--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''“Smoke weed every day”! প্ৰতিদিনে গাঞ্জা সেৱন কৰক! সোমবাৰে আবেলি মুম্বাইৰ পথৰ দাঁতিত থকা এখন ডিচপ্লে’ বৰ্ডত এই বাৰ্তা দেখা পোৱা গ’ল। তাৰপাছতে লাগে হৈ-চৈ।

দৈনিক পথচাৰীসকলে ডিচপ্লে’ ব’ৰ্ডত এলইডি লাইটেৰে জ্বিলিকি থকা এই বিতৰ্কিত বাৰ্তাটো দেখি হতভম্ব হৈ পৰে। মুম্বাইৰ হাজি আলিৰ পৰা ৱৰ্লীলৈ যোৱা পথত এই কাণ্ড সংঘটিত হয়। 

সমগ্ৰ কাণ্ডটোৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰে। তাৰপাছতে তৎপৰ হৈ পৰে আৰক্ষী। জনা গ’ল যে ডিচপ্লে’ ব’ৰ্ডৰ কাৰিকৰী বিজুতিৰ বাবে এই ভুল বাৰ্তাটো জ্বিলিকি উঠে। লগে লগে ডিচপ্লে’ ব’ৰ্ডখন নুমোৱাই দিয়া হয়। 

আৰক্ষীয়ে জনোৱামতে, লাৰছেন এণ্ড টাৰ্ব নামৰ এটা সংস্থাই এই এলইডি ডিচপ্লে’ ব’ৰ্ডখন পৰিচালনা কৰে। সংস্থাটোৱে আৰক্ষীক জনায় যে কাৰিকৰী বিজুতিৰ বাবেই এই কাণ্ড সংঘটিত হৈছে।

উল্লেখ্য যে গাঞ্জা ভাৰতত এবিধ অবৈধ নিচা। নাৰ্ক’টিকছ ড্ৰাগছ এণ্ড চাইক’ট্ৰ’পিক চাবষ্টেন্সেছ এক্ট ১৯৮৫ৰ অধীনত ভাৰতত গাঞ্জা নিষিদ্ধ হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক