--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সুস্থ হৈ থাকিবলৈ হ’লে নিশা কমেও ৭-৮ ঘণ্টা শুব লাগে।

ডিজিটেল ডেস্কঃ অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়, এই লক্ষণসমূহ ৩৪% লোকৰ ক্ষেত্ৰত দেখা যায়। কোৱা হয় যে সুস্থ হৈ থাকিবলৈ হ’লে নিশা কমেও ৭-৮ ঘণ্টা শুব লাগে। 


যদি আপুনি ৭-৮ ঘণ্টাৰ গভীৰ টোপনি লাভ কৰাত ব্যৰ্থ হয়, তেন্তে বহুতো ৰোগে আপোনাক আগুৰি ধৰিব পাৰে। শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে টাইপ ২ ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত নিয়মীয়া টোপনি ফলপ্ৰসূ।


আমেৰিকান গৱেষকসকলৰ মতে, নিয়মিতভাৱে শোৱা লোকসকলতকৈ অনিয়মিত টোপনি থকা লোকসকলৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি বুলি ধৰা পৰিছে। বষ্টনৰ ব্রিগম এণ্ড উইমেনছ হস্পিতালৰ গৱেষকসকলৰ নেতৃত্বত চলা এই অধ্যয়নত সাত ৰাতিৰ টোপনিৰ ধৰণ চাই তাৰ পাছত অধ্যয়নত জড়িত লোকসকলৰ টোপনিৰ ধৰণ সাত বছৰতকৈ অধিক সময় অনুসৰণ কৰা হৈছিল৷


গৱেষকসকলে এই কথা প্ৰকাশ কৰিছে যে অনিয়মিত টোপনিৰ ফলত মানুহৰ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকলৰ টোপনিৰ ধৰণ বেছি অনিয়মিত আছিল তেওঁলোকৰ ডায়েবেটিছৰ সম্ভাৱনা বাকীসকলতকৈ ৩৪% বেছি।


মানুহৰ নিয়মীয়া টোপনিৰ ধৰণ হ’ল এনেকুৱা য’ত আপোনাৰ টোপনি আৰু সাৰ পোৱাৰ সময় প্ৰতিদিনে একেই থাকে। অধ্যয়নটোত দেখা গৈছে যে যদি মানুহৰ টোপনিৰ নিয়ম নিয়মীয়া হয়, তেন্তে তেওঁলোকৰ টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা অতি কম।


বিশ্বৰ প্ৰায় ডেৰ বিলিয়ন লোক টাইপ ২ ডায়েবেটিছত আক্ৰান্ত। এই ৰোগ মৃত্যু আৰু অক্ষমতাৰ শীৰ্ষ ১০ টা প্ৰধান কাৰণৰ ভিতৰত অন্যতম। ২০৫০ চনৰ ভিতৰত টাইপ-২ ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই ১.৩ বিলিয়ন হ’ব বুলি আশা কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ