--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত দুৰ্বৃত্তই নিচেই কাষৰে পৰা গুলীয়াই হত্যা কৰিলে ৰাজ্য খনৰ বিজেপিৰ এজন শীৰ্ষ নেতাক৷ এই ঘটনাই সমগ্ৰ ৰাজ্য খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিজেপি নেতাজনক হত্যাৰ পিছতে আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীয়ে  অঞ্চলটোত অভিযান আৰম্ভ কৰিছে৷ 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে দিনৰ ভাগত গুজৰাটৰ  ভালছাদ জিলাৰ দুংগাৰা আৰক্ষী থানা এলেকাত  বিজেপি নেতা শৈলেশ পেটেলক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। জানিব পৰা মতে এটা মন্দিৰৰ কাষতে বিজেপি নেতা জনে তেওঁৰ গাড়ীত পত্নী অহালৈ অপেক্ষা কৰি আছিল৷ সেই সময়তে মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই তেওঁক নিচেই কাষৰ পৰা গুলীয়ায়৷ 

দেহত কেইবাটাও গুলী লগা শৈলেশ পেটেলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷আৰক্ষী বিষয়াসকলে আক্ৰমণৰ কাৰণ আৰু ইয়াৰ আঁৰত কোন আছে সেই বিষয়ত  অনুসন্ধান কৰি আছে।

শৈলেশ ভালছাদৰ  বিজেপিৰ উপ-সভাপতি আছিল। বিজেপি নেতা সুৰেশ পেটেলে কয়  যে শৈলেশে সোমবাৰে পুৱা তেওঁৰ পত্নীৰ সৈতে এখন এছইউভি বাহনত  মন্দিৰলৈ  প্ৰাৰ্থনা কৰিবলৈ গৈছিল। পূজাৰ পিছত তেওঁ মন্দিৰৰ বাহিৰত গাড়ীত বহি তেওঁৰ পত্নীৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে অচিনাক্ত আক্ৰমণকাৰীয়ে  দুখন মটৰচাইকেলত আহি শৈলেশৰ ওপৰত গুলীচালনা কৰিছিল। 

আৰক্ষীয়ে সংবাদ মাধ্যমক কৈছে যে তেওঁলোকে আক্ৰমণকাৰীসকলক বিচাৰি উলিয়াবলৈ মন্দিৰৰ চাৰিওফালে থকা চিচিটিভি কেমেৰাৰ পৰা ফুটেজ সংগ্ৰহ কৰা হৈছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান