--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন বি ১২ এনেকুৱা এবিধ পুষ্টিকৰ উপাদান, যাৰ বিষয়ে চৰ্চা বহুত কম হয় কিন্তু আমাৰ শৰীৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ইয়াক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়, তেতিয়াহে আমি এটা সুস্থ জীৱন লাভ কৰিম। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিকাশৰ বাবে এই ভিটামিন অতি উপযোগী। ভিটামিন বি ১২ৰ উপস্থিতিয়ে শৰীৰত ৰঙা ৰক্তকণিকা গঠন আৰু ডিএনএ সংশ্লেষণত সহায় কৰে।

এই খাদ্যসমূহৰ পৰা ভিটামিন বি ১২ পোৱা যায়

যদি আমাৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয়, তেন্তে ইয়াৰ ভয়াৱহ পৰিণতি হব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ বাবে পশুজাত সামগ্ৰী যেনে মাংস, মাছ, কুকুৰা, কণী আৰু গাখীৰ খাব লাগে। যিসকল ভেগান, তেওঁলোকৰ এই ভিটামিনৰ অভাৱৰ আশংকা সদায় থাকে।
 
ভিটামিন বি ১২ শোষণ আমাৰ অন্ত্ৰত হয়, বিশেষকৈ ক্ষুদ্ৰান্ত্ৰৰ শেষত যাক ইলিয়াম বোলা হয়। আপোনাৰ অন্ত্ৰত B12 শোষণ সঠিকভাৱে হৈছে নে নাই সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।

ভিটামিন বি ১২ ৰ উপকাৰিতা

১) ৰক্তহীনতা দূৰ হ'বঃ যদি আপুনি উপযুক্ত পৰিমাণৰ ভিটামিন বি ১২ ৰিচ ফুডছ সেৱন কৰি আছে তেন্তে আপোনাৰ শৰীৰত ৰক্তহীনতা দূৰ হ'ব। এই পুষ্টিকৰ উপাদানৰ অভাৱ হোৱা লোকসকলৰ ৰক্তকণিকা কমিবলৈ আৰম্ভ কৰাৰ বাবে ৰক্তহীনতাৰ বলি হয়।

২) গৰ্ভৱতী মহিলাৰ বাবে অপৰিহাৰ্যঃ গৰ্ভৱতী মহিলাসকলে নিয়মিতভাৱে ভিটামিন বি ১২ খাদ্য গ্ৰহণ কৰিব লাগে কাৰণ গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশৰ বাবে ই অতি প্ৰয়োজনীয়। যদি গৰ্ভাৱস্থাত এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে সন্তান জন্মৰ সময়ত মগজু আৰু মেৰুদণ্ডত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গাজৰ, ব্ৰকলি, মাশ্বৰূমত ভিটামিন বি ১২ পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক