--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইস্কনৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰক লৈ বাংলাদেশত সৃষ্টি হৈছে উত্তপ্ত পৰিৱেশৰ। বুধবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত ইস্কনক নিষিদ্ধ কৰাৰ দাবী জনোৱাৰ বিপৰীতে জামাতৰ কৰ্মীসকলে এতিয়া ইস্কনৰ বিৰুদ্ধে ভাবুকি ভাবুকি প্ৰদান কৰিছে।বাংলাদেশৰ সোণালী মাৰ্কেটতস্থিত ইস্কন মন্দিৰ ২৪ ঘন্টাৰ ভিতৰত বন্ধ কৰাৰ ভাবুকি দিছে জামাতৰ কৰ্মীসকলে৷ ইয়াৰ পূৰ্বে মন্দিৰৰ এখন বৰ্ডো আঁতৰাই পেলাইছিল  জামাতৰ কৰ্মীসকলে

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছৰ পৰাই হিন্দুসকলৰ ওপৰত হিংসা বাঢ়ি অহা বুলি বাতৰি প্ৰকাশ হৈ আহিছে। ইস্কনৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসে হিন্দুসকলৰ অধিকাৰৰ বাবে দাবী জনাই আহিছে আৰু অক্টোবৰৰ অন্তিম সপ্তাহত চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। 

২৫ নৱেম্বৰত দেশদ্ৰোহৰ অভিযোগত বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা পাছৰ পৰা তেওঁৰ সমৰ্থক তথা হিন্দু ধাৰ্মীয় লোকসকল ক্ষুব্ধ হৈ পৰে। বাংলাদেশ আদালতে চিন্ময় দাসক জামিন নাকচ কৰাৰ পিছতে তেওঁৰ সমৰ্থকসকল ক্ষুব্ধ হৈ হিংসাত্মক প্ৰতিবাদ কৰে এই প্ৰতিবাদৰ সময়ত এজন চৰকাৰী অধিবক্তা নিহত হয় বুলি জানিব পৰা গৈছে।

অধিবক্তা ছাইফুল ইছলামৰ মৃত্যুৰ পাছতে পৰিস্থিতি অন্যফালে গতি কৰে৷ বাংলাদেশৰ মৌলবাদী সংগঠন জামাত-ই-ইছলামীয়ে চিন্ময় কৃষ্ণ দাসৰ বিৰোদ্ধে গোচৰ চলাবালৈ হেঁচা প্ৰয়োগ কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ কিছুদিন পূৰ্বে মৌলবাদী সংগঠনটোৱে ইউনুছ চৰকাৰক ইস্কনক নিষিদ্ধ কৰিবলৈও দাবী জনাইছিল।

উল্লেখযোগ্য যে বাংলাদেশত ইস্কনৰ ৬৫টা মন্দিৰ আৰু অনুগামীৰ সংখ্যা ৫০ হাজাৰৰো অধিক। ঢাকাত ১৩টা ইস্কন মন্দিৰ থকাৰ বিপৰীতে চিটাগংত ১৪টা, চিলেটত ৯টা, খুলনাত ৮টা আৰু ৰংপুৰত ৭টা ইস্কন মন্দিৰ আছে। জামাতৰ কৰ্মীসকলে ইস্কন এই মন্দিৰসমূহ বন্ধ কৰাৰ সতৰ্কবাণী প্ৰদান কৰাৰ বিপৰীতে ইস্কনৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক নিষিদ্ধ কৰাৰ দাবীত দাখিল কৰা আবেদন সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব। জামাতৰ হেঁচাত অসহায় হৈ পৰা বাংলাদেশৰ ইউনুছ চৰকাৰে আদালতত ইস্কনকো মৌলবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। এই অভিযোগ সন্দৰ্ভত বাংলাদেশ আদালতে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক