--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত দেশৰ সাধাৰণ নিৰ্বাচন৷ অহা বছৰৰ প্ৰথমাৰ্ধতে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো দলৰ মাজতে বাঢ়িছে নিৰ্বাচনী তৎপৰতা। 

ভাৰতীয় ৰাজনীতিৰ দুটা মুখ্য দল কংগ্ৰেছ আৰু বিজেপিক দেখা গৈছে সক্ৰিয় ৰূপত। ইতিমধ্যে নিৰ্বাচনী পৰাক্ৰম দেখুৱাবলৈ সাজু হৈ উঠিছে INDIA আৰু NDA। দুয়োটা মিত্ৰজোঁটৰ সহযোগী দলবোৰতো বাঢ়িছে নিৰ্বাচনী ব্যস্ততা। 

শেহতীয়াকৈ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩ খনতে চৰকাৰ গঠন কৰিলে বিজেপিয়ে। এই ফলাফলে বিজেপিক উল্লসিত কৰি তোলা দেখা গৈছে। কিয়নো, দেশৰ কেইবাখনো ৰাজ্যত বিজেপিৰ নাও প্ৰায় ডুবু-ডুবু হৈছিল। কিন্তু তেনে সময়তে ৩ ৰাজ্য উদ্ধাৰ কৰি কিছু সকাহ পালে দেশৰ সৰ্ববৃহৎ দলটোৱে। 

ইপিনে, মাথোঁ এখন ৰাজ্যৰ শাসনৰ গাদী দখল কৰি আশংকাত ভুগিছে কংগ্ৰেছ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এনে ফলাফল আশা কৰা নাছিল। সেইবাবে ভুল শুধৰাই পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে। 

এনে সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ওপৰত আস্থা প্ৰকাশ কৰিলে মমতা বেনাৰ্জীয়ে। লোকসভা নিৰ্বাচনত প্ৰিয়ংকাক কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিবলৈ প্ৰস্তাৱ দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে হেভী ৱেইট প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বাবে দিয়া হৈছে এই প্ৰস্তাৱ। 

প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টি বাৰনসীত INDIA Blocৰ প্ৰাৰ্থী হ’ব পাৰে প্ৰিয়ংকা গান্ধী। নতুন দিল্লীত অনুষ্ঠিত INDIA Blocৰ বৈঠকত এই প্ৰস্তাৱ দিয়ে মমতা বেনাৰ্জীয়ে। ইতিপূৰ্বে ৰাহুল গান্ধী আমেথিৰ প্ৰাৰ্থী হ’ব বুলি কংগ্ৰেছে ঘোষণা কৰিছিল। 

অৱশ্যে প্ৰিয়ংকা গান্ধীক কোন সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ’ব INDIA Blocএ এই কথা চূড়ান্ত কৰা নাই। পৰৱৰ্তী কিছুদিনৰ ভিতৰত INDIA Blocৰ আসন ভাগ-বটোৱাৰা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই ভাগ-বটোৱাৰা সম্পন্ন হোৱাৰ পাছতহে চূড়ান্ত হ’ব প্ৰিয়ংকাৰ প্ৰাৰ্থিত্ব। যদিহে প্ৰিয়ংকাই এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হয়, তেন্তে তাৰ ফলাফল কি হয় সেয়া সময়তহে জনা যাব। তথাপি এই কথা নিশ্চিত যে হেভী ৱেইট প্ৰাৰ্থী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটোৱেই এক প্ৰত্যাহ্বান। 

প্ৰিয়ংকাই এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰে তাক জানিবলৈ আমি নিৰ্বাচনলৈ বাট চাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু