--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেত্ৰী টুনিছা শৰ্মাৰ আত্মহত্যাৰ গোচৰত মহাৰাষ্ট্ৰৰ আদালতে শ্বীজান খানৰ জামিন আবেদন নাকচ কৰিছে। ভাছাই আদালতে মানি লৈছিল যে দুয়োৰে মাজত সম্পৰ্ক আছিল। ১৫ ডিচেম্বৰত দুয়োৰে ব্ৰেকআপ হৈছিল আৰু ১৬ ডিচেম্বৰত টুনিছাৰ পেনিক এটেক হৈছিল। ২৪ ডিচেম্বৰত যেতিয়া টুনিশাই আত্মহত্যা কৰিছিল তেতিয়া শ্বীজানেই আছিল টুনিছাক লগ পোৱা শেষ ব্যক্তি। এই কথা চিচিটিভিৰ ফুটেজতো নিশ্চিত হৈছে।

আদালতে মানি লৈছিল যে টুনিছা ব্ৰেকআপৰ পাছত ডিপ্ৰেছনত আছিল। আত্মহত্যাৰ পূৰ্বে শিজনৰ কোঠাত আছিল টুনিছা। তদন্তৰ এই পৰ্যায়ত যদি জামিন দিয়া হয় তেন্তে গোচৰটো প্ৰভাৱিত হ’ব পাৰে। এই সকলোবোৰ পৰিস্থিতিৰ তদন্তৰ প্ৰয়োজন।

সহ অভিনেত্ৰী টুনিশা শৰ্মাক আত্মহত্যা কৰাত সহযোগিতা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্বীজান। ২১ বছৰীয়া টুনিশাই খানৰ সৈতে টেলিভিছন ধাৰাবাহিক ‘আলী বাবা: দস্তান-ই-কাবুল’ত অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে যোৱা ২৪ ডিচেম্বৰত ভাছাইৰ সমীপত এখন ধাৰাবাহিকৰ চেটত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰেমৰ সম্পৰ্ক আছিল যদিও শেহতীয়াকৈ দুয়োৰে বিচ্ছেদ হৈছিল।

যোৱা ২৫ ডিচেম্বৰত ভাছাই আৰক্ষীয়ে টুনিছাক আত্মহত্যাত সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। যোৱা শুনানিত অভিযোগকাৰী বনীতা শৰ্মাৰ হৈ হাজিৰ হোৱা অধিবক্তা তৰুণ শৰ্মাই অপৰাধ গুৰুতৰ বুলি কৈ জামিন আবেদনৰ বিৰোধিতা কৰিছিল।

আনহাতে  শ্বীজান খানৰ অধিবক্তা শৈলেন্দ্ৰ মিশ্ৰ আৰু শৰদ ৰায়ে বৰ্তমান থানে কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি অভিনেতাগৰাকীক জামিন মঞ্জুৰ কৰিবলৈ আদালতক অনুৰোধ জনায়। খানৰ অধিবক্তাই কৈছিল যে এই গোচৰত আত্মহত্যাত সহায় কৰাৰ অভিযোগ প্ৰযোজ্য নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু