--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ এগৰাকী টিভি মেকানিকৰ কন্যাই কৰা চমৎকাৰ কামে আন বহু যুৱতীক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে। মিৰ্জাপুৰৰ কন্যা ছানিয়া মিৰ্জাই এনডিএ পৰীক্ষাত উত্তীৰ্ণ হৈছে, ইয়াৰ লগতে দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু পাইলট হোৱাৰ গৌৰৱ লাভ কৰিছে।

সপোনত জীৱন থকা সকলেহে গন্তব্য স্থানত উপনীত হয়।  মিৰ্জাৰ অতি সাধাৰণ পৰিয়ালৰ পৰা অহা ছানিয়া মিৰ্জাই। বৰ্তমান যুগত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ধাপে ধাপে অৰিহণা যোগাইছে। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ কন্যাই কৰা এক চমৎকাৰ কামে আন ছোৱালীকো আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব।

মিৰ্জাপুৰ জিলাত বাস কৰা এগৰাকী টিভি মেকানিকৰ কন্যা ছানিয়া মিৰ্জাই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ লগে লগে তেওঁ নিজৰ নামত এনে এক অভিলেখ পঞ্জীয়ন কৰিছে, যিটো কোনেও ভংগ কৰাটো সম্ভৱ নহ’ব। মহিলাৰ বাবে সংৰক্ষিত ১৯খন আসনৰ ভিতৰত ছানিয়াই এনডিএ পৰীক্ষাত দ্বিতীয় স্থান দখল কৰে। এতিয়া পুনেৰ এনডিএ একাডেমীত হ’ব ছানিয়াৰ প্ৰশিক্ষণ। প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলটৰ খিতাপও লাভ কৰিব ছানিয়াই।

ছানিয়া মিৰ্জাপুৰৰ কোতৱালিৰ জাসোৱৰৰ বাসিন্দা, প্ৰাথমিক শিক্ষা গাঁৱৰ স্কুলৰ পৰাই কৰিছিল। ছানিয়াই দ্বাদশ শ্ৰেণীত জিলাখনৰ শীৰ্ষ স্থান দখল কৰিছিল। ছানিয়াৰ সৰুৰে পৰা এটা সপোন আছিল যে তেওঁ এয়াৰফৰ্চত যোগদান কৰি যুঁজাৰু বিমানৰ পাইলট হ’ব। দ্বাদশ মানৰ পিছত ছানিয়াই ইয়াৰ বাবে কোচিং লৈছিল আৰু কঠোৰ পৰিশ্ৰমৰ বাবে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল। কন্যাৰ এই উৰণত বৰ সুখী ছানিয়াৰ পিতৃ শ্বাহিদ আলী। পৰিয়াললৈ নামি আহিছে যেন সুখৰ বসন্ত।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক