--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৪ অক্টোবৰত কানাডা চৰকাৰে ভাৰত চৰকাৰৰ এজেণ্টে কানাডাত অপৰাধমূলক কৰ্য সংঘটিত কৰি জনসুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ এই ক্ষেত্ৰত ভৰতৰ গৃহমন্ত্ৰী অমিতশ্বাহ জড়িত থকা বুলিও দাবী কৰিছিল কানাডাৰ চৰকাৰী সূত্ৰই৷ শেহতীয়া কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল কানাডাই। কানাডাৰ এটা সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰী মোদীয়ে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাৰ বিষয়ে জ্ঞাত আছিল বুলিও দাবী কৰিছিল। 

এই ক্ষেত্ৰত কানাডা চৰকাৰে সলনি কৰিছে নিজৰ বিবৃতি৷ শেহতীয়া বিবৃতি অনুসৰি কানাডা চৰকাৰে নিজ্জাৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ কোনো ভূমিকা নাই বুলি সদৰি কৰিছে। ইয়াৰ সমান্তৰালভাৱে কানাডাই ‘দ্য গ্ল’ব এণ্ড মেইল’ৰ দাবী নাকচ কৰিছে, য’ত ভাৰতৰ শীৰ্ষ নেতৃত্বই নিজ্জাৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি দাবী উত্থাপন কৰিছিল। 

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কানাডাৰ কাকতখনৰ এই বাতৰি অস্বীকাৰ কৰাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাৰ সংবাদ মাধ্যমে ভাৰতৰ বিৰুদ্ধে মানহানি অভিযান চলাই থকাৰ অভিযোগ উত্থাপন কৰে৷ 

কানাডা চৰকাৰৰ হাতত নিজ্জাৰ হত্যাকাণ্ড সম্পৰ্কত ভাৰতৰ বিৰুদ্ধে কোনো প্ৰমাণ তথা সাক্ষ্য নথকাত কানাই নিজৰ সুৰ হ’লাবলৈ বাধ্য হয়৷ আৰু কানাডা চৰকাৰে স্পষ্টিকৰণ দিয়ে যে প্ৰমাণ অবিহনে চোৰাংচোৱাৰ ভিত্তিতহে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। সেই সময়ত কানাডা চৰকাৰ হাতত কেৱল চোৰাংচোৱা তথ্যৰ বাহিৰে কোনো সুনিৰ্দিষ্ট প্ৰমাণ নথকাৰ বাবে কানাডা চৰকাৰে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহক অধিক তদন্ত কৰাৰ লগতে কানাডাৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাছিল।

উল্লেখ যোগ্য যে ২০২৩ৰ ১৮ জুনত কানাডাৰ ছাৰেত হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল।ইতিমধ্যে এই গোচৰত কানাডাৰ সকলো অভিযোগ ভাৰতে নাকচ কৰিছে। কিছুদিনৰ পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰে যে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা কানাডা চৰকাৰে ভাৰতৰ সৈতে কোনো তথ্য প্ৰদান কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক