--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷ ‘নাৰী শক্তি বন্দন অধিনিয়ম' লোকসভাই সংখ্যাগৰিষ্ঠ ভোটৰ সৈতে গৃহীত কৰিছে। গৃহীতকৰণৰ বাবে হোৱা ভোটগ্ৰহণৰ পাছত বিধেয়কখনে সপক্ষে ৪৫৪টা আৰু বিপক্ষে ২টা ভোট লাভ কৰে৷ বিধেয়কখন লোকসভাত গৃহীত হ'বলৈ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল।

লক্ষণীয়ভাৱে, সংসদৰ বিশেষ অধিৱেশনৰ তৃতীয় দিনটোত লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত এক বিতৰ্ক অনুষ্ঠিত হৈছিল৷ আনহাতে ৰাজ্যসভাত চন্দ্ৰযান-৩ৰ চন্দ্ৰত সফল অৱতৰণৰ ওপৰত গুৰুত্ব দি ভাৰতৰ মহাকাশ যাত্ৰা সন্দৰ্ভত আলোচনা কৰা হৈছিল।

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ কোটা প্ৰদান কৰিব বিচৰা মহিলা সংৰক্ষণ বিধেয়কখন কালি লোকসভাত সংসদৰ চলিত বিশেষ অধিৱেশনত উত্থাপন কৰা হৈছিল আৰু আজি আলোচনাৰ বাবে উত্থাপন কৰা হৈছিল। কেন্দ্ৰীয় কেবিনেটে সোমবাৰে মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাইছে। কাইলৈ ৰাজ্যসভাত উত্থাপন হ’ব বিধেয়কখন৷ 

কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বিধেয়কখন তাৎক্ষণিকভাৱে ৰূপায়ণৰ দাবী জনাইছিল। তেওঁলোকে বিধেয়কখনত অ’বিচি সংৰক্ষণৰ দাবী জনাইছিল। মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকতে বিধেয়কখন উত্থাপন কৰে। ২০০৮ চনত ড° মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিছিল, আৰু ইয়াক ২০১০ চনত গৃহীত কৰা হৈছিল। অৱশ্যে, বিধেয়কখন কেতিয়াও লোকসভাত বিবেচনাৰ বাবে গ্ৰহণ কৰা হোৱা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু