--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেতিত প্ৰয়োগ কৰা ইউৰিয়া সাৰকে ড্ৰাগছ বুলি ভুল কৰা এজন আৰক্ষী বিষয়াক ১০ লাখ টকাৰ জৰিমণা বিহিলে উচ্চতম ন্যায়ালয়ে। এই সম্পৰ্কত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীজনে।

এটা বেগত ইউৰিয়া লৈ গৈ থকাৰ অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱকগৰাকীক। ফলত দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ আছিল যুৱকজন। কিন্তু পৰৱৰ্তী সময়ত প্ৰমাণ হয় যে যুৱকগৰাকীয়ে লৈ যোৱা দ্ৰব্যখিনি ড্ৰাগছ নাছিল, সেয়া আছিল খেতিত প্ৰয়োগ কৰা ৰসায়নিক সাৰহে।

ইয়াৰ পিছত যুৱকজনে দাখিল কৰা গোচৰ অনুসৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াজনক ১০ লাখ টকাৰ জৰিমনা বিহে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ে মধ্যপ্ৰদেশৰ ডিজিপিয়ে এই জৰিমণা ভৰিব লাগিব বুলি নিৰ্দেশ দিয়ে।

বাতৰি অনুসৰি, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত গ্ৱালিয়ৰ জিলাৰ মোৰাৰ থানাই উপ–পৰিদৰ্শক সুমিত্ৰা টিগ্গাৰ নেতৃত্বত অভিযান চলাই কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল। অভিযানত উদ্ধাৰ হৈছিল ৭২০ গ্ৰাম এমডিএমএ কৃত্ৰিম ঔষধ। ইয়াৰ উপৰিও অভিযুক্তৰ পৰা উদ্ধাৰ হৈছিল ২টাকৈ পিষ্টল। এই ঘটনাত দুগৰাকী মহিলাসহ মুঠ ৮ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এজন আছিল মোহিত তিৱাৰী। ২৬ বছৰীয়া মোহিতৰ ঘৰ দতিয়া জিলাত। এই গোচৰত কেইমাহমান কাৰাবাস খটাৰ অন্তত অন্তৱৰ্তীকালীন জামিনত মোহিতক মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিল মোহিত।

যুৱকজনে দাবী কৰিছিল যে তেওঁ কোনো ধৰণৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত নহয়। সেইদিনা আৰক্ষীয়ে তেওঁৰ পৰা যি জব্দ কৰিছিল সেয়া ড্ৰাগছ নাছিল। তেওঁ আৰক্ষীক বাৰে বাৰে কৈছিল যে এয়া ড্ৰাগছ নহয়, এয়া ইউৰিয়াহে। কিন্তু আৰক্ষীয়ে তেওঁৰ কথাত কোনো গুৰুত্ব নিদিলে।

আৰক্ষীৰ তদন্তত যুৱকজনৰ এই দাবী সঁচা বুলি জানিব পৰা গৈছে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপাক্কুমাৰ আগৰৱালৰ একক বিচাৰপীঠে শুকুৰবাৰে পৰ্যবেক্ষণ কৰে যে এজন নিৰীহ যুৱকে আৰক্ষীৰ ভুলৰ শাস্তি ভোগ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত যুৱকজনৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰ খৰ্ব হৈছে। আৰক্ষীৰ ভুলৰ বাবে সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা হৈছে। গতিকে তেওঁক আৰক্ষীয়ে জৰিমনা বিহিব লাগিব। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধানক ১০ লাখ টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত