--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্ৰীদেৱীৰ মৃত্যুৰ পাঁচ বছৰৰ পাছত প্ৰযোজক বনী কাপুৰে প্ৰকাশ কৰে যে অভিনেত্ৰীগৰাকীয়ে নিজকে ভাল দেখাবলৈ কম নিমখযুক্ত খাদ্য গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়লৈকে একেটা ৰুটিনকে অনুসৰণ কৰিছিল শ্ৰীদেৱীয়ে।

ডাক্তৰে শ্ৰীদেৱীক কৈয়েই থাকিল যে ''আপোনাৰ বি পি (ৰক্তচাপৰ) সমস্যা আছে, নিমখ পৰিহাৰ কৰা কঠোৰ খাদ্য গ্ৰহণ নকৰিব। কাৰণ বেছিভাগ মহিলাই বিশ্বাস কৰে যে নিমখে পানী ধৰি ৰখাৰ সৃষ্টি কৰে সেইবাবেই মুখখন ফুলি উঠে। শ্ৰীদেৱীয়ে নিমখ এৰাই চলাৰ এয়া আছিল মূল কাৰণ। ডাক্তৰে তেওঁক কৈছিল যে আপুনি কিছু চালাড খালেও মাত্ৰ ইয়াৰ ওপৰত কিছু নিমখ ছটিয়াই দিয়ক।''

জোখতকৈ কম নিমখ গ্ৰহণ কৰিলে স্বাস্থ্যজনিত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতিদিনে পাঁচ গ্ৰাম নিমখ সেৱন কৰাটো স্বাভাৱিক। কিন্তু কমকৈ খালে ক’মাৰ দৰে গুৰুতৰ অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

অধ্যয়নত দেখা গৈছে যে নিমখৰ প্ৰতি আমাৰ সংবেদনশীলতা ব্যক্তিভেদে বেলেগ বেলেগ হয়, যিটো জাতি, বয়স, শৰীৰৰ ভৰ সূচকাংক, স্বাস্থ্য আৰু উচ্চ ৰক্তচাপৰ পাৰিবাৰিক ইতিহাসৰ দৰে ভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

ছডিয়ামে শৰীৰত কি কৰে?

আকাশ হেল্থকেয়াৰৰ আভ্যন্তৰীণ চিকিৎসাৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ বিক্ৰমজীত সিঙে জনাইছে যে এজন ব্যক্তিয়ে কিয় নিজৰ খাদ্যৰ পৰা নিমখ সম্পূৰ্ণৰূপে কাটিব নালাগে সেই কথা বুজিবলৈ হ’লে আমি জানিব লাগিব যে ছডিয়ামে শৰীৰত কি কৰে।

নিমখৰ প্ৰধান উপাদান অৰ্থাৎ ছডিয়াম শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। ই কোষীয় কামকে ধৰি বিভিন্ন কাম কৰে, শৰীৰৰ তৰল পদাৰ্থ নিয়ন্ত্ৰণ কৰে আৰু শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে।

ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য পলম হ’লে ইয়াৰ পাৰ্শ্বক্ৰিয়া দেখা যায়। "যিজন সুস্থ ব্যক্তিৰ বৃক্ক বা হৃদযন্ত্ৰৰ সমস্যা নাই, তেওঁ কম ছডিয়াম বা নিমখযুক্ত খাদ্য গ্ৰহণ কৰিব নালাগে। ছডিয়াম বৃক্কে নিয়ন্ত্ৰণ কৰে। ইহঁতে শৰীৰৰ তৰল পদাৰ্থত ছডিয়ামৰ ঘনত্ব দেখি নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে: হয় ইহঁতে মুক্ত কৰে।" যদি আপুনি ডায়েবেটিছ বা উচ্চ ৰক্তচাপত আক্ৰান্ত, তেন্তে আপুনি কম ছডিয়ামযুক্ত খাদ্যৰ দ্বাৰাহে উপকৃত হ'ব পাৰে," ডাঃ বিক্ৰমজীত সিঙে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু