--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেতিত প্ৰয়োগ কৰা ইউৰিয়া সাৰকে ড্ৰাগছ বুলি ভুল কৰা এজন আৰক্ষী বিষয়াক ১০ লাখ টকাৰ জৰিমণা বিহিলে উচ্চতম ন্যায়ালয়ে। এই সম্পৰ্কত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীজনে।

এটা বেগত ইউৰিয়া লৈ গৈ থকাৰ অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱকগৰাকীক। ফলত দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ আছিল যুৱকজন। কিন্তু পৰৱৰ্তী সময়ত প্ৰমাণ হয় যে যুৱকগৰাকীয়ে লৈ যোৱা দ্ৰব্যখিনি ড্ৰাগছ নাছিল, সেয়া আছিল খেতিত প্ৰয়োগ কৰা ৰসায়নিক সাৰহে।

ইয়াৰ পিছত যুৱকজনে দাখিল কৰা গোচৰ অনুসৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ আৰক্ষী বিষয়াজনক ১০ লাখ টকাৰ জৰিমনা বিহে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ে মধ্যপ্ৰদেশৰ ডিজিপিয়ে এই জৰিমণা ভৰিব লাগিব বুলি নিৰ্দেশ দিয়ে।

বাতৰি অনুসৰি, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত গ্ৱালিয়ৰ জিলাৰ মোৰাৰ থানাই উপ–পৰিদৰ্শক সুমিত্ৰা টিগ্গাৰ নেতৃত্বত অভিযান চলাই কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল। অভিযানত উদ্ধাৰ হৈছিল ৭২০ গ্ৰাম এমডিএমএ কৃত্ৰিম ঔষধ। ইয়াৰ উপৰিও অভিযুক্তৰ পৰা উদ্ধাৰ হৈছিল ২টাকৈ পিষ্টল। এই ঘটনাত দুগৰাকী মহিলাসহ মুঠ ৮ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এজন আছিল মোহিত তিৱাৰী। ২৬ বছৰীয়া মোহিতৰ ঘৰ দতিয়া জিলাত। এই গোচৰত কেইমাহমান কাৰাবাস খটাৰ অন্তত অন্তৱৰ্তীকালীন জামিনত মোহিতক মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিল মোহিত।

যুৱকজনে দাবী কৰিছিল যে তেওঁ কোনো ধৰণৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত নহয়। সেইদিনা আৰক্ষীয়ে তেওঁৰ পৰা যি জব্দ কৰিছিল সেয়া ড্ৰাগছ নাছিল। তেওঁ আৰক্ষীক বাৰে বাৰে কৈছিল যে এয়া ড্ৰাগছ নহয়, এয়া ইউৰিয়াহে। কিন্তু আৰক্ষীয়ে তেওঁৰ কথাত কোনো গুৰুত্ব নিদিলে।

আৰক্ষীৰ তদন্তত যুৱকজনৰ এই দাবী সঁচা বুলি জানিব পৰা গৈছে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপাক্কুমাৰ আগৰৱালৰ একক বিচাৰপীঠে শুকুৰবাৰে পৰ্যবেক্ষণ কৰে যে এজন নিৰীহ যুৱকে আৰক্ষীৰ ভুলৰ শাস্তি ভোগ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত যুৱকজনৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰ খৰ্ব হৈছে। আৰক্ষীৰ ভুলৰ বাবে সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা হৈছে। গতিকে তেওঁক আৰক্ষীয়ে জৰিমনা বিহিব লাগিব। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধানক ১০ লাখ টকা জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ হালধি অনুষ্ঠানত হালধি লগাই ICUত ভৰ্তি কইনা
চীনত আমেৰিকান কোম্পানীৰ বাবে সুদিন ; ট্ৰাম্পৰ সৈতে বৈঠকৰ পিছত বাণিজ্যিক যুদ্ধ সমাপ্তিৰ ইংগিত জিনপিঙৰ
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই