--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সাম্প্ৰদায়িক ঐতিহ্যক পুনৰ প্ৰতিষ্ঠা কৰিলে ৰাজস্থানৰ এজন বিধায়কে৷ বৈচিত্ৰ্যৰ মাজত ঐক্য নীতিকে সাৰোগত কৰি সংস্কৃত ভাষাত শপতবাক্য পাঠ কৰি নিদৰ্শন দাঙি ধৰিলে ইউনুছ খান নামৰ এজন বিধায়কে৷

শেহতীয়াকৈ ৰাজস্থানত গঠন হ’ল বিজেপি চৰকাৰ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল’লে ভজন লাল শৰ্মাই৷ ইতিমধ্যে ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাত শপতগ্ৰহণ কৰিছে। কিন্তু ৰাজস্থানৰ দেদৱানাৰ নৱনিৰ্বাচিত বিধায়ক ইউনুছ খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ পৰিছে৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ কাৰণটো হৈছে যে সংস্কৃত ভাষাত শপতগ্ৰহণ কৰিছে নিৰ্দলীয় বিধায়ক ইউনুছ খানে। 
 
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত ইউনুছ খানে সংস্কৃতত কেনেদৰে শপত গ্ৰহণ কৰিছে সেয়া দৃশ্যমান হৈছে। 

ভিডিঅ’টো সম্পৰ্কে মন্তব্য কৰি এজন নেটিজেনে লিখিছে, ইউনুছ খানে সংস্কৃতত শপতগ্ৰহণ কৰাটোৱে সমৃদ্ধি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ প্ৰতি তেওঁৰ শক্তিশালী প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে, যি তেওঁৰ নেতৃত্বত জনতাৰ মাজত সংহতি বৃদ্ধি কৰিব। 

ইউনুছ খান তেওঁৰ সৰলতাৰ বাবে অতি জনপ্ৰিয়। ভিডিঅ’টো বহুতো ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপত শ্বেয়াৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক