--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাঁঠিৰ বিষৰ সমস্যা আজিকালি অতি সাধাৰণ হৈ পৰিছে। এনে পৰিস্থিতিত আপুনি জনা উচিত যে ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে? আৱৰ্জনাবোৰ শৰীৰত জমা হ’লে ইউৰিক এচিডৰ ৰূপত তেজত জমা হয়। এই সমস্যাত লাখ লাখ মানুহ আক্ৰান্ত হৈছে। এই বিষ কমাবলৈ মানুহে ঔষধ খাই কিছু সময়ৰ বাবে সকাহ পায়, কিন্তু আপুনি জনা উচিত যে তেনে কৰিলে আপোনাৰ বাবে অতি বিপদজনক হ’ব পাৰে কাৰণ ইয়াৰ ফলত বাতবিষৰ দৰে ৰোগো হয়। যেতিয়া এই ৰোগ বেছি হয়, তেতিয়া ই কিডনী বিকল হোৱাৰ কাৰণো হ’ব পাৰে, গতিকে ইয়াক কেনেকৈ হ্ৰাস কৰিব পাৰি জানো আহক। 

কফিঃ যদি আপুনি ইউৰিক এচিডৰ পৰা সকাহ পাব বিচাৰে তেন্তে দিনটোত এক বা দুকাপ কফি খাব লাগে। ইয়াৰ ফলত ইউৰিক এচিড হ্ৰাস হয়। এনে বহু গৱেষণা ওলাইছে য’ত কোৱা হৈছে যে কেফেইনৰ দ্বাৰা ইউৰিক এচিড হ্ৰাস কৰিব পাৰি। আপুনি এইটোও মনত ৰাখিব লাগে যে অত্যধিক কফি সেৱন কৰিলেও আপোনাৰ ক্ষতি হ’ব পাৰে। আনহাতে, যদি ইতিমধ্যে আপোনাৰ আন বেলেগ ৰোগ আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

পানীঃ শৰীৰত পানীৰ পৰিমাণ বাঢ়িলে বৃক্কৰ পৰা ইউৰিক এচিড ওলাই আহে। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা মুক্তি পাবলৈ সৰ্বাধিক পৰিমাণৰ পানী আৰু তৰল পদাৰ্থ গ্ৰহণ কৰিব লাগে।

আঁহযুক্ত খাদ্যঃ ইউৰিক এচিড নাইকিয়া কৰিবলৈ আপুনি খাদ্যত বুট, ব্ৰাউন ৰাইচ, পালেং শাক, ব্ৰকলি, আখৰোট আৰু আপেল আদি খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ উপৰিও কমলা, কিৱি আৰু ষ্ট্ৰবেৰী আদি ভিটামিন চি ফল ব্যৱহাৰ কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক