--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে জো বাইডেনৰ অন্তৰ। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত অশান্তজৰ্জৰ কাবুল বিমানবন্দৰৰ পৰা স্থানান্তৰৰ সময়ত হোৱা বিস্ফোৰণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৩ জন সৈনিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে। বন্ধ চকু আৰু কঁম্পিত কণ্ঠস্বৰৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁ। সংবাদ মাধ্যমৰ সন্মুখত নিহত সৈনিক সকলৰ বিষয়ে ক'বলৈ যাওঁতে আৱেগিক হৈ পৰে বাইডেন।

উল্লেখ্য যে, এই ঘটনাটো তেওঁৰ কাৰ্যকালৰ এক গুৰুতৰ আঘাত হিচাপে বিবেচিত হোৱাৰ শংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে। হোৱাইট হাউছৰ সাংবাদিকসকলক সম্বোধন কৰি আত্মঘাতী আক্ৰমণৰ বলি হোৱা আমেৰিকান সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ সদৰী কৰে যে, ‘কাবুলৰ পৰা অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ অভিযান ৩১ আগষ্টলৈকে অব্যাহত থাকিব। আমি সন্ত্ৰাসবাদীসকলক ভয় নকৰোঁ আৰু আমি তেওঁলোকক আমাৰ অভিযান বন্ধ কৰিবলৈ নিদিওঁ। এই অভিযান অব্যাহত থাকিব।’ আনহাতে, আক্ৰমণত জড়িত লোকক কঠোৰ শাস্তি প্ৰদানৰো অংগীকাৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?