--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইস্কনৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰক লৈ বাংলাদেশত সৃষ্টি হৈছে উত্তপ্ত পৰিৱেশৰ। বুধবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত ইস্কনক নিষিদ্ধ কৰাৰ দাবী জনোৱাৰ বিপৰীতে জামাতৰ কৰ্মীসকলে এতিয়া ইস্কনৰ বিৰুদ্ধে ভাবুকি ভাবুকি প্ৰদান কৰিছে।বাংলাদেশৰ সোণালী মাৰ্কেটতস্থিত ইস্কন মন্দিৰ ২৪ ঘন্টাৰ ভিতৰত বন্ধ কৰাৰ ভাবুকি দিছে জামাতৰ কৰ্মীসকলে৷ ইয়াৰ পূৰ্বে মন্দিৰৰ এখন বৰ্ডো আঁতৰাই পেলাইছিল  জামাতৰ কৰ্মীসকলে

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছৰ পৰাই হিন্দুসকলৰ ওপৰত হিংসা বাঢ়ি অহা বুলি বাতৰি প্ৰকাশ হৈ আহিছে। ইস্কনৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসে হিন্দুসকলৰ অধিকাৰৰ বাবে দাবী জনাই আহিছে আৰু অক্টোবৰৰ অন্তিম সপ্তাহত চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। 

২৫ নৱেম্বৰত দেশদ্ৰোহৰ অভিযোগত বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা পাছৰ পৰা তেওঁৰ সমৰ্থক তথা হিন্দু ধাৰ্মীয় লোকসকল ক্ষুব্ধ হৈ পৰে। বাংলাদেশ আদালতে চিন্ময় দাসক জামিন নাকচ কৰাৰ পিছতে তেওঁৰ সমৰ্থকসকল ক্ষুব্ধ হৈ হিংসাত্মক প্ৰতিবাদ কৰে এই প্ৰতিবাদৰ সময়ত এজন চৰকাৰী অধিবক্তা নিহত হয় বুলি জানিব পৰা গৈছে।

অধিবক্তা ছাইফুল ইছলামৰ মৃত্যুৰ পাছতে পৰিস্থিতি অন্যফালে গতি কৰে৷ বাংলাদেশৰ মৌলবাদী সংগঠন জামাত-ই-ইছলামীয়ে চিন্ময় কৃষ্ণ দাসৰ বিৰোদ্ধে গোচৰ চলাবালৈ হেঁচা প্ৰয়োগ কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ কিছুদিন পূৰ্বে মৌলবাদী সংগঠনটোৱে ইউনুছ চৰকাৰক ইস্কনক নিষিদ্ধ কৰিবলৈও দাবী জনাইছিল।

উল্লেখযোগ্য যে বাংলাদেশত ইস্কনৰ ৬৫টা মন্দিৰ আৰু অনুগামীৰ সংখ্যা ৫০ হাজাৰৰো অধিক। ঢাকাত ১৩টা ইস্কন মন্দিৰ থকাৰ বিপৰীতে চিটাগংত ১৪টা, চিলেটত ৯টা, খুলনাত ৮টা আৰু ৰংপুৰত ৭টা ইস্কন মন্দিৰ আছে। জামাতৰ কৰ্মীসকলে ইস্কন এই মন্দিৰসমূহ বন্ধ কৰাৰ সতৰ্কবাণী প্ৰদান কৰাৰ বিপৰীতে ইস্কনৰ ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক নিষিদ্ধ কৰাৰ দাবীত দাখিল কৰা আবেদন সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব। জামাতৰ হেঁচাত অসহায় হৈ পৰা বাংলাদেশৰ ইউনুছ চৰকাৰে আদালতত ইস্কনকো মৌলবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। এই অভিযোগ সন্দৰ্ভত বাংলাদেশ আদালতে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ