--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ আৰম্ভ হ'ব।এনে সময়তে   যোগ গুৰু বাবা ৰামদেৱে  জনতাই কাক ভোট দিব লাগে সেই বিষয়ত নিজৰ মত প্ৰকাশ কৰি  কয়, " ৰামৰাজ্য প্ৰতিষ্ঠা কৰা হ'ব। ৰাম হৈছে আমাৰ চৰিত্ৰৰ সৈতে জৰিত ধাৰ্মিকতা। ৰাম এজন আদৰ্শ পুত্ৰ, পিতৃ আৰু শাসক। মই ৰামনৱমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো... আমাৰ আধ্যাত্মিক জীৱন সঁচাকৈয়ে সনাতনৰ সাংস্কৃতিক সংবিধানৰ দ্বাৰা পৰিচালিত , কিন্তু দেশখন ইয়াৰ সংবিধানৰ দ্বাৰা পৰিচালিত হয় যিয়ে আমাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে। মই বিচাৰো যে মানুহে এনে এখন চৰকাৰৰ বাবে ভোট দিয়ক যি ৰাষ্ট্ৰীয়তাবাদী আৰু সনাতনৰ শিপাৰ সৈতে সম্পৰ্কিত। মই মানুহক এনে এখন চৰকাৰৰ বাবে ভোট দিবলৈ আহ্বান জনাইছো যি সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰিব  আৰু দেশখনক এক অৰ্থনৈতিক মহাশক্তি  হিচাবে গঢ়ি তুলিব... দেশত ৰাম ৰাজ্য স্থাপন কৰাটো আমাৰ সংকল্প আৰু সমগ্ৰ বিশ্বতে ৰাম ৰাজ্যৰ মূল্যবোধ বিয়পি পৰিব..."। 

উচ্চতম ন্যায়ালয়ত  বাৰে বাৰে ভৰ্ৎসনাৰ সন্মুখীন হোৱা ৰামদেৱে   নাম নোলোৱাকৈ বিজেপিৰ হৈ কথা কোৱা শুনা গ'ল।   কাৰণ ৰামৰাজ্য বিজেপিৰ সপোন। যোগ গুৰুজনে দেশবাসীক লোকসভা নিৰ্বাচনত  দেশৰ সংস্কৃতি সুৰক্ষিত কৰিব পৰা এটা দলক ভোট দিবলৈ আহ্বান জনায়। তেওঁ কয়-আমি এখন চৰকাৰ গঠন কৰিব লাগিব যিয়ে দেশবাসীৰ সপোন পূৰণ কৰিব ।বিতৰ্কিত যোগ গুৰুজন শেহতীয়াকৈ হৰিদ্বাৰত আছিল। তেওঁ কয় "মই সকলোকে ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা মনত ৰাখি ভোট দিবলৈ অনুৰোধ জনাইছো। এনে এখন চৰকাৰ বাছনি কৰক যিএ ফালে দেশৰ সংস্কৃতি বজাই ৰাখিব আৰু আনফালে ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী অৰ্থনীতি তৈয়াৰ কৰিব। যদি আমি এনে চৰকাৰ নিৰ্বাচন কৰোঁ তেন্তে সকলো ভাৰতীয়ৰ সপোন পূৰণ হ'ব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ