--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত দুৰ্বৃত্তই নিচেই কাষৰে পৰা গুলীয়াই হত্যা কৰিলে ৰাজ্য খনৰ বিজেপিৰ এজন শীৰ্ষ নেতাক৷ এই ঘটনাই সমগ্ৰ ৰাজ্য খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিজেপি নেতাজনক হত্যাৰ পিছতে আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীয়ে  অঞ্চলটোত অভিযান আৰম্ভ কৰিছে৷ 

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে দিনৰ ভাগত গুজৰাটৰ  ভালছাদ জিলাৰ দুংগাৰা আৰক্ষী থানা এলেকাত  বিজেপি নেতা শৈলেশ পেটেলক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। জানিব পৰা মতে এটা মন্দিৰৰ কাষতে বিজেপি নেতা জনে তেওঁৰ গাড়ীত পত্নী অহালৈ অপেক্ষা কৰি আছিল৷ সেই সময়তে মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই তেওঁক নিচেই কাষৰ পৰা গুলীয়ায়৷ 

দেহত কেইবাটাও গুলী লগা শৈলেশ পেটেলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷আৰক্ষী বিষয়াসকলে আক্ৰমণৰ কাৰণ আৰু ইয়াৰ আঁৰত কোন আছে সেই বিষয়ত  অনুসন্ধান কৰি আছে।

শৈলেশ ভালছাদৰ  বিজেপিৰ উপ-সভাপতি আছিল। বিজেপি নেতা সুৰেশ পেটেলে কয়  যে শৈলেশে সোমবাৰে পুৱা তেওঁৰ পত্নীৰ সৈতে এখন এছইউভি বাহনত  মন্দিৰলৈ  প্ৰাৰ্থনা কৰিবলৈ গৈছিল। পূজাৰ পিছত তেওঁ মন্দিৰৰ বাহিৰত গাড়ীত বহি তেওঁৰ পত্নীৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে অচিনাক্ত আক্ৰমণকাৰীয়ে  দুখন মটৰচাইকেলত আহি শৈলেশৰ ওপৰত গুলীচালনা কৰিছিল। 

আৰক্ষীয়ে সংবাদ মাধ্যমক কৈছে যে তেওঁলোকে আক্ৰমণকাৰীসকলক বিচাৰি উলিয়াবলৈ মন্দিৰৰ চাৰিওফালে থকা চিচিটিভি কেমেৰাৰ পৰা ফুটেজ সংগ্ৰহ কৰা হৈছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে