--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনক দিনে ধাৰাবাহিক মুদ্ৰাস্ফীতিৰ বাবে সাধাৰণ মানুহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ কিছুমান বেংকে সুতৰ হাৰ সামান্য বৃদ্ধি কৰিছে। কিন্তু ইয়াৰ পৰা এইটোও দেখা যায় যে আগৰ দৰে বেংকত টকা ৰখাৰ প্ৰতি মানুহৰ উৎসাহ নাই। তথাপিতো এই জটিল পৰিস্থিতিত আজিও আৰ্থিক সুৰক্ষাৰ বাবে সকলোৱে বেংকৰ ওপৰত নিৰ্ভৰ কৰে।

কিন্তু বেংকত টকা ৰখাৰ আগতে আপুনি জানিব লাগিব কোনটো বেংকে আপোনাৰ ধন আটাইতকৈ সুৰক্ষিত ৰাখিব। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত সাধাৰণ জনতাক আশ্বস্ত কৰিছে।

বৰ্তমান ভাৰতত ব্যক্তিগত বেংকৰ সংখ্যা ২১টা আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ সংখ্যা ১২টা। এতিয়া প্ৰশ্ন হয় এই বেংকবোৰৰ ভিতৰত কোনটো বেংক আপোনাৰ ধন ৰাখিবলৈ আটাইতকৈ নিৰাপদ?

২০২৩ চনৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে 'ডোমেস্টিক সিস্টেমিকেলি ইমপোর্টেণ্ট বেংকছ ২০২২’ নামৰ এখন তালিকা প্ৰকাশ কৰে। এই তালিকাত আটাইতকৈ সুৰক্ষিত বেংকৰ নাম সন্নিবিষ্ট কৰা হৈছে।

দেশৰ ভিতৰতে নিৰাপদ বেংকৰ তালিকাত এটা চৰকাৰী আৰু দুটা ব্যক্তিগত বেংকৰ নাম অন্তৰ্ভুক্ত হৈছে। চৰকাৰী বেংকটো হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)। দুটা ব্যক্তিগত বেংক হ’ল এইচ ডি এফ চি বেংক আৰু আই চি আই চি আই বেংক।

অৰ্থাৎ যদি কোনো ব্যক্তিয়ে SBI, HDFC বা ICICI বেংকত ধন ৰাখে তেন্তে তেওঁৰ ধন একেবাৰে নিৰাপদ হ’ব। আৰ বি আইয়ে তেনেকৈয়ে কয়।

ষ্টেট বেংক, এইচ ডি এফ চি বেংক আৰু আই চি আই বেংকৰ ডিফল্টৰ বিপদ নাই বুলি আৰ বি আইয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বেংক হিচাপে তালিকাভুক্ত কৰা হৈছে। এই তালিকাত থকাৰ অৰ্থ হ’ল অৰ্থনৈতিক সংকট আহিলেও চৰকাৰ আৰু আৰ বি আইয়ে বেংক তিনিটাক সুৰক্ষিত কৰি ৰাখিব।

আৰ বি আইৰ নিৰাপদ বেংকৰ তালিকাত প্ৰকাশ পোৱা তিনিটা বেংকৰ ভিতৰত এছ বি আইৰ ৪৪ কোটি গ্ৰাহক আছে। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক হৈছে ভাৰতীয় ষ্টেট বেংক। সমগ্ৰ দেশতে এছ বি আইৰ ২২ হাজাৰৰো অধিক শাখা আছে।

এইচ ডি এফ চি বেংকৰ বৰ্তমান ৭ কোটিৰো অধিক গ্ৰাহক আছে। সমগ্ৰ দেশতে তেওঁলোকৰ ডেৰ লাখৰো অধিক কৰ্মচাৰী আছে। এইচ ডি এফ চি বেংকৰ সমগ্ৰ দেশতে ৭৮২১ টা শাখা আছে।

আইচিআইচিআই বেংকৰ ৫২৭৫টা শাখা আছে। ব্যক্তিগত খণ্ডৰ বেংক ৰেটিংত এইচ ডি এফ চিৰ পিছতে দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে