--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাক-পাচলিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়।

ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি, কিন্তু  সেই সম্পৰ্কে আমি বাৰু কিমানখিনি অৱগত! ভেণ্ডিৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক।

অসমৰ আৰ্দ্ৰভূমিত প্ৰচুৰ পৰিমাণে ভেণ্ডি উৎপাদন হয়।  ভেণ্ডিৰ উপকাৰিতা বিষয়ে আজি কিছু কথা পাঠকক অৱগত কৰিব খোজা হৈছে।

 ভেণ্ডিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। যিবোৰ আমাৰ শৰীৰ বাবে অতীৱ প্ৰয়োজন।

 হৃদৰোগীৰ বাবেও ভেণ্ডি অতি উপকাৰী। কাৰণ ভেণ্ডিত থকা প্ৰচুৰ পৰিমাণৰ দ্ৰৱণীয় ফাইবাৰে দ্ৰুত গতিত এই ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়ে ভেণ্ডি খালে এই ৰোগৰ পৰা উপশম পাব পাৰে।

দৈনিক ভেণ্ডি খালে শৰীৰৰ চুগাৰো নিয়ন্ত্ৰণত থাকে। সেয়ে চুগাৰ থকা মানুহে ভেণ্ডি খালে সুফল লাভ কৰিব পাৰে।

ভেণ্ডিয়ে মানুহৰ হজম প্ৰক্ৰিয়া সঠিক কৰি ৰাখে। কৌষ্ঠকাঠিন্যত ভোগা মানুহে ভেণ্ডি খালে এই ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে।

 ভেণ্ডি দাইলত দি পিটিকি খালেও পেটৰ নানা ৰোগ নাশ হয়। পেট কামুৰিলে ভেণ্ডি সিজাই খালে সুফল পোৱা যায়।শাক-পাচলিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস