--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলাত ভাল প্ৰদৰ্শন কৰা ৰবিচন্দ্ৰন অশ্বিনে অতি সোনকালে আই পি এল ২০২৪তো নিজৰ যাদু প্ৰদৰ্শন কৰা দেখা যাব। ৰাজস্থান ৰয়েলছৰ এইগৰাকী স্পিনাৰ ধৰ্মশালাত ইংলেণ্ডৰ বিৰুদ্ধে শেষ টেষ্টৰ সময়ত ১০০ সংখ্যক টেষ্ট খেলি ৰাজকোটত ৫০০ টেষ্ট উইকেট দখল কৰাত সফল হয়। ইয়াৰ পিছত তামিলনাডু ক্ৰিকেট সন্থাই তেওঁক সম্বৰ্ধনা জনায়। একেটা বিষয়ৰ সৈতে জড়িত পোষ্টটোত অশ্বিনে নিজৰ অনুৰাগীসকলক উত্তৰ দিছিল।

এই সময়ছোৱাত দেখা গ’ল যে তেওঁ বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰকো উত্তৰ দিছিল যদিও পিছত যেতিয়া তেওঁ এই একাউণ্টটো ভুৱা বুলি গম পাইছিল৷

আচলতে আৰ অশ্বিনে চেন্নাইত তামিলনাডু ক্ৰিকেট সন্থাই আয়োজন কৰা তেওঁৰ সম্বৰ্ধনা অনুষ্ঠানৰ কিছু ছবি শ্বেয়াৰ কৰিছিল। এই সন্দৰ্ভত ৰবীন্দ্ৰ জাদেজাই মন্তব্য কৰি সুধিলে- ‘‘মোৰ তামিল কেনেকুৱা।’’ লগতে জাদেজাই তেওঁক ১০০খন টেষ্ট আৰু ৫০০ উইকেট সম্পূৰ্ণ কৰাৰ বাবে তামিল ভাষাত অভিনন্দন জনায়। 

এই সন্দৰ্ভত ঝনৱী কাপুৰৰ পেৰ’ডি একাউণ্টৰ পৰা উত্তৰ আহিল যে-‘‘বৰ ভাল লাগিল অশ্বিন’’। অশ্বিনেও  লিখিছে – ‘‘হাই জাহ্নৱী!’’

ইয়াৰ পিছত আন এজন অনুৰাগীয়ে লিখিলে যে ছাৰ এইটো পেৰ’ডি অৰ্থাৎ ভুৱা একাউণ্ট। আনকি একেটা একাউণ্টৰ প্ৰশাসকেও ক’লে যে এইটো এটা ভুৱা একাউণ্ট। এই বিষয়ে অশ্বিনে লিখিছে- ‘‘অ’ মাই গড, এইটো এনেকুৱাহে নেকি? মোৰ হৃদয় ভাঙি গ’ল। ’’ 
ঝনৱী কাপুৰৰ পেৰ’ডি একাউণ্টৰ উত্তৰত অশ্বিনে লিখিছে, "আপুনি ক'ব নালাগে যে এইটো এটা পেৰ'ডি একাউণ্ট। আপোনাৰ সৈতে এনেকুৱা মত বিনিময় কৰাটো মজা লাগিছিল যেন আপুনি বাস্তৱিক।" অশ্বিনে এটা হাঁহিৰ ইমোজিও যোগ কৰিছে।

অশ্বিনে শীঘ্ৰে ৰাজস্থান ৰয়েলছত যোগদান কৰিবলৈ ওলাইছে। তেওঁ পাঁচখন খেলৰ টেষ্ট শৃংখলাত খেলিছিল। লগৰ বাকী সকলো খেলুৱৈয়ে জয়পুৰত প্ৰস্তুতি চলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ