--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত দেশৰ সাধাৰণ নিৰ্বাচন৷ অহা বছৰৰ প্ৰথমাৰ্ধতে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো দলৰ মাজতে বাঢ়িছে নিৰ্বাচনী তৎপৰতা। 

ভাৰতীয় ৰাজনীতিৰ দুটা মুখ্য দল কংগ্ৰেছ আৰু বিজেপিক দেখা গৈছে সক্ৰিয় ৰূপত। ইতিমধ্যে নিৰ্বাচনী পৰাক্ৰম দেখুৱাবলৈ সাজু হৈ উঠিছে INDIA আৰু NDA। দুয়োটা মিত্ৰজোঁটৰ সহযোগী দলবোৰতো বাঢ়িছে নিৰ্বাচনী ব্যস্ততা। 

শেহতীয়াকৈ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩ খনতে চৰকাৰ গঠন কৰিলে বিজেপিয়ে। এই ফলাফলে বিজেপিক উল্লসিত কৰি তোলা দেখা গৈছে। কিয়নো, দেশৰ কেইবাখনো ৰাজ্যত বিজেপিৰ নাও প্ৰায় ডুবু-ডুবু হৈছিল। কিন্তু তেনে সময়তে ৩ ৰাজ্য উদ্ধাৰ কৰি কিছু সকাহ পালে দেশৰ সৰ্ববৃহৎ দলটোৱে। 

ইপিনে, মাথোঁ এখন ৰাজ্যৰ শাসনৰ গাদী দখল কৰি আশংকাত ভুগিছে কংগ্ৰেছ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এনে ফলাফল আশা কৰা নাছিল। সেইবাবে ভুল শুধৰাই পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে। 

এনে সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ওপৰত আস্থা প্ৰকাশ কৰিলে মমতা বেনাৰ্জীয়ে। লোকসভা নিৰ্বাচনত প্ৰিয়ংকাক কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিবলৈ প্ৰস্তাৱ দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে হেভী ৱেইট প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বাবে দিয়া হৈছে এই প্ৰস্তাৱ। 

প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টি বাৰনসীত INDIA Blocৰ প্ৰাৰ্থী হ’ব পাৰে প্ৰিয়ংকা গান্ধী। নতুন দিল্লীত অনুষ্ঠিত INDIA Blocৰ বৈঠকত এই প্ৰস্তাৱ দিয়ে মমতা বেনাৰ্জীয়ে। ইতিপূৰ্বে ৰাহুল গান্ধী আমেথিৰ প্ৰাৰ্থী হ’ব বুলি কংগ্ৰেছে ঘোষণা কৰিছিল। 

অৱশ্যে প্ৰিয়ংকা গান্ধীক কোন সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ’ব INDIA Blocএ এই কথা চূড়ান্ত কৰা নাই। পৰৱৰ্তী কিছুদিনৰ ভিতৰত INDIA Blocৰ আসন ভাগ-বটোৱাৰা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই ভাগ-বটোৱাৰা সম্পন্ন হোৱাৰ পাছতহে চূড়ান্ত হ’ব প্ৰিয়ংকাৰ প্ৰাৰ্থিত্ব। যদিহে প্ৰিয়ংকাই এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হয়, তেন্তে তাৰ ফলাফল কি হয় সেয়া সময়তহে জনা যাব। তথাপি এই কথা নিশ্চিত যে হেভী ৱেইট প্ৰাৰ্থী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটোৱেই এক প্ৰত্যাহ্বান। 

প্ৰিয়ংকাই এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰে তাক জানিবলৈ আমি নিৰ্বাচনলৈ বাট চাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক