--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ   কাইলৈৰ পৰা দেশত আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ  প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । অসমৰ ৫টা সমষ্টিৰ লগতে দেশৰ মুঠ ১০২টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত মুঠ ২১খন ৰাজ্যত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । অসমৰ ৫টা লোকসভা সমষ্টিত ক্ৰমে  ডিব্ৰুগড়,যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৫গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব ।  দেশৰ আটাইকেইটা সমষ্টিতে ব॥ৱহাৰ কৰা হব ইভিএম। ই ভি এম হৈছে ভোটদান কৰিব পৰা এক  যন্ত্ৰ । ইভিএমত দুটা গোট  থাকে – এটা কণ্ট্ৰল ইউনিট আৰু এটা বেলটিং ইউনিট ।  ইয়াক  পাঁচ মিটাৰ কেবলৰ দ্বাৰা সংযুক্ত কৰা হয় ৷

নিয়ন্ত্ৰণ ইউনিটটো প্ৰিজাইডিং অফিচাৰ বা  পলিং অফিচাৰৰ সৈতে  স্থাপন কৰা থাকে  আৰু ভোটিং ইউনিটটো ভোট দান কৰা স্থানত স্থাপন কৰা হয় ৷  নিয়ন্ত্ৰণ ইউনিটৰ  বিষয়াই নিয়ন্ত্ৰণ ইউনিটৰ বেলট বুটাম টিপি ভোটাৰৰ বাবে বেলট মুকলি কৰে ৷ ভোটাৰে ভোটদান ইউনিটৰ বুটামটো টিপি নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিব পাৰে।  ভোটাৰে প্ৰাৰ্থীৰ  প্ৰতীক আৰু নাম চাই ভোটদান কৰিব পাৰে। ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)  দেশত প্ৰথমে ১৯৮২ চনত কেৰালাৰ  ৭০ নং পাৰ্ভুৰ বিধানসভা সমষ্টিত ব্যৱহাৰ কৰা হৈছিল। ভোটাৰসকলে ভোটদান গোটত থকা  নীলা বুটামটো হেঁচি ভোটাৰৰ পছন্দৰ প্ৰাৰ্থী আৰু প্ৰতীকৰ বাবে ভোট দিব পাৰিব। ইভিএমবোৰ সাধাৰণ বেটাৰীত চলে আৰু ইয়াত  বিদ্যুতৰ প্ৰয়োজন নহয়। এটা ইভিএম ব্যৱহাৰ কৰি সৰ্বাধিক ২,০০০  ভোট গ্ৰহণ কৰিব  পাৰি। যদি ইভিএম এটাই কাম কৰা বন্ধ কৰে, ইয়াক নতুন এটাৰে সলনি কৰা হয় আৰু সেই সময়লৈকে নিয়ন্ত্ৰণ গোটৰ মেম'ৰিত সকলো ডাটা  সুৰক্ষিত থাকে।

বেলট পেপাৰত প্ৰাৰ্থীসকলৰ নামৰ বিন্যাস বৰ্ণানুক্ৰমিক, প্ৰথমে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু তাৰ পিছত আন ৰাজ্যিক পঞ্জীভুক্ত দলৰ প্ৰাৰ্থী আদিৰ থাকে। 

নিৰ্বাচন আচৰণ বিধি , ১৯৬১-ৰ নিয়ম ৪৯ এমএ-ৰ বিধান অনুসৰি, প্ৰিজাইডিং বিষয়াই ভোটাৰসকলৰ পৰা লিখিত ঘোষণা গ্ৰহণ  কৰিব পাৰে যদি কোনো ভোটাৰে  দাবী কৰে যে তেওঁ  ভোট দান কৰাটো অশুদ্ধ প্ৰতীক আৰু নামত হৈছে। যদি ভোটাৰে নিয়ম ৪৯ এমএ-ৰ উপ-নিয়ম (১)ত উল্লেখ কৰা ধৰণে লিখিত ঘোষণা কৰে, প্ৰিজাইডিং বিষয়াই ভোটাৰক তেওঁৰ উপস্থিতিত ভোটিং মেচিনত পৰীক্ষামূলক ভোট ৰেকৰ্ড কৰিবলৈ অনুমতি দিব পাৰে আৰু ভোটাৰৰ দাবীটো পৰীক্ষা কৰি চাব পাৰে। 

যদি দাবীটো সঁচা বুলি গম পোৱা যায়, প্ৰিজাইডিং বিষয়াই লগে লগে ৰিটাৰ্ণিং বিষয়াকএই বিষয়ে জনাব । লগে লগে  সেই ভোটিং মেচিনত অধিক ভোটদান বন্ধ কৰিব আৰু ৰিটাৰ্ণিং বিষয়াই দিয়া নিৰ্দেশনা অনুসৰি কাম চলাই নিয়া হব। কেৱল ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু ইলেক্ট্ৰনিক্স কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ অভিযন্তাসকলে ই ভি এম আৰু ভিভিপিএটি পৰীক্ষা কৰে। ইভিএমত ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (VVPAT) থাকে। 

ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (VVPAT) হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ সৈতে সংযুক্ত ব্যৱস্থা যিয়ে ভোটাৰসকলক তেওঁলোকৰ ভোট সঠিক স্থানত  দিয়া হৈছে নে নাই সেয়া পৰীক্ষা কৰাৰ সুবিধা  দিয়ে ৷ যেতিয়া ভোটাৰে ই ভি এমৰ সংশ্লিষ্ট বুটামটো টিপে  তেতিয়া কাষৰ বুটামটো  ৰঙা হৈ পৰে আৰু বিপ শব্দ  এটা  এটা ওলায়। এই শব্দই ভোটদান হোৱাৰ কথা  নিশ্চিত কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement