--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৪ অক্টোবৰত কানাডা চৰকাৰে ভাৰত চৰকাৰৰ এজেণ্টে কানাডাত অপৰাধমূলক কৰ্য সংঘটিত কৰি জনসুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ এই ক্ষেত্ৰত ভৰতৰ গৃহমন্ত্ৰী অমিতশ্বাহ জড়িত থকা বুলিও দাবী কৰিছিল কানাডাৰ চৰকাৰী সূত্ৰই৷ শেহতীয়া কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল কানাডাই। কানাডাৰ এটা সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰী মোদীয়ে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাৰ বিষয়ে জ্ঞাত আছিল বুলিও দাবী কৰিছিল। 

এই ক্ষেত্ৰত কানাডা চৰকাৰে সলনি কৰিছে নিজৰ বিবৃতি৷ শেহতীয়া বিবৃতি অনুসৰি কানাডা চৰকাৰে নিজ্জাৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ কোনো ভূমিকা নাই বুলি সদৰি কৰিছে। ইয়াৰ সমান্তৰালভাৱে কানাডাই ‘দ্য গ্ল’ব এণ্ড মেইল’ৰ দাবী নাকচ কৰিছে, য’ত ভাৰতৰ শীৰ্ষ নেতৃত্বই নিজ্জাৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি দাবী উত্থাপন কৰিছিল। 

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কানাডাৰ কাকতখনৰ এই বাতৰি অস্বীকাৰ কৰাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাৰ সংবাদ মাধ্যমে ভাৰতৰ বিৰুদ্ধে মানহানি অভিযান চলাই থকাৰ অভিযোগ উত্থাপন কৰে৷ 

কানাডা চৰকাৰৰ হাতত নিজ্জাৰ হত্যাকাণ্ড সম্পৰ্কত ভাৰতৰ বিৰুদ্ধে কোনো প্ৰমাণ তথা সাক্ষ্য নথকাত কানাই নিজৰ সুৰ হ’লাবলৈ বাধ্য হয়৷ আৰু কানাডা চৰকাৰে স্পষ্টিকৰণ দিয়ে যে প্ৰমাণ অবিহনে চোৰাংচোৱাৰ ভিত্তিতহে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। সেই সময়ত কানাডা চৰকাৰ হাতত কেৱল চোৰাংচোৱা তথ্যৰ বাহিৰে কোনো সুনিৰ্দিষ্ট প্ৰমাণ নথকাৰ বাবে কানাডা চৰকাৰে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহক অধিক তদন্ত কৰাৰ লগতে কানাডাৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাছিল।

উল্লেখ যোগ্য যে ২০২৩ৰ ১৮ জুনত কানাডাৰ ছাৰেত হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল।ইতিমধ্যে এই গোচৰত কানাডাৰ সকলো অভিযোগ ভাৰতে নাকচ কৰিছে। কিছুদিনৰ পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰে যে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা কানাডা চৰকাৰে ভাৰতৰ সৈতে কোনো তথ্য প্ৰদান কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ