--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুত্ববাদীসকলৰ ঘৃণা আৰু হিংসাত্মক ভাষণৰ ঘটনাৰ তদন্তত দিল্লী আৰক্ষীয়ে প্ৰায় নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ে এইদৰে অসন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে শুকুৰবাৰে বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰি কয়- "তদন্তসমূহত কোনো স্পষ্ট অগ্ৰগতি হোৱা নাই।''

কেইমাহমান আগতে শীৰ্ষ ন্যায়ালয়ে দিল্লী আৰু উত্তৰাখণ্ডৰ আৰক্ষীৰ পৰা ২০২১ চনত দিল্লী আৰু হৰিদ্বাৰত অনুষ্ঠিত ধৰ্ম সংসদৰ সন্দৰ্ভত লিখিত উত্তৰ বিচাৰিছিল। ঘটনাটোত সমাজকৰ্মী তুষাৰ গান্ধীয়ে অভিযোগ কৰিছিল যে দিল্লী আৰু উত্তৰাখণ্ড আৰক্ষীয়ে তদন্তত অৱহেলা কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ৰ অধীনত থকা দিল্লী আৰক্ষীৰ উত্তৰে শীৰ্ষ ন্যায়ালয়ক সন্তুষ্ট কৰিব নোৱাৰিলে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক নিৰ্দেশ দিছিল যে ঘৃণামূলক ভাষণ গোচৰত দিল্লী আৰক্ষীৰ তদন্তকাৰী বিষয়াই দুসপ্তাহৰ ভিতৰত এখন শপতনামা দাখিল কৰিব লাগিব। অনুসন্ধানৰ অগ্ৰগতি বিতংভাৱে বৰ্ণনা কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু