--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায়সংখ্যক মানুহেই ৰাজহুৱা স্থানত অধোবায়ু ত্যাগ কৰিবলৈ সংকোচ কৰে বা আন কোনোৱে তেনে কৰিলেও অস্বস্তি বোধ কৰে। কিন্তু আশ্চৰ্যজনকভাৱে এগৰাকী মহিলাই প্ৰকাশ কৰিছে কেনেদৰে তেওঁ কেমেৰাত আৱদ্ধ কৰা অধোবায়ু বা পাদৰ ভিডিঅ' পোষ্ট কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। লাশ্ব ব'টানিষ্ট নামৰ মহিলাগৰাকীয়ে জনায় যে, কোনোবাই তেওঁক অনলাইন পাদিবলৈ কোৱাৰ পাছৰ পৰাই তেওঁ পাদৰ ভিডিঅ' বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল।

স্ব-ঘোষিত 'ইণ্টাৰনেটৰ পাদ ৰাণী'গৰাকীয়ে 'চেনেল ৪'ক কয়, 'মই এই ব্যৱসায়টো তিনি বছৰ ধৰি কৰি আছোঁ। মই বাৰে বাৰে অনুৰোধ পাই থাকিলোঁ… মই ভাবিলোঁ, মানুহে মোক পইছা দিব আৰু মই এইটো কৰিবলৈ গৈ আছোঁ।' লাশ্বে লগতে জনায় যে, তেওঁ উন্নত মানৰ পাদ লাভ কৰিবলৈ খাদ্যাভ্যাসো সলনি কৰি লৈছিল। প্ৰতিটো অধোবায়ুৰ বাবে তেওঁ ১৭৫ ডলাৰলৈ দাবী কৰিব পাৰে।

এদিনত তেওঁ সৰ্বাধিক উপাৰ্জন কৰা ধনৰাশিৰ পৰিমাণ প্ৰায় ৪,০০০ ডলাৰ। এতিয়ালৈ লাশ্বে ২৫,০০০ ডলাৰতকৈ অধিক ধন উপাৰ্জন কৰিছে যাৰ ভাৰতীয় মূল্য প্ৰায় ১৮.৫ লাখ টকা। ভাল শব্দ ওলাবলৈ তেওঁ মাইক্ৰ'ফোনৰ আগত অধোবায়ু এৰে। পাদবোৰ বিভিন্ন টেমাত আৱদ্ধ কৰি গ্ৰাহকলৈ পঠিয়াই লাশ্বে এই ব্যৱসায়টো আৰু এখোপ বঢ়াইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?