--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালজিৰা এবিধ সকলোৰে পৰিচিত মচলা। সাধাৰণ -চৰ্দী আদিত মিঠাতেলৰ সৈতে কালজিৰা গৰম কৰি মালিছ কৰিলে যথেষ্ট সুফল পোৱা যায়। কেৱল মছলা হিচাবেই নহয়, কালজিৰাৰ পৰা লাভ কৰা তেল বজাৰত কিনিবলৈ পোৱা যায়। কালজিৰাৰ তেলে আমাক বহু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
 
কালজিৰা বা কালঞ্জী তেল নাইজেলা ছেটিভা নামৰ গছৰ পৰা হোৱা ক’লা গুটিৰ পৰা প্ৰস্তুত কৰা হয়। ছাল আৰু চুলিৰ শ্ৰীবৃদ্ধিৰ বাবেও এই তেল  ব্যৱহাৰ কৰা হয়।

কালঞ্জী তেলৰ কেইটামান উপকাৰীতা এনেধৰণৰ  

কৰ্কটপ্ৰতিৰোধী :

কালঞ্জী তেলত থকা কাৰ্চিন’জেনিক প্ৰপাৰ্টিয়ে কিছুমান ধৰণৰ কেঞ্চাৰ (ব্লাড কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ, আন্ত্ৰিক কেঞ্চাৰ আদি) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এগিলাচ সতেজ আঙুৰৰ ৰসত ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক।এই মিশ্ৰণখিনি প্ৰতিদিনে তিনিবাৰকৈ সেৱন কৰিলে ভাল ফল লাভ কৰিব।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে :

এক সংখ্যক মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়। কালঞ্জী তেলে আমাৰ ৰক্তচাপৰ পৰিমান নিয়ন্ত্ৰণ কৰি এইক্ষেত্ৰত সকাহ দিব পাৰে। মাত্ৰ ১/২ চাহ চামুচ তেল একাপ গৰম চাহ বা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খাওক।

হৃদৰোগত উপকাৰী :

কাৰ্ডিঅ’ভেছকুলাৰ হেলথ্ ধৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী আৰু কালঞ্জী তেলে এইক্ষেত্ৰত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। আপুনি ১/২ চাহ চামুচ তেল একাপ সতেজ ছাগলীৰ গাখীৰৰ সৈতে প্ৰতিদিনে ৰাতিপুৱা ২-৩ সপ্তাহ একেলেথাৰিয়ে খাওক। ইয়ে হাৰ্ট এটেক আৰু আন কাৰ্ডিঅ’ভেছকুলাৰ সমস্যা দূৰত থাকিব।

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ

কালঞ্জী তেলে আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে, ইয়াক মধুমেহ প্ৰতিৰোধ তথা পৰিচালনাৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। একাপ সতেজ ব্লেক টীৰ (চাহৰ) সৈতে ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু নিশা ইয়াক সেৱন কৰিলে এমাহৰ ভিতৰত ভাল ফলাফল দিব পাৰে।

বৃক্কৰ পাত্থৰ :

একাপ গৰম পানীৰ সৈতে ২ চাহ চামুচ বিশুদ্ধ মৌ আৰু ১/২ চাহ চামুচ কালঞ্জী তেলৰ মিশ্ৰণ সেৱন আমাৰ কিডনিৰ বাবে অত্যন্ত উপযোগী। ই অংগসমূহক ইয়াৰ স্বাভাৱিক কামকাজ কৰি যোৱাত সহায় কৰাৰ লগতে পাত্থৰ হোৱাত বাধা দিয়ে।

চুলিৰ বাবেঃ

কালঞ্জি তেলত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টি-ইনফ্লেমেটৰী গুণো সৰ্বোত্তম।ইয়াক চুলিৰ বাবে সৰ্বশ্ৰেষ্ঠ তেলৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ই চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰে  আৰু চুলি পুনৰ গজোৱাত সহায় কৰে বুলি ভেষজ বিশাৰদসকলে  কৈ আহিছে।

==

শেহতীয়াকৈ, গাডকাৰী চলচ্চিত্ৰখনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত মুকলি কৰা হৈছে। অভিজিত মজুমদাৰ আৰু অক্ষয় দেশমুখ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখন অক্ষয় অনন্ত দেশমুখৰ। এই ছবিখনৰ কাহিনী আৰু পৰিচালনা অনুৰাগ ৰাজন ভুচাৰীয়ে কৰিছে। 'গাডকাৰী'ত নীতিন গাডকাৰীৰ চৰিত্ৰত কোনে অভিনয় কৰিব? দৰ্শকসকলে এইটো জানিবলৈ উৎসাহিত। মানুহে 'গাডকাৰী' বোলছবিখনৰ ট্ৰেইলাৰ আৰু টিজাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

পৰিচালক অনুৰাগ ভুছাৰীয়ে ছবিখনৰ বিষয়ে কয়, 'নীতিন গাডকাৰীৰ ৰাজনীতিত কেৰিয়াৰ অতি ভাল। পণ্ডিত, কাৰ্যকৰী বক্তা, কঠোৰ, ডাঙৰ মনৰ নেতা, পথ সংস্কাৰৰ প্ৰচাৰক। মানুহে তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশ জানে। সমাজ কল্যাণৰ প্ৰতি আগ্ৰহী এই নেতাজনৰ ৰাজনৈতিক যাত্ৰা বহুতে জানে, কিন্তু তেওঁৰ ব্যক্তিগত জীৱন আৰু কম বয়সো সমানে আকৰ্ষণীয়। এই ছবিখনৰ জৰিয়তে দৰ্শকৰ সন্মুখত এনে এজন নেতাৰ জীৱন উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। ছবিখন ২৭ অক্টোবৰত মুক্তি পাব। '

যোৱা কেইবছৰমানত, বহুতো নেতাৰ বায়োপিক দৰ্শকৰ সন্মুখত আহিছে। 'ঠাকৰে', 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ', 'থালাইভি, পিএম', 'নৰেন্দ্ৰ মোডী'ৰ দৰে বায়োপিক সমূহ জনসাধাৰণৰ মাজত আহিছে। এতিয়া মানুহে গাডকাৰীৰ জীৱনীমূলক ছবিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু