--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত হঠাৎ হোৱা বিস্ফোৰণৰ ফলত জাপৰিজ্জিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰত জুই লাগিছিল। ইউক্ৰেইন চৰকাৰে দাবী কৰিছে যে দেওবাৰে নিশা বিদ্যুৎ কেন্দ্ৰটোৰ কুলিং টাৱাৰত সংঘটিত হোৱা অগ্নিকাণ্ড এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। ইয়াৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই তেজস্ক্রিয়তা বিয়পোৱাৰ আশংকা প্রকাশ কৰিছে!

ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশেই এই অগ্নিকাণ্ডৰ দায়িত্ব অস্বীকাৰ কৰিছে। একে সময়তে ইজনে সিজনৰ প্ৰতি অভিযোগৰ আঙুলিও তুলিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ সেনাই এই বিস্ফোৰণৰ কাৰণ বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, মস্কোৱে নিযুক্তি দিয়া জাপোৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰৰ মুৰব্বী ভ্লাদিমিৰ ৰ’গভ আৰু জাপ’ৰিজিয়াৰ ৰাছিয়াৰ গৱৰ্ণৰ য়েভগেনি বালিটস্কিয়ে এই কাণ্ডৰ বাবে ইউক্ৰেইনৰ সেনাবাহিনীক দোষাৰোপ কৰে।

প্ৰসংগক্ৰমে ২০২২ চনত যুদ্ধৰ আৰম্ভণিতে ইউক্ৰেইনৰ সেই পাৰমাণৱিক শক্তি কেন্দ্ৰটো ৰাছিয়াৰ সেনাই নিজৰ দখললৈ লৈছিল। পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটো এতিয়াও ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। দক্ষিণ-পূব ইউক্ৰেইনৰ এনেৰহ’ডাৰ চহৰৰ সমীপত ড্নিপাৰ নদীৰ অৱবাহিকাৰ কাখভকা জলাশয়ৰ পাৰত অৱস্থিত জাপ’ৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰটো। ডনবাছ অঞ্চলৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ আৰু ৰাজধানী কিয়ভৰ পৰা ৫৫০ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত এই পাৰমাণৱিক উদ্যোগটো ইউক্ৰেইনৰ অন্যতম শক্তি যোগান কেন্দ্ৰ।

যুদ্ধৰ পূৰ্বে এই পাৰমাণৱিক কেন্দ্ৰটোৱে ইউক্ৰেইনৰ প্ৰায় এক পঞ্চমাংশ ভূখণ্ডলৈ বিদ্যুৎ যোগান ধৰিছিল। দেশৰ মুঠ পাৰমাণৱিক শক্তিৰ আধা অংশ সেই পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰাই উৎপাদিত হৈছিল। কিন্তু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰে, তাৰ পিছতে বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে। ক্ষতিৰ ফলত উৎপাদনত ব্যাঘাত জন্মে।

ৰাছিয়াই কয় যে ৰাবিৰাত নিশাটোৰ ভিতৰতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত জাপৰিজিয়াৰ ছয়টা ৰিয়েক্টৰ বন্ধ কৰি দিয়া হৈছে। ১৯৮৬ চনত হোৱা বিস্ফোৰণত ইউক্ৰেইনৰ চেৰ্নোবিলত (তেতিয়াৰ অবিভক্ত ছোভিয়েট ইউনিয়ন) দুটা পাৰমাণৱিক ৰিয়েক্টৰ বিস্ফোৰণ ঘটি তেজস্ক্রিয়তা মুক্ত হয়। ইয়াৰ পিছত কেন্দ্ৰটো বন্ধ কৰি দিয়া হ’ল। যুদ্ধৰ সময়ত পুটিনৰ বাহিনীয়ে অস্থায়ীভাৱে চেৰ্নোবিল দখল কৰিছিল। পিছত তেওঁলোক তাৰ পৰা আঁতৰি আহিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ