--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ চেন্নাই এৰি দুবছৰ পূৰ্বে বাংগালুৰুত যোগদান কৰিছিল। এতিয়া বিৰাট কোহলীৰ সৈতে অপেনিং কৰে। যথেষ্ট সফল হৈছে এই যুটি। এইবাৰ আই পি এলৰ পূৰ্বে ফাফ ডু প্লেছিছে পুনৰ কোহলীৰ সৈতে নিজৰ কেমিষ্ট্ৰীৰ বিষয়ে মুকলিকৈ ক’লে। বেংগালুৰুৰ অধিনায়কগৰাকীয়ে কয় যে কোহলীৰ সৈতে তেওঁৰ সফলতাৰ অন্যতম কাৰণ খেলপথাৰৰ ভিতৰত আৰু বাহিৰত তেওঁৰ ভাল সম্পৰ্ক।

কোহলীৰ পৰা বাংগালুৰুৰ নেতৃত্ব লোৱা ডুপ্লেছিয়ে কয়, ‘কোহলীৰ সৈতে বেটিং কৰাৰ অভিজ্ঞতা আচৰিত। বেটিং কৰি ভাল পোৱা কেইজনমানৰ ভিতৰত তেওঁ অন্যতম। মোৰ দৰে তেওঁৰ বহুত শক্তি আছে। খেলপথাৰত ইমান হৃদয়েৰে খেল খেলা ক্ৰিকেটাৰ খুব কমেইহে দেখিছোঁ। তেওঁ নিজৰ ক্ষমতা আনৰ মাজত বিয়পাই দিয়ে। বুজি পোৱা নাই কেনেকৈ মোকাবিলা কৰিব লাগে। অনুশীলনতৰ সময়তো কোহলীৰ  প্ৰতিযোগিতামূলক মনোভাৱ দেখা পাওঁ।’

কোহলী এতিয়া অধিনায়ক নহ’লেও মেচৰ সময়ত ইটোৰ পিছত সিটোকৈ উপদেশ দিয়া ধৰণেৰে ডুপলেছিৰ মনটোও আঁতৰি যায়। কয়, “ফিল্ডিং ব্যৱস্থা মোৰ বাবে এতিয়াও অতি গুৰুত্বপূৰ্ণ। খেলপথাৰত বহু দিশত দলটোক নেতৃত্ব দিয়ে। কিন্তু ফিল্ডিঙৰ ক্ষেত্ৰত তেওঁ সকলোতকৈ পৃথক।’

ডুপলেচিছে লগতে কয়, “আমি দুয়ো খাদ্য ভাল পাওঁ আৰু কাপোৰৰ বজাৰ কৰাটো ভাল পাওঁ। আনকি এটা ধুনীয়া সাজ-পোছাক কিনিলে বা পিন্ধিলে ইজনে সিজনক ছবি পঠাও। মোৰ ওপৰত তেওঁৰ প্ৰবল প্ৰভাৱ আছে। ঘড়ীৰ প্ৰতি দুয়োৰে আকৰ্ষণ একে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ