--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতে ঘোষণা কৰিলে টি-২০ আৰু এদিনীয়া দল। টি-২০ শৃংখলাত সূৰ্যকুমাৰ যাদৱক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এদিনীয়া দলত খেলিব ৰোহিত শৰ্মা, বিৰাট কোহলি। ২৭ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন খেল। ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ আৰম্ভণি হ’ব টি-২০ খেলৰ পৰা। যশপ্ৰীত বুমৰাহক জিৰণি দিয়া হৈছে।

এদিনীয়া দলটোৰ অধিনায়ক ৰোহিত। ফাইনেলত সূৰ্যকুমাৰৰ কেচেৰে ভাৰতে বিশ্বকাপ জয় কৰে। টি-২০ত দলটোৰ নেতৃত্ব এইবাৰ তেওঁৰ কান্ধত। শুভমানক টি-২০ আৰু এদিনীয়া দলৰ ভাইচ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ হাৰ্দিক পাণ্ডিয়াক এতিয়া অধিনায়ক বুলি ভবা নহয়। যদিও হাৰ্দিক টি-২০ দলত আছে, তথাপিও তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হোৱা নাই। টি-২০ বিশ্বকাপৰ ভাইচ অধিনায়ক আছিল। যিহেতু এইবাৰ তেওঁক নেতৃত্বত ৰখা নহ’ল, গতিকে নতুন প্ৰশিক্ষক গৌতম গম্ভীৰে অধিনায়ক হিচাপে হাৰ্দিকক ভাল নাপায় বুলি ধাৰণা কৰা হৈছে।

ৰোহিত, বিৰাটে টি-২০ বিশ্বকাপ জয় কৰি ক্ৰিকেটৰ আটাইতকৈ কম বয়সীয়া ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। এদিনীয়া ক্ৰিকেট খেলিব। ৰবীন্দ্ৰ জাদেজাও অৱসৰ গ্ৰহণ কৰে। কিন্তু তেওঁক এদিনীয়া দলত ৰখা নহ’ল।

টি-২০ত অধিনায়ক হোৱাৰ পাছতো সূৰ্যকুমাৰে এদিনীয়া দলত স্থান নাপালে। ৫০ অভাৰৰ দলত নাই হাৰ্দিক। অৱশ্যে বাৰ্ষিক চুক্তিৰ বাহিৰত থকা শ্ৰেয়াছ আয়াৰক পুনৰ দললৈ অনা হৈছে। দললৈ উভতি আহিছে লোকেশ ৰাহুল।

ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু ৩খন এদিনীয়া খেলিব। ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব টি২০ ছিৰিজ। অহা ২৭, ২৮ আৰু ৩০ জুলাইত অনুষ্ঠিত হ’ব এই মেচ। ২ আগষ্টৰ পৰা আৰম্ভ হ’ব এদিনীয়া ধাৰাবাহিকখন। বাকী দুখন মেচ ৪ আৰু ৭ আগষ্টত।

ৱান ডে স্কোয়াডঃ ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল (উপ অধিনায়ক), বিৰাট কোহলী, লোকেশ ৰাহুল, ঋষভ পন্ত (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, ৰিয়ান পৰাগ , অক্ষৰ পেটেল, খলিল আহমেদ আৰু হৰ্ষিত ৰাণা।

টি-২০ দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুবমান গিল (উপ অধিনায়ক), ইয়াছৱী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৰ্ছদীপ সিং, খলিল আহমেদ আৰু মহম্মদ চিৰাজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ