--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত ঘটনাটো নিশ্চিত কৰি জনাইছে যে উদ্ধাৰ আৰু তালাচী অভিযান বৰ্তমানো অব্যাহত আছে।

ডিজিটেল ডেস্ক: ভ্ৰমণৰ আনন্দ সলনি হ’ল চৰম বিষাদলৈ। ভিয়েটনামৰ ফু কুয়ক (Phu Quoc) দ্বীপৰ সমীপত শনিবাৰে ৩৬ গৰাকী ভাৰতীয় পৰ্যটক কঢ়িয়াই নিয়া এখন নাও সাগৰৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই শোকাৱহ ঘটনাৰ পিছৰে পৰা স্থানীয় প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে। ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মাজ সাগৰত সলিল সমাধি ঘটিছে। 


বৃহৎ ঢৌৰ আঘাতত ঘটিল দুৰ্ঘটনা। তেলেংগানা-অন্ধ্ৰপ্ৰদেশৰ পৰ্যটক আছিল নাওখনত। ২১জন ভাৰতীয়ক জীৱন্তে উদ্ধাৰ।


ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত ঘটনাটো নিশ্চিত কৰি জনাইছে যে উদ্ধাৰ আৰু তালাচী অভিযান বৰ্তমানো অব্যাহত আছে। ঘটনাৰ সঠিক তথ্য আৰু সামগ্ৰিক ক্ষতিৰ সবিশেষ সংগ্ৰহৰ বাবে প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ ৰখা হৈছে।


সহায়ৰ বাবে মুকলি কৰা হৈছে কণ্ট্ৰ’ল ৰুম (নিয়ন্ত্ৰণ কক্ষ)

দুৰ্ঘটনাত পতিত পৰ্যটকসকলৰ পৰিয়ালক জৰুৰী তথ্য আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ ভিয়েটনামৰ দুখন গুৰুত্বপূৰ্ণ চহৰত হেল্পলাইন নম্বৰসহ কণ্ট্ৰ’ল ৰুম সক্ৰিয় কৰা হৈছে:


১/ হো চি মিন চিটি (কনছুলেট জেনেৰেল):


+84 36 281 7930


+84 91 552 37 14


+84 33 452 0414


২/ হানয় (ভাৰতীয় দূতাবাস):


+84 91 308 9165


ভুক্তভোগী পৰিয়ালসমূহক যিকোনো ধৰণৰ তথ্য বা জৰুৰী সাহায্যৰ বাবে উপৰোক্ত নম্বৰসমূহত যোগাযোগ কৰিবলৈ দূতাবাসে অনুৰোধ জনাইছে। বৰ্তমানলৈকে উদ্ধাৰ অভিযানৰ সবিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু