--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত হঠাৎ হোৱা বিস্ফোৰণৰ ফলত জাপৰিজ্জিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰত জুই লাগিছিল। ইউক্ৰেইন চৰকাৰে দাবী কৰিছে যে দেওবাৰে নিশা বিদ্যুৎ কেন্দ্ৰটোৰ কুলিং টাৱাৰত সংঘটিত হোৱা অগ্নিকাণ্ড এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। ইয়াৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই তেজস্ক্রিয়তা বিয়পোৱাৰ আশংকা প্রকাশ কৰিছে!

ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশেই এই অগ্নিকাণ্ডৰ দায়িত্ব অস্বীকাৰ কৰিছে। একে সময়তে ইজনে সিজনৰ প্ৰতি অভিযোগৰ আঙুলিও তুলিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ সেনাই এই বিস্ফোৰণৰ কাৰণ বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, মস্কোৱে নিযুক্তি দিয়া জাপোৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰৰ মুৰব্বী ভ্লাদিমিৰ ৰ’গভ আৰু জাপ’ৰিজিয়াৰ ৰাছিয়াৰ গৱৰ্ণৰ য়েভগেনি বালিটস্কিয়ে এই কাণ্ডৰ বাবে ইউক্ৰেইনৰ সেনাবাহিনীক দোষাৰোপ কৰে।

প্ৰসংগক্ৰমে ২০২২ চনত যুদ্ধৰ আৰম্ভণিতে ইউক্ৰেইনৰ সেই পাৰমাণৱিক শক্তি কেন্দ্ৰটো ৰাছিয়াৰ সেনাই নিজৰ দখললৈ লৈছিল। পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটো এতিয়াও ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। দক্ষিণ-পূব ইউক্ৰেইনৰ এনেৰহ’ডাৰ চহৰৰ সমীপত ড্নিপাৰ নদীৰ অৱবাহিকাৰ কাখভকা জলাশয়ৰ পাৰত অৱস্থিত জাপ’ৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰটো। ডনবাছ অঞ্চলৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ আৰু ৰাজধানী কিয়ভৰ পৰা ৫৫০ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত এই পাৰমাণৱিক উদ্যোগটো ইউক্ৰেইনৰ অন্যতম শক্তি যোগান কেন্দ্ৰ।

যুদ্ধৰ পূৰ্বে এই পাৰমাণৱিক কেন্দ্ৰটোৱে ইউক্ৰেইনৰ প্ৰায় এক পঞ্চমাংশ ভূখণ্ডলৈ বিদ্যুৎ যোগান ধৰিছিল। দেশৰ মুঠ পাৰমাণৱিক শক্তিৰ আধা অংশ সেই পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰাই উৎপাদিত হৈছিল। কিন্তু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰে, তাৰ পিছতে বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে। ক্ষতিৰ ফলত উৎপাদনত ব্যাঘাত জন্মে।

ৰাছিয়াই কয় যে ৰাবিৰাত নিশাটোৰ ভিতৰতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত জাপৰিজিয়াৰ ছয়টা ৰিয়েক্টৰ বন্ধ কৰি দিয়া হৈছে। ১৯৮৬ চনত হোৱা বিস্ফোৰণত ইউক্ৰেইনৰ চেৰ্নোবিলত (তেতিয়াৰ অবিভক্ত ছোভিয়েট ইউনিয়ন) দুটা পাৰমাণৱিক ৰিয়েক্টৰ বিস্ফোৰণ ঘটি তেজস্ক্রিয়তা মুক্ত হয়। ইয়াৰ পিছত কেন্দ্ৰটো বন্ধ কৰি দিয়া হ’ল। যুদ্ধৰ সময়ত পুটিনৰ বাহিনীয়ে অস্থায়ীভাৱে চেৰ্নোবিল দখল কৰিছিল। পিছত তেওঁলোক তাৰ পৰা আঁতৰি আহিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক