--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত অপেনিং কৰিছিল। এদিনীয়া খেলো খেলিছিল। কিন্তু পুনৰ ক্ৰিকেট খেলপথাৰলৈ উভতি আহিছে অৱসৰপ্ৰাপ্ত জো বাৰ্নছ। এইবাৰ তেওঁ ইটালীৰ হৈ খেলিব। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁৰ ভাতৃৰ মৃত্যু হয়। বাৰ্ণছে নিজৰ ভাতৃক শ্ৰদ্ধাঞ্জলি জনাই ইটালীৰ হৈ খেলাৰ সিদ্ধান্ত লয়।

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ কোৱালিফায়াৰত ইটালীৰ হৈ খেলিব বাৰ্নছে। ইয়াৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়াৰ হৈ ২৩খন টেষ্ট আৰু ৬খন এদিনীয়া খেলিছিল। ২০২০ চনৰ পিছত তেওঁক অষ্ট্ৰেলিয়াৰ হৈ খেলা দেখা পোৱা নগ’ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১৫৮৮ ৰান সংগ্ৰহ কৰে। বাৰ্ণছে চাৰিটা শতকো সংগ্ৰহ কৰে। এইবাৰ ইটালীৰ হৈ খেলিব।

অষ্ট্ৰেলিয়াৰ হৈ খেলা সত্ত্বেও বাৰ্নছৰ পূৰ্বপুৰুষ ইটালীত বাস কৰিছিল। তাৰ পৰা তেওঁলোক অষ্ট্ৰেলিয়ালৈ গ’ল। বাৰ্নছে নিজৰ পুৰণি দেশৰ হৈ খেলিব। ৮৫ নম্বৰৰ জাৰ্চি পিন্ধিব। বাৰ্নছৰ ভায়েকে আগতে সেই জাৰ্চি নম্বৰটো পিন্ধিছিল। তেওঁ কয়, ‘ইটালীৰ হৈ খেলিবলৈ পাই মই গৌৰৱান্বিত। ৰোমৰ পৰা গাব্বা বহু দূৰত। কিন্তু ঘৰলৈ উভতি অহা যেন লাগে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ