--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতে ঘোষণা কৰিলে টি-২০ আৰু এদিনীয়া দল। টি-২০ শৃংখলাত সূৰ্যকুমাৰ যাদৱক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এদিনীয়া দলত খেলিব ৰোহিত শৰ্মা, বিৰাট কোহলি। ২৭ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন খেল। ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ আৰম্ভণি হ’ব টি-২০ খেলৰ পৰা। যশপ্ৰীত বুমৰাহক জিৰণি দিয়া হৈছে।

এদিনীয়া দলটোৰ অধিনায়ক ৰোহিত। ফাইনেলত সূৰ্যকুমাৰৰ কেচেৰে ভাৰতে বিশ্বকাপ জয় কৰে। টি-২০ত দলটোৰ নেতৃত্ব এইবাৰ তেওঁৰ কান্ধত। শুভমানক টি-২০ আৰু এদিনীয়া দলৰ ভাইচ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ হাৰ্দিক পাণ্ডিয়াক এতিয়া অধিনায়ক বুলি ভবা নহয়। যদিও হাৰ্দিক টি-২০ দলত আছে, তথাপিও তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হোৱা নাই। টি-২০ বিশ্বকাপৰ ভাইচ অধিনায়ক আছিল। যিহেতু এইবাৰ তেওঁক নেতৃত্বত ৰখা নহ’ল, গতিকে নতুন প্ৰশিক্ষক গৌতম গম্ভীৰে অধিনায়ক হিচাপে হাৰ্দিকক ভাল নাপায় বুলি ধাৰণা কৰা হৈছে।

ৰোহিত, বিৰাটে টি-২০ বিশ্বকাপ জয় কৰি ক্ৰিকেটৰ আটাইতকৈ কম বয়সীয়া ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। এদিনীয়া ক্ৰিকেট খেলিব। ৰবীন্দ্ৰ জাদেজাও অৱসৰ গ্ৰহণ কৰে। কিন্তু তেওঁক এদিনীয়া দলত ৰখা নহ’ল।

টি-২০ত অধিনায়ক হোৱাৰ পাছতো সূৰ্যকুমাৰে এদিনীয়া দলত স্থান নাপালে। ৫০ অভাৰৰ দলত নাই হাৰ্দিক। অৱশ্যে বাৰ্ষিক চুক্তিৰ বাহিৰত থকা শ্ৰেয়াছ আয়াৰক পুনৰ দললৈ অনা হৈছে। দললৈ উভতি আহিছে লোকেশ ৰাহুল।

ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু ৩খন এদিনীয়া খেলিব। ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব টি২০ ছিৰিজ। অহা ২৭, ২৮ আৰু ৩০ জুলাইত অনুষ্ঠিত হ’ব এই মেচ। ২ আগষ্টৰ পৰা আৰম্ভ হ’ব এদিনীয়া ধাৰাবাহিকখন। বাকী দুখন মেচ ৪ আৰু ৭ আগষ্টত।

ৱান ডে স্কোয়াডঃ ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল (উপ অধিনায়ক), বিৰাট কোহলী, লোকেশ ৰাহুল, ঋষভ পন্ত (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, ৰিয়ান পৰাগ , অক্ষৰ পেটেল, খলিল আহমেদ আৰু হৰ্ষিত ৰাণা।

টি-২০ দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুবমান গিল (উপ অধিনায়ক), ইয়াছৱী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৰ্ছদীপ সিং, খলিল আহমেদ আৰু মহম্মদ চিৰাজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু