনেৰেল):


+84 36 281 7930


+84 91 552 37 14


+84 33 452 0414


২/ হানয় (ভাৰতীয় দূতাবাস):


+84 91 308 9165


ভুক্তভোগী পৰিয়ালসমূহক যিকোনো ধৰণৰ তথ্য বা জৰুৰী সাহায্যৰ বাবে উপৰোক্ত নম্বৰসমূহত যোগাযোগ কৰিবলৈ দূতাবাসে অনুৰোধ জনাইছে। বৰ্তমানলৈকে উদ্ধাৰ অভিযানৰ সবিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ