--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ জামা মছজিদ এটা সময়ত নীলকণ্ঠ মহাদেৱৰ মন্দিৰ আছিল বুলি বহুতে কৰি অহা দাবীকলৈ বিতৰ্কৰ সৃষ্টি হৈ আহিছে৷ মছজিদটো মন্দিৰৰ ভেটিত নিৰ্মাণ কৰা হৈছিল নে আৰম্ভণিৰে পৰা ই এটা মছজিদ আছিল? সেই প্ৰশ্নকলৈ নানান সময়ত বহুতৰে মাজত বিবাদৰো সূত্ৰপাত ঘটিছে৷ 

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে উত্তৰ প্ৰদেশৰ জামা মছজিদক লৈ অখিল ভাৰত হিন্দু মহাসভাই কৰি অহা দাবীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বিবাদ  নিষ্পত্তিৰ বাবে  এক জৰীপ চলাবলৈ  সন্মত হৈছে। হিন্দু মহাসভাই দাবী কৰি আহিছে  যে বাদাউনত থকা নীলকণ্ঠ মহাদেৱৰ মন্দিৰ ভাঙি মছজিদলৈ পৰিৱৰ্তন কৰা হৈছিল আৰু  জামা মছজিদ বুলি নামকৰণ কৰা হৈছিল। হিন্দু মহাসভাই দাবীটোৰ সত্যতা পৰীক্ষা কৰিবলৈ এএছআইক জৰীপ চলাবলৈ  অনুৰোধ জনাইছিল। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জৰীপ চলাবলৈ  সন্মত হৈছে৷ ইতিমধ্যে বিষয়টোকলৈ  বাদাউন আদালতত আবেদন দাখিল কৰা হৈছে৷

২০২২ চনৰ ছেপ্টেম্বৰ মাহত অখিল ভাৰত হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি মুকেশ পেটেলে বাদাউনৰ সত্ৰ আদালতত এই বিষয়ে আবেদন দাখিল কৰিছিল। আবাদনত তেওঁ দাবী কৰিছিল যে  যে জামা মছজিদ প্ৰকৃততে পূৰ্বৰ এটা শিৱ মন্দিৰহে৷ তেওঁৰ মতে এটা সময়ত  নীলকণ্ঠ মহাদেৱৰ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু তাৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হৈছিল।তেওঁ তৰা গোচৰটোত তিনিটা পক্ষ ক্ৰমে  এএছআই, ৰাজ্য চৰকাৰ আৰু মছজিদ কৰ্তৃপক্ষ জড়িত হৈ আছে। আদালতে গোচৰটোৰ বিষয়ত  এএছআইৰ মতামত বিচাৰিছিল।আদালতত আবেদনকাৰী হিন্দু মহাসভাৰ হৈ উপস্থিত থকা  অধিবক্তা বেদ প্ৰকাশ চাওৱে কয় যে আদালতে এএছআইক ১৫ দিনৰ সময় দিছে। এই সময়ছোৱাৰ ভিতৰত  প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিব লাগিব। গোচৰটোৰ পৰৱৰ্তী শুনানি ৩০ মে'ত হ'ব।

উত্তৰ প্ৰদেশৰ কেইবাটাও মছজিদ মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছে বুলি বহুতে অভিযোগ উত্থাপন কৰি আহিছে। কিছুমান ঠাইত মছজিদৰ তলত শিৱলিংগও পোৱা গৈছে৷ সেইবোৰৰ  সত্যতা পৰীক্ষা কৰিবলৈ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা জ্ঞানৱাপীৰ দৰে কেইবাটাও মছজিদত খনন আৰু জৰীপ চলি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে