--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ জামা মছজিদ এটা সময়ত নীলকণ্ঠ মহাদেৱৰ মন্দিৰ আছিল বুলি বহুতে কৰি অহা দাবীকলৈ বিতৰ্কৰ সৃষ্টি হৈ আহিছে৷ মছজিদটো মন্দিৰৰ ভেটিত নিৰ্মাণ কৰা হৈছিল নে আৰম্ভণিৰে পৰা ই এটা মছজিদ আছিল? সেই প্ৰশ্নকলৈ নানান সময়ত বহুতৰে মাজত বিবাদৰো সূত্ৰপাত ঘটিছে৷ 

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে উত্তৰ প্ৰদেশৰ জামা মছজিদক লৈ অখিল ভাৰত হিন্দু মহাসভাই কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বিবাদ  নিষ্পত্তিৰ বাবে  এক জৰীপ চলাবলৈ  সন্মত হৈছে। হিন্দু মহাসভাই দাবী কৰি আহিছে  যে বাদাউনত থকা নীলকণ্ঠ মহাদেৱৰ মন্দিৰ ভাঙি মছজিদলৈ পৰিৱৰ্তন কৰা হৈছিল আৰু  জামা মছজিদ বুলি নামকৰণ কৰা হৈছিল। হিন্দু মহাসভাই দাবীটোৰ সত্যতা পৰীক্ষা কৰিবলৈ এএছআইক জৰীপ চলাবলৈ  অনুৰোধ জনাইছিল। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জৰীপ চলাবলৈ  সন্মত হৈছে৷ ইতিমধ্যে বিষয়টোকলৈ  বাদাউন আদালতত আবেদন দাখিল কৰা হৈছে৷

২০২২ চনৰ ছেপ্টেম্বৰ মাহত অখিল ভাৰত হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি মুকেশ পেটেলে বাদাউনৰ সত্ৰ আদালতত এই বিষয়ে আবেদন দাখিল কৰিছিল। আবাদনত তেওঁ দাবী কৰিছিল যে  যে জামা মছজিদ প্ৰকৃততে পূৰ্বৰ এটা শিৱ মন্দিৰহে৷ তেওঁৰ মতে এটা সময়ত  নীলকণ্ঠ মহাদেৱৰ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু তাৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হৈছিল।তেওঁ তৰা গোচৰটোত তিনিটা পক্ষ ক্ৰমে  এএছআই, ৰাজ্য চৰকাৰ আৰু মছজিদ কৰ্তৃপক্ষ জড়িত হৈ আছে। আদালতে গোচৰটোৰ বিষয়ত  এএছআইৰ মতামত বিচাৰিছিল।আদালতত আবেদনকাৰী হিন্দু মহাসভাৰ হৈ উপস্থিত থকা  অধিবক্তা বেদ প্ৰকাশ চাওৱে কয় যে আদালতে এএছআইক ১৫ দিনৰ সময় দিছে। এই সময়ছোৱাৰ ভিতৰত  প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিব লাগিব। গোচৰটোৰ পৰৱৰ্তী শুনানি ৩০ মে'ত হ'ব।

উত্তৰ প্ৰদেশৰ কেইবাটাও মছজিদ মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছে বুলি বহুতে অভিযোগ উত্থাপন কৰি আহিছে। কিছুমান ঠাইত মছজিদৰ তলত শিৱলিংগও পোৱা গৈছে৷ সেইবোৰৰ  সত্যতা পৰীক্ষা কৰিবলৈ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা জ্ঞানৱাপীৰ দৰে কেইবাটাও মছজিদত খনন আৰু জৰীপ চলি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'