--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনক দিনে ধাৰাবাহিক মুদ্ৰাস্ফীতিৰ বাবে সাধাৰণ মানুহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ কিছুমান বেংকে সুতৰ হাৰ সামান্য বৃদ্ধি কৰিছে। কিন্তু ইয়াৰ পৰা এইটোও দেখা যায় যে আগৰ দৰে বেংকত টকা ৰখাৰ প্ৰতি মানুহৰ উৎসাহ নাই। তথাপিতো এই জটিল পৰিস্থিতিত আজিও আৰ্থিক সুৰক্ষাৰ বাবে সকলোৱে বেংকৰ ওপৰত নিৰ্ভৰ কৰে।

কিন্তু বেংকত টকা ৰখাৰ আগতে আপুনি জানিব লাগিব কোনটো বেংকে আপোনাৰ ধন আটাইতকৈ সুৰক্ষিত ৰাখিব। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত সাধাৰণ জনতাক আশ্বস্ত কৰিছে।

বৰ্তমান ভাৰতত ব্যক্তিগত বেংকৰ সংখ্যা ২১টা আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ সংখ্যা ১২টা। এতিয়া প্ৰশ্ন হয় এই বেংকবোৰৰ ভিতৰত কোনটো বেংক আপোনাৰ ধন ৰাখিবলৈ আটাইতকৈ নিৰাপদ?

২০২৩ চনৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে 'ডোমেস্টিক সিস্টেমিকেলি ইমপোর্টেণ্ট বেংকছ ২০২২’ নামৰ এখন তালিকা প্ৰকাশ কৰে। এই তালিকাত আটাইতকৈ সুৰক্ষিত বেংকৰ নাম সন্নিবিষ্ট কৰা হৈছে।

দেশৰ ভিতৰতে নিৰাপদ বেংকৰ তালিকাত এটা চৰকাৰী আৰু দুটা ব্যক্তিগত বেংকৰ নাম অন্তৰ্ভুক্ত হৈছে। চৰকাৰী বেংকটো হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)। দুটা ব্যক্তিগত বেংক হ’ল এইচ ডি এফ চি বেংক আৰু আই চি আই চি আই বেংক।

অৰ্থাৎ যদি কোনো ব্যক্তিয়ে SBI, HDFC বা ICICI বেংকত ধন ৰাখে তেন্তে তেওঁৰ ধন একেবাৰে নিৰাপদ হ’ব। আৰ বি আইয়ে তেনেকৈয়ে কয়।

ষ্টেট বেংক, এইচ ডি এফ চি বেংক আৰু আই চি আই বেংকৰ ডিফল্টৰ বিপদ নাই বুলি আৰ বি আইয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বেংক হিচাপে তালিকাভুক্ত কৰা হৈছে। এই তালিকাত থকাৰ অৰ্থ হ’ল অৰ্থনৈতিক সংকট আহিলেও চৰকাৰ আৰু আৰ বি আইয়ে বেংক তিনিটাক সুৰক্ষিত কৰি ৰাখিব।

আৰ বি আইৰ নিৰাপদ বেংকৰ তালিকাত প্ৰকাশ পোৱা তিনিটা বেংকৰ ভিতৰত এছ বি আইৰ ৪৪ কোটি গ্ৰাহক আছে। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক হৈছে ভাৰতীয় ষ্টেট বেংক। সমগ্ৰ দেশতে এছ বি আইৰ ২২ হাজাৰৰো অধিক শাখা আছে।

এইচ ডি এফ চি বেংকৰ বৰ্তমান ৭ কোটিৰো অধিক গ্ৰাহক আছে। সমগ্ৰ দেশতে তেওঁলোকৰ ডেৰ লাখৰো অধিক কৰ্মচাৰী আছে। এইচ ডি এফ চি বেংকৰ সমগ্ৰ দেশতে ৭৮২১ টা শাখা আছে।

আইচিআইচিআই বেংকৰ ৫২৭৫টা শাখা আছে। ব্যক্তিগত খণ্ডৰ বেংক ৰেটিংত এইচ ডি এফ চিৰ পিছতে দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন