--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভাত মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছিল মহিলা সংৰক্ষণ বিধেয়ক৷ ২৭ বছৰ পাছত গৃহীত হোৱাৰ পথত এই বিশেষ বিধেয়কখন৷ মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে উত্থাপন কৰিছিল চৰ্চিত বিধেয়কখন৷ 

লোকসভাত এই বিধেয়কখনৰ বিষয়ে বুধবাৰে শাসক-বিৰোধীৰ মাজত চলে যুক্তি-তৰ্ক৷ পিছে আপুনি জানি আচৰিত হ’ব যে ২০৩৯ৰ পূৰ্বে সংসদ আৰু সদনত মহিলাৰ সংৰক্ষণ সম্ভৱ নহয়৷ এই দাবী দেশৰ এগৰাকী সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ৷ যুক্তিসহকাৰে যোগেন্দ্ৰ যাদৱে ফঁহিয়াই দেখুৱালে যে ২০২৯ৰ পূৰ্বে কাৰ্যকৰী নহয় মহিলা সংৰক্ষণ বিধেয়ক৷ 

লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন হোৱাৰ পাছৰে পৰা অৱতাৰণা হোৱা আটাইতকৈ বৃহৎ প্ৰশ্নটো হৈছে যে যদি এই বিধেয়কখন সংসদৰ দুয়োখন সদনে গৃহীত কৰে, তেন্তে ইয়াক কেতিয়ালৈ কাৰ্যকৰী কৰোৱা হ’ব?
যদিও বিৰোধীয়ে বিধেয়কখনত সংৰক্ষণৰ ভিতৰতে সংৰক্ষণৰ দাবী কৰি আছে, কিছুমান দলে কয় যে এই বিধেয়কখন মোদী চৰকাৰৰ আন এক কৌতুক৷ কিয়নো ইয়াক কেৱল ২০২৯ চনৰ ভিতৰতহে কাৰ্যকৰী কৰা হ’ব।

একেসময়তে ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱে কৈছে যে ২০৩৯ চনৰ পূৰ্বে মহিলাসকলৰ বাবে সংৰক্ষণ সম্ভৱ নহয়। যোগেন্দ্ৰ যাদৱে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত টুইট কৰি কয়, সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৯ চনত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা হ’ব। এইটো সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ। দৰাচলতে, মহিলা সংৰক্ষণ বিধেয়ক ২০৩৯ চনৰ আগতে কাৰ্যকৰী কৰিব নোৱাৰি। বেছিভাগ সংবাদ মাধ্যমৰ প্ৰতিবেদনে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টোকেই উপেক্ষা কৰিছে।






২০৩৯লৈ কাৰ্যকৰাী নোহোৱাৰ যোগেন্দ্ৰ যাদৱে দিয়া তিনিটা কাৰণ কি?

২০০১ চনত সংশোধন কৰা অনুচ্ছেদ ৮২ত কোৱা হৈছে যে ২০২৬ চনৰ পাছত প্ৰথম লোকপিয়লৰ তথ্য প্ৰকাশ কৰাৰ আগতে সমষ্টিৰ সীমা নিৰ্ধাৰণ হ’ব নোৱাৰে। আৰু সেয়া কেৱল ২০৩১ চনতহে হ’ব পাৰে।

দ্বিতীয়তে, বেছিভাগ বিশ্লেষকে এই সত্যটোও পাহৰি গৈছিল যে সীমানিৰ্ধাৰণ আয়োগে ইয়াৰ চূড়ান্ত প্ৰতিবেদন দিবলৈ তিনিৰ পৰা চাৰি বছৰ সময় লয়। আগৰ সীমানিৰ্ধাৰণত পাঁচ বছৰ লাগিছিল। ইয়াৰ উপৰি আন এটা গুৰুত্বপূৰ্ণ কথা, জনসংখ্যাৰ অনুপাতৰ পৰিৱৰ্তনৰ ফলত সীমানিৰ্ধাৰণ বিষয়টো অতি বিতৰ্কিত হ’ব পাৰে। সেয়েহে, আমি ধৰি লৈছোঁ যে সীমা নিৰ্ধাৰণৰ প্ৰতিবেদন ২০৩৭ চনৰ ভিতৰত আহিব আৰু ইয়াক ২০৩৯ চনত কাৰ্যকৰী কৰিব পৰা যাব৷

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মঙলবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিছিল। বিধেয়ক উত্থাপন কৰি তেওঁ কৈছিল যে এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত মহিলাসকলে ১৫ বছৰৰ বাবে সংৰক্ষণৰ সুবিধা লাভ কৰিব। আজি এই বিধেয়কখন লোকসভাত আলোচনা কৰা হৈছিল৷ কংগ্ৰেছৰ হৈ আলোচনা আৰম্ভ কৰি ছোনিয়া গান্ধীয়ে কয় যে তেওঁ বিচাৰে যে এই বিধেয়কখন যিমান সম্ভৱ সোনকালে কাৰ্যকৰী কৰা হ’ব লাগে আৰু একেসময়তে দেশত জাতিগত লোকপিয়লো অনুষ্ঠিত কৰা উচিত। অৱশ্যে, ইয়াৰ পূৰ্বে ছোনিয়া গান্ধীয়ে কৈছিল যে এই বিধেয়কখন ৰাজীৱ গান্ধীৰ সপোন আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?