--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেত্ৰী টুনিছা শৰ্মাৰ আত্মহত্যাৰ গোচৰত মহাৰাষ্ট্ৰৰ আদালতে শ্বীজান খানৰ জামিন আবেদন নাকচ কৰিছে। ভাছাই আদালতে মানি লৈছিল যে দুয়োৰে মাজত সম্পৰ্ক আছিল। ১৫ ডিচেম্বৰত দুয়োৰে ব্ৰেকআপ হৈছিল আৰু ১৬ ডিচেম্বৰত টুনিছাৰ পেনিক এটেক হৈছিল। ২৪ ডিচেম্বৰত যেতিয়া টুনিশাই আত্মহত্যা কৰিছিল তেতিয়া শ্বীজানেই আছিল টুনিছাক লগ পোৱা শেষ ব্যক্তি। এই কথা চিচিটিভিৰ ফুটেজতো নিশ্চিত হৈছে।

আদালতে মানি লৈছিল যে টুনিছা ব্ৰেকআপৰ পাছত ডিপ্ৰেছনত আছিল। আত্মহত্যাৰ পূৰ্বে শিজনৰ কোঠাত আছিল টুনিছা। তদন্তৰ এই পৰ্যায়ত যদি জামিন দিয়া হয় তেন্তে গোচৰটো প্ৰভাৱিত হ’ব পাৰে। এই সকলোবোৰ পৰিস্থিতিৰ তদন্তৰ প্ৰয়োজন।

সহ অভিনেত্ৰী টুনিশা শৰ্মাক আত্মহত্যা কৰাত সহযোগিতা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্বীজান। ২১ বছৰীয়া টুনিশাই খানৰ সৈতে টেলিভিছন ধাৰাবাহিক ‘আলী বাবা: দস্তান-ই-কাবুল’ত অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে যোৱা ২৪ ডিচেম্বৰত ভাছাইৰ সমীপত এখন ধাৰাবাহিকৰ চেটত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰেমৰ সম্পৰ্ক আছিল যদিও শেহতীয়াকৈ দুয়োৰে বিচ্ছেদ হৈছিল।

যোৱা ২৫ ডিচেম্বৰত ভাছাই আৰক্ষীয়ে টুনিছাক আত্মহত্যাত সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। যোৱা শুনানিত অভিযোগকাৰী বনীতা শৰ্মাৰ হৈ হাজিৰ হোৱা অধিবক্তা তৰুণ শৰ্মাই অপৰাধ গুৰুতৰ বুলি কৈ জামিন আবেদনৰ বিৰোধিতা কৰিছিল।

আনহাতে  শ্বীজান খানৰ অধিবক্তা শৈলেন্দ্ৰ মিশ্ৰ আৰু শৰদ ৰায়ে বৰ্তমান থানে কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি অভিনেতাগৰাকীক জামিন মঞ্জুৰ কৰিবলৈ আদালতক অনুৰোধ জনায়। খানৰ অধিবক্তাই কৈছিল যে এই গোচৰত আত্মহত্যাত সহায় কৰাৰ অভিযোগ প্ৰযোজ্য নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক