--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ হৈছে জোয়ান মনফৰ্ট। ১৭ বছৰ পূৰ্বে লিয়নেলে মেছিৰ এখন ফটো তুলিছিল। কিন্তু সেই ছবিখনে তেওঁক বিখ্যাত কৰা নাছিল। ইউৰো কাপত লেমিন ইয়ামালৰ খেলৰ বাবে এইবাৰ মনফৰ্ট পৰিচিত হৈ পৰিল।

মেছিৰ বয়স আছিল ২০ বছৰ। বাৰ্চিলোনাৰ সৈতে ইউনিচেফৰ চুক্তি আছিল। বাৰ্চিলোনাৰ ফুটবলাৰসকলে কেইবাটাও শিশুৰ সৈতে ফটো তুলিছিল। মেছিৰ ফটো তুলিছিল মনফৰ্টে। কোনে জানিছিল যে মেছিয়ে যিটো শিশুৰ স’তে ফটো তুলিছিল, তেওঁ ১৭ বছৰৰ পাছত ইউৰো দখল কৰিব?

১৩ জুলাইত ইয়ামালে ১৭ বছৰ সম্পূৰ্ণ কৰিছিল। ২০০৭ চনত জন্মগ্ৰহণ কৰিছিল। সেই বছৰ স্পেনিছ ফুটবলাৰগৰাকীয়ে মেছিৰ সৈতে ফটোশ্বুট কৰাৰ সুযোগ পাইছিল। 

এইবাৰ ইউৰোত ফ্ৰান্সৰ বিৰুদ্ধে ইয়ামালৰ গ’লটো অন্যতম শ্ৰেষ্ঠ গ’ল। আৰু এইবাবেই মনফৰ্ট বিখ্যাত হৈ পৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কয় যে সপোন দেখা যেন লাগে।

মনফৰ্টৰ ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মেছিৰ পিতৃয়ে। বাথটাবত এটা নৱজাত শিশুৱে গা ধুই থকা দেখা গৈছে। তেওঁক ধৰি ৰাখিছে মেছি আৰু শিশুটিৰ মাতৃয়ে। মনফৰ্টে ক’লে, “মোৰ এজন সহকৰ্মীয়ে ৰাতি ১২ বজাত ফোন কৰিলে। তেওঁ ছবিখন পঠিয়াই সুধিলে যে ছবিখন মই তুলিছো নে নাই। মই কওঁ যে হয় মই লৈছিলোঁ। বহু বছৰৰ আগতে। মই সুধো শিশুটি কোন?’’

সেই ফোন কলৰ আগতে মনফৰ্টে ছবিখনৰ খ্যাতিৰ কথাও নাজানিছিল। পাহৰি যোৱা এখন ফটো তুলিলে। মনফৰ্টে কয়- ‘‘ছবি তোলাৰ সময়ত মেছিয়ে অতি লাজ কৰিছিল। কিন্তু সকলো প্ৰ’ৰ দৰে চম্ভালে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ