--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ এগৰাকী টিভি মেকানিকৰ কন্যাই কৰা চমৎকাৰ কামে আন বহু যুৱতীক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে। মিৰ্জাপুৰৰ কন্যা ছানিয়া মিৰ্জাই এনডিএ পৰীক্ষাত উত্তীৰ্ণ হৈছে, ইয়াৰ লগতে দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট হোৱাৰ গৌৰৱ লাভ কৰিছে।

সপোনত জীৱন থকা সকলেহে গন্তব্য স্থানত উপনীত হয়।  মিৰ্জাৰ অতি সাধাৰণ পৰিয়ালৰ পৰা অহা ছানিয়া মিৰ্জাই। বৰ্তমান যুগত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ধাপে ধাপে অৰিহণা যোগাইছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ কন্যাই কৰা এক চমৎকাৰ কামে আন ছোৱালীকো আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব।

মিৰ্জাপুৰ জিলাত বাস কৰা এগৰাকী টিভি মেকানিকৰ কন্যা ছানিয়া মিৰ্জাই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ লগে লগে তেওঁ নিজৰ নামত এনে এক অভিলেখ পঞ্জীয়ন কৰিছে, যিটো কোনেও ভংগ কৰাটো সম্ভৱ নহ’ব। মহিলাৰ বাবে সংৰক্ষিত ১৯খন আসনৰ ভিতৰত ছানিয়াই এনডিএ পৰীক্ষাত দ্বিতীয় স্থান দখল কৰে। এতিয়া পুনেৰ এনডিএ একাডেমীত হ’ব ছানিয়াৰ প্ৰশিক্ষণ। প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলটৰ খিতাপও লাভ কৰিব ছানিয়াই।

ছানিয়া মিৰ্জাপুৰৰ কোতৱালিৰ জাসোৱৰৰ বাসিন্দা, প্ৰাথমিক শিক্ষা গাঁৱৰ স্কুলৰ পৰাই কৰিছিল। ছানিয়াই দ্বাদশ শ্ৰেণীত জিলাখনৰ শীৰ্ষ স্থান দখল কৰিছিল। ছানিয়াৰ সৰুৰে পৰা এটা সপোন আছিল যে তেওঁ এয়াৰফৰ্চত যোগদান কৰি যুঁজাৰু বিমানৰ পাইলট হ’ব। দ্বাদশ মানৰ পিছত ছানিয়াই ইয়াৰ বাবে কোচিং লৈছিল আৰু কঠোৰ পৰিশ্ৰমৰ বাবে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল। কন্যাৰ এই উৰণত বৰ সুখী ছানিয়াৰ পিতৃ শ্বাহিদ আলী। পৰিয়াললৈ নামি আহিছে যেন সুখৰ বসন্ত।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু