--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন বি ১২ এনেকুৱা এবিধ পুষ্টিকৰ উপাদান, যাৰ বিষয়ে চৰ্চা বহুত কম হয় কিন্তু আমাৰ শৰীৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ইয়াক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়, তেতিয়াহে আমি এটা সুস্থ জীৱন লাভ কৰিম। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিকাশৰ বাবে এই ভিটামিন অতি উপযোগী। ভিটামিন বি ১২ৰ উপস্থিতিয়ে শৰীৰত ৰঙা ৰক্তকণিকা গঠন আৰু ডিএনএ সংশ্লেষণত সহায় কৰে।

এই খাদ্যসমূহৰ পৰা ভিটামিন বি ১২ পোৱা যায়

যদি আমাৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয়, তেন্তে ইয়াৰ ভয়াৱহ পৰিণতি হব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ বাবে পশুজাত সামগ্ৰী যেনে মাংস, মাছ, কুকুৰা, কণী আৰু গাখীৰ খাব লাগে। যিসকল ভেগান, তেওঁলোকৰ এই ভিটামিনৰ অভাৱৰ আশংকা সদায় থাকে।
 
ভিটামিন বি ১২ শোষণ আমাৰ অন্ত্ৰত হয়, বিশেষকৈ ক্ষুদ্ৰান্ত্ৰৰ শেষত যাক ইলিয়াম বোলা হয়। আপোনাৰ অন্ত্ৰত B12 শোষণ সঠিকভাৱে হৈছে নে নাই সেয়া নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।

ভিটামিন বি ১২ ৰ উপকাৰিতা

১) ৰক্তহীনতা দূৰ হ'বঃ যদি আপুনি উপযুক্ত পৰিমাণৰ ভিটামিন বি ১২ ৰিচ ফুডছ সেৱন কৰি আছে তেন্তে আপোনাৰ শৰীৰত ৰক্তহীনতা দূৰ হ'ব। এই পুষ্টিকৰ উপাদানৰ অভাৱ হোৱা লোকসকলৰ ৰক্তকণিকা কমিবলৈ আৰম্ভ কৰাৰ বাবে ৰক্তহীনতাৰ বলি হয়।

২) গৰ্ভৱতী মহিলাৰ বাবে অপৰিহাৰ্যঃ গৰ্ভৱতী মহিলাসকলে নিয়মিতভাৱে ভিটামিন বি ১২ খাদ্য গ্ৰহণ কৰিব লাগে কাৰণ গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশৰ বাবে ই অতি প্ৰয়োজনীয়। যদি গৰ্ভাৱস্থাত এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে সন্তান জন্মৰ সময়ত মগজু আৰু মেৰুদণ্ডত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গাজৰ, ব্ৰকলি, মাশ্বৰূমত ভিটামিন বি ১২ পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু