--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সাম্প্ৰদায়িক ঐতিহ্যক পুনৰ প্ৰতিষ্ঠা কৰিলে ৰাজস্থানৰ এজন বিধায়কে৷ বৈচিত্ৰ্যৰ মাজত ঐক্য নীতিকে সাৰোগত কৰি সংস্কৃত ভাষাত শপতবাক্য পাঠ কৰি নিদৰ্শন দাঙি ধৰিলে ইউনুছ খান নামৰ এজন বিধায়কে৷

শেহতীয়াকৈ ৰাজস্থানত গঠন হ’ল বিজেপি চৰকাৰ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল’লে ভজন লাল শৰ্মাই৷ ইতিমধ্যে ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাত শপতগ্ৰহণ কৰিছে। কিন্তু ৰাজস্থানৰ দেদৱানাৰ নৱনিৰ্বাচিত বিধায়ক ইউনুছ খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ পৰিছে৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ কাৰণটো হৈছে যে সংস্কৃত ভাষাত শপতগ্ৰহণ কৰিছে নিৰ্দলীয় বিধায়ক ইউনুছ খানে। 
 
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত ইউনুছ খানে সংস্কৃতত কেনেদৰে শপত গ্ৰহণ কৰিছে সেয়া দৃশ্যমান হৈছে। 

ভিডিঅ’টো সম্পৰ্কে মন্তব্য কৰি এজন নেটিজেনে লিখিছে, ইউনুছ খানে সংস্কৃতত শপতগ্ৰহণ কৰাটোৱে সমৃদ্ধি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ প্ৰতি তেওঁৰ শক্তিশালী প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে, যি তেওঁৰ নেতৃত্বত জনতাৰ মাজত সংহতি বৃদ্ধি কৰিব। 

ইউনুছ খান তেওঁৰ সৰলতাৰ বাবে অতি জনপ্ৰিয়। ভিডিঅ’টো বহুতো ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপত শ্বেয়াৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু