--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে আমি ক’লা জামু খালে ইয়াৰ মঙহাল খাই গুটিটো পেলাই দিওঁ। কিন্তু এই গুটিতোতো থাকে বহু উপকাৰী গুণ। বহু বেমাৰৰ ঔষধ এই ক’লা জামুৰ গুটি। ভাৰতীয় ব্লেকবেৰী বা এই ক’লা জামু বহুতো বনৌষধত ব্যৱহাৰ হয়। ইয়াত ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, আইৰন, ফাইবাৰ, পটেচিয়াম, মেগনেছিয়াম, প্ৰটিন, কাৰ্বোহাইড্ৰেট আদি অধিক পৰিমাণে পোৱা যায়।

কিন্তু অলাগতিয়াল যেন লগা সেই জামুৰ গুটিও বহু উপকাৰী। জামুৰ গুটিয়ে বহুতো সমস্যাৰ পৰা সকাহ দিব পাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে জামুৰ গুটিয়ে কিডনীৰ পাথৰ সমস্যাৰ পৰাও সকাহ দিয়ে। সদায়ে পেলাই দিয়া সেই গুটিটোত কি কি গুণ আছে জানি লওঁ আহক।

জামু গুটিৰ উপকাৰিতা

১) ডায়েবেটিছ নিয়ন্ত্ৰিত হয়ঃ বৰ্তমানৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বেয়া অভ্যাসৰ বাবে মধুমেহ ৰোগৰ সমস্যা মানুহৰ মাজত বেছিকৈ দেখা পোৱা যায়। আপোনাৰ ঘৰৰ কোনোবা যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে জামু গুটিয়ে উপকাৰ কৰিব পাৰিব। ইয়াৰ গুড়ি সেৱন কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা এচামুচ গুড়ি কুহুমীয়া পানীৰ লগত খাব লাগে। এনে কৰিলে তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত হয়।

২) পেটৰ সমস্যাত সকাহ দিয়েঃ জামুৰ বীজত আঁহ, চৰ্বি, প্ৰটিন, খনিজ পদাৰ্থ আৰু ভিটামিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াত থকা আঁহে কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে। ইয়াত আঁহৰ পৰিমাণ বেছি থকাৰ বাবে পেটটো সহজে পৰিষ্কাৰ হয়। ইয়াৰ গুড়ি চালাড, গাখীৰ আৰু চৰ্বতৰ সৈতেও খাব পাৰে।

৩) জামু গুটিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়ঃ জামু গুটিত এণ্টিঅক্সিডেণ্ট আৰু ফ্লেভনয়ড পোৱা যায় যিয়ে শৰীৰৰ পৰা ফ্ৰী ৰেডিকেল আঁতৰাই পেলায়। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাত সহায় কৰে। 

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰে, যাৰ ফলত সংক্ৰামক ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। 

৫) উচ্চ ৰক্তচাপ হ্ৰাসঃ ইয়াক সেৱন কৰিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম লাভ কৰে, যিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ কাম কৰে।

৬) প্ৰস্ৰাৱৰ সমস্যাঃ সঘনাই হৈ থকা প্ৰস্ৰাৱৰ সমস্যাত কাম দিয়ে জামুৰ গুটিয়ে। 

জামু গুটি ব্যৱহাৰ কৰিবলৈ হ’লে ইয়াক ৰ’দত শুকুৱাই গুড়ি কৰি ল’ব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস