--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভ্ৰান্ত হৈছে দেশৰ জনতা৷ ১ এপ্ৰিলৰ পৰা ইউপিআইৰ জড়িয়তে ধনৰ লেনদেন কৰিলেও এক নিৰ্দিষ্ট সীমাৰ পিছত  মাচুল লাগিব বুলি ওলোৱা খবৰৰ কোনো স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই চৰকাৰে৷ এনে খবৰৰ মাজতে পেটিএমে ইউপিআইৰ জড়িয়তে ধনৰ লেনদেনত কোনো মাচুল আদায় লোৱা নহ’ব বুলি টুইটত কৈছে৷ কিন্তু চৰকাৰৰ পৰা কোনো স্পষ্টীকৰণ নোপোৱাত জনতা দিকভ্ৰান্ত হৈছে৷

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সমবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি   জিপে, পেটিএম, অন্যান্য লেনদেনত প্ৰযোজ্য হ’ব পাৰে  চাৰ্চাৰ্জ ৷ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (এনপিচিআই) এক বিজ্ঞপ্তিত কৈছে  যে  ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ  (ইউপিআই)ত ব্যৱসায়িক লেনদেনৰ ওপৰত "প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টচ (পিপিআই)" মাচুল আৰোপ কৰাৰ পৰামৰ্শ দিছে৷   ইউ.পি.আই. পৰিশোধ প্ৰণালীৰ পৰিচালনা সমিতিয়ে কৈছে  যে ইউ.পি.আইৰ জড়িয়তে ২০০০ টকাৰ ওপৰত কৰা  লেনদেনৰ ক্ষেত্ৰত পি.পি.আই. মাচুল আৰোপ কৰা হ'ব। ইয়াৰ ফলত লেনদেন মূল্যৰ ১.১% মাচুল লেনদেন কৰা জনে আদায় দিব লাগিব পাৰে৷ 

লেনদেন গ্ৰহণ, প্ৰক্ৰিয়াকৰণ আৰু আন ব্যয়ৰ ক্ষেত্ৰতো বিনিময় মাচুল আৰোপ কৰা হয়। এনে ব্যৱস্থাই ইউপিআই লেনদেনক  ব্যয়বহুল কৰি তোলাৰ সম্ভাৱনা আছে। এই নতুন নিয়মটো হ'ব চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব। ২০০০ টকাৰ ওপৰত কৰা লেনদেনৰ বাবে ৰেমিটাৰ বেঙ্কক মাচুলৰ ১৫  বেছিছ পইণ্ট পৰিশোধ কৰাৰো পৰামৰ্শ  দিয়াৰ কথা  বিজ্ঞপ্তিখনত  কোৱা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি দিছে৷ কিন্তু এই ক্ষেত্ৰত কেৱল পেটিএমৰ পৰাহে প্ৰতিক্ৰিয়া আহিছে৷ চৰকাৰৰ প্ৰতিক্ৰিয়াৰ বাবে জনতাই এতিয়া আগ্ৰহেৰে বাট চাইছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক