--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : একাধিক ইউৰোপীয় দেশে কাবুল বিমানবন্দৰত আক্ৰমণ সংঘটিত হোৱাৰ আশংকা প্ৰকাশৰ এদিনৰ পাছতে ভয়ংকৰ আক্ৰমণ সংঘটিত হ’ল। আত্মঘাতী বোমাৰুৱে ৰক্তাক্ত আক্ৰমণ সংঘটিত কৰিলে বিমানবন্দৰটোৰ বাহিৰত। ইছলামিক ষ্টেটৰ আত্মঘাতী বোমাৰুৱে সংঘটিত কৰা এই আক্ৰমণত ৮৫জনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৩জনকৈ মাৰ্কিন সেনাৰ জোৱানো আছে। তালিবানে শাসন দখল কৰাৰ পাছত আফগানিস্তানত সংঘটিত হোৱা এয়া আটাইতকৈ ভয়ংকৰ আক্ৰমণ বুলি চিহ্নিত হৈছে।

বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বিমানবন্দৰৰ বাহিৰত দুটাকৈ ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ লগতে গুলীবৰ্ষণো কৰে সন্ত্ৰাসবাদীৰ দলে। এই ভয়ংকৰ আক্ৰমণ সংঘটিত হোৱাৰ পাছত প্ৰচাৰ হোৱা ভিডিএঅ’ত দেখা গৈছে লোমহৰ্ষক দৃশ্য। বিমানবন্দৰটোৰ বাহিৰত মৃতদেহ সিচৰতি হৈ পৰি থকা দেখা গৈছে। তালিবানৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই প্ৰকাশ কৰে যে, এই আক্ৰমণত ২৮ জনৰো অধিক তালিবানৰ সদস্যৰো মৃত্যু হৈছে।

আনহাতে, মাৰ্কিন প্ৰশাসনে সন্ত্ৰাসজৰ্জৰ দেশখনত কৰ্তব্যৰত ১৩জনকৈ সেনা জোৱানৰ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, তালিবানৰ শত্ৰু হিচাপে চিহ্নিত আইএছ সন্ত্ৰাসবাদীয়ে মাৰ্কিন সেনা আৰু তেওঁলোকৰ সহযোগীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। উদ্বেগজনক কথাটো হৈছে যে দেশখনত এনে অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে চোৰাচোৱাই। ৰকেট আক্ৰমণৰ লগতে বাহনত বোমা সংস্থাপন কৰি সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলোৱাৰ আশংকাও ব্যক্ত কৰা হৈছে। তালিবানৰ আগ্ৰাসনে অস্থিৰ কৰি ৰখা দেশখনত আইএছ সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ ৰূপ প্ৰকট হোৱাৰ লগে লগে দেশখনৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠাৰ আশংকাই দেখা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?