--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে এক অধ্যয়নত বিচাৰি উলিয়াইছে যে এজন ব্যক্তিয়ে জানি-বুজি নিজৰ মনৰ পৰা কিছুমান কথা মচি পেলাব পাৰে।

ডিজিটেল ডেস্কঃ মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলাব পাৰে! এক গৱেষণাত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে এক অধ্যয়নত বিচাৰি উলিয়াইছে যে এজন ব্যক্তিয়ে জানি-বুজি নিজৰ মনৰ পৰা কিছুমান কথা মচি পেলাব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো ৱৰ্কিং মেম’ৰীত সংঘটিত হয়। অৰ্থাৎ আমি কিবা এটা কম সময়ৰ বাবে মনত ৰখাৰ বাবে ব্যৱহাৰ কৰা স্মৃতি।


মগজুৱে কেনেকৈ কাম কৰে?


কিবা এটা পাহৰিবলৈ চেষ্টা কৰিলে মগজুৱে সেই বস্তুটোৰ লগত জড়িত সকলো তথ্য দমন কৰি পেলায়। সহজ ভাষাত বুজিবলৈ হ’লে কম্পিউটাৰৰ ফাইল এটা মচি পেলোৱাৰ দৰেই হয়। সেই স্মৃতি সম্পূৰ্ণৰূপে নাইকিয়া নহয়, কিন্তু সেই স্মৃতিয়ে আপোনাৰ জীৱনত একো প্ৰভাৱ নেপেলোৱাৰ নিচিনা হৈ পৰে।


অধ্যয়নত কি কৰা হৈছিল?


বিজ্ঞানীসকলে ৩০ জন লোকক কিছু কথা মনত ৰাখিবলৈ আৰু তাৰ পিছত পাহৰি যাবলৈ কয়। ইয়াৰ পিছত তেওঁলোকৰ সকলোৰে মগজুৰ কাৰ্য্যকলাপ লিপিবদ্ধ কৰা হৈছিল। মগজুৱে কেনেদৰে কাম কৰি আছে চাবলৈ ই ই জি নামৰ কৌশলেৰে এই কথা জুখিছিল। তেওঁলোকে দেখিলে যে মানুহে যেতিয়া কিবা এটা পাহৰিবলৈ চেষ্টা কৰে তেতিয়া মগজুটো তাৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থাকে।


গৱেষণাটো কিয় গুৰুত্বপূৰ্ণ?


মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এই গৱেষণা অতি গুৰুত্বপূৰ্ণ। মগজুৱে বেয়া স্মৃতি আঁতৰায়, মাথোঁ তাৰবাবে মানুহৰ ধৈৰ্যৰ প্ৰয়োজন। এই কথা বুজি পালেই আপুনি হতাশা, উদ্বেগ আৰু বেয়া চিন্তাৰ সৈতে মোকাবিলা কৰাৰ সাহস বিচাৰি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ