--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : মন আৰু শৰীৰ সুস্থ হৈ থাকিবলৈ সুস্বাদু খাদ্যৰ লগতে প্ৰয়োজন সঠিক মাত্ৰাৰ টোপনিও৷ কোনো এজন ব্যক্তিৰ শৰীৰ আৰু মন দুয়োটাই স্বাস্থ্যৱান আৰু নিৰোগী হ’লেহে তেওঁক সুস্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি। নিজকে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান আৰু নিৰোগী কৰি সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে আমাৰ কিছু কৰণীয় থাকে। য’ত প্ৰয়োজন সঠিক মাত্ৰাৰ টোপনি৷ অধিক বা কম মাত্ৰাৰ টোপনি আমাৰ শৰীৰৰ বাবে হানিকাৰক হ’ব পাৰে৷ টোপনি আমাৰ দৈনন্দিন জীৱন যাত্ৰা তথা সুস্থ জীৱনৰ এক এৰাব নোৱাৰ অংশ। মানৱ জীৱনৰ বিৰামহীন কৰ্ম-কাণ্ডৰ পৰা সাময়িক সকাহ তথা দিনৰ দিনটোৰ কৰ্মৰ পৰা আমাৰ শৰীৰটোক জিৰণি দিয়াৰ এক মাধ্যম টোপনি। নিদ্ৰা যোৱা অৱস্থা বা টোপনি হৈছে জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য সাময়িকভাৱে স্থগিত থাকে আৰু মগজুৰ চেতনা আংশিক বা সম্পূৰ্ণৰূপে ব্যাহত হয়।

যেতিয়া শৰীৰে ভাগৰ অথবা অৱশ অনুভৱ কৰে তেতিয়াই আমাক টোপনিয়ে হেঁচা মাৰি ধৰে। টোপনি ভাগৰুৱা শৰীৰৰ বাবে পৰম ঔষধ৷ দিনৰ ভাগত নানা কামত মানুহৰ মন আৰু শৰীৰ ভাগৰত অধীৰ হয়, নিশাৰ ভাগত টোপনিয়ে এই সকলবোৰ ক্লান্তি দূৰ কৰি শৰীৰটোক জীৰণি লোৱাত সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে নিশা সাতৰ পৰা আঠ ঘণ্টা সময় শুলেই পৰিমিত টোপনিৰ বাবে যথেষ্ট হয়।

তথাপি কিন্তু আমাৰ সমাজত টোপনিক যেন এক নেতিবাচক দৃষ্টিৰে চোৱা হয়। আমাৰ প্ৰধানকৈ গ্ৰামাঞ্চলত এই মানসিকতা অধিক। ভাল টোপনি হ'লে হজম শক্তি বৃদ্ধি পোৱাৰ লগতে শৰীৰত বহু ৰোগ নিৰাময় হয়৷ সমীক্ষা অনুযায়ী, এটি নৱজাতক শিশুৱে ১৪ৰ পৰা ১৭ ঘণ্টা টোপনি যাব লাগে৷ ১-২ বছৰীয়া শিশুৱে ১১-১৪ ঘণ্টা টোপনি যাব লাগে৷ ৬-১৩ বছৰীয়া শিশুৱে ৯-১১ ঘণ্টা টোপনি যাব লাগে৷ এগৰাকী কিশোৰে ৮ৰপৰা ১০ ঘণ্টা, পূৰ্ণবসয়স্ক আৰু প্ৰাপ্ত-বয়স্কই ৭ৰ পৰা ৯ ঘণ্টা আৰু বৃদ্ধ তথা ৬৫ বছৰৰ ওপৰৰ লোকে ৭ৰ পৰা ৮ঘণ্টা টোপনি মৰিব লাগে৷ তাৰ মাজতে সময়ত টোপনি মৰাৰ লগতে আৰু একে সময়তে উঠিবলৈ যত্ন কৰিব লাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ