--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে আমি ক’লা জামু খালে ইয়াৰ মঙহাল খাই গুটিটো পেলাই দিওঁ। কিন্তু এই গুটিতোতো থাকে বহু উপকাৰী গুণ। বহু বেমাৰৰ ঔষধ এই ক’লা জামুৰ গুটি। ভাৰতীয় ব্লেকবেৰী বা এই ক’লা জামু বহুতো বনৌষধত ব্যৱহাৰ হয়। ইয়াত ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, আইৰন, ফাইবাৰ, পটেচিয়াম, মেগনেছিয়াম, প্ৰটিন, কাৰ্বোহাইড্ৰেট আদি অধিক পৰিমাণে পোৱা যায়।

কিন্তু অলাগতিয়াল যেন লগা সেই জামুৰ গুটিও বহু উপকাৰী। জামুৰ গুটিয়ে বহুতো সমস্যাৰ পৰা সকাহ দিব পাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে জামুৰ গুটিয়ে কিডনীৰ পাথৰ সমস্যাৰ পৰাও সকাহ দিয়ে। সদায়ে পেলাই দিয়া সেই গুটিটোত কি কি গুণ আছে জানি লওঁ আহক।

জামু গুটিৰ উপকাৰিতা

১) ডায়েবেটিছ নিয়ন্ত্ৰিত হয়ঃ বৰ্তমানৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বেয়া অভ্যাসৰ বাবে মধুমেহ ৰোগৰ সমস্যা মানুহৰ মাজত বেছিকৈ দেখা পোৱা যায়। আপোনাৰ ঘৰৰ কোনোবা যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে জামু গুটিয়ে উপকাৰ কৰিব পাৰিব। ইয়াৰ গুড়ি সেৱন কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা এচামুচ গুড়ি কুহুমীয়া পানীৰ লগত খাব লাগে। এনে কৰিলে তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত হয়।

২) পেটৰ সমস্যাত সকাহ দিয়েঃ জামুৰ বীজত আঁহ, চৰ্বি, প্ৰটিন, খনিজ পদাৰ্থ আৰু ভিটামিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াত থকা আঁহে কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে। ইয়াত আঁহৰ পৰিমাণ বেছি থকাৰ বাবে পেটটো সহজে পৰিষ্কাৰ হয়। ইয়াৰ গুড়ি চালাড, গাখীৰ আৰু চৰ্বতৰ সৈতেও খাব পাৰে।

৩) জামু গুটিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়ঃ জামু গুটিত এণ্টিঅক্সিডেণ্ট আৰু ফ্লেভনয়ড পোৱা যায় যিয়ে শৰীৰৰ পৰা ফ্ৰী ৰেডিকেল আঁতৰাই পেলায়। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাত সহায় কৰে। 

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰে, যাৰ ফলত সংক্ৰামক ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। 

৫) উচ্চ ৰক্তচাপ হ্ৰাসঃ ইয়াক সেৱন কৰিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম লাভ কৰে, যিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ কাম কৰে।

৬) প্ৰস্ৰাৱৰ সমস্যাঃ সঘনাই হৈ থকা প্ৰস্ৰাৱৰ সমস্যাত কাম দিয়ে জামুৰ গুটিয়ে। 

জামু গুটি ব্যৱহাৰ কৰিবলৈ হ’লে ইয়াক ৰ’দত শুকুৱাই গুড়ি কৰি ল’ব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement