--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ আৰম্ভ হ'ব।এনে সময়তে   যোগ গুৰু বাবা ৰামদেৱে  জনতাই কাক ভোট দিব লাগে সেই বিষয়ত নিজৰ মত প্ৰকাশ কৰি  কয়, " ৰামৰাজ্য প্ৰতিষ্ঠা কৰা হ'ব। ৰাম হৈছে আমাৰ চৰিত্ৰৰ সৈতে জৰিত ধাৰ্মিকতা। ৰাম এজন আদৰ্শ পুত্ৰ, পিতৃ আৰু শাসক। মই ৰামনৱমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো... আমাৰ আধ্যাত্মিক জীৱন সঁচাকৈয়ে সনাতনৰ সাংস্কৃতিক সংবিধানৰ দ্বাৰা পৰিচালিত , কিন্তু দেশখন ইয়াৰ সংবিধানৰ দ্বাৰা পৰিচালিত হয় যিয়ে আমাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে। মই বিচাৰো যে মানুহে এনে এখন চৰকাৰৰ বাবে ভোট দিয়ক যি ৰাষ্ট্ৰীয়তাবাদী আৰু সনাতনৰ শিপাৰ সৈতে সম্পৰ্কিত। মই মানুহক এনে এখন চৰকাৰৰ বাবে ভোট দিবলৈ আহ্বান জনাইছো যি সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰিব  আৰু দেশখনক এক অৰ্থনৈতিক মহাশক্তি  হিচাবে গঢ়ি তুলিব... দেশত ৰাম ৰাজ্য স্থাপন কৰাটো আমাৰ সংকল্প আৰু সমগ্ৰ বিশ্বতে ৰাম ৰাজ্যৰ মূল্যবোধ বিয়পি পৰিব..."। 

উচ্চতম ন্যায়ালয়ত  বাৰে বাৰে ভৰ্ৎসনাৰ সন্মুখীন হোৱা ৰামদেৱে   নাম নোলোৱাকৈ বিজেপিৰ হৈ কথা কোৱা শুনা গ'ল।   কাৰণ ৰামৰাজ্য বিজেপিৰ সপোন। যোগ গুৰুজনে দেশবাসীক লোকসভা নিৰ্বাচনত  দেশৰ সংস্কৃতি সুৰক্ষিত কৰিব পৰা এটা দলক ভোট দিবলৈ আহ্বান জনায়। তেওঁ কয়-আমি এখন চৰকাৰ গঠন কৰিব লাগিব যিয়ে দেশবাসীৰ সপোন পূৰণ কৰিব ।বিতৰ্কিত যোগ গুৰুজন শেহতীয়াকৈ হৰিদ্বাৰত আছিল। তেওঁ কয় "মই সকলোকে ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথা মনত ৰাখি ভোট দিবলৈ অনুৰোধ জনাইছো। এনে এখন চৰকাৰ বাছনি কৰক যিএ ফালে দেশৰ সংস্কৃতি বজাই ৰাখিব আৰু আনফালে ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী অৰ্থনীতি তৈয়াৰ কৰিব। যদি আমি এনে চৰকাৰ নিৰ্বাচন কৰোঁ তেন্তে সকলো ভাৰতীয়ৰ সপোন পূৰণ হ'ব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু