--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : মন আৰু শৰীৰ সুস্থ হৈ থাকিবলৈ সুস্বাদু খাদ্যৰ লগতে প্ৰয়োজন সঠিক মাত্ৰাৰ টোপনিও৷ কোনো এজন ব্যক্তিৰ শৰীৰ আৰু মন দুয়োটাই স্বাস্থ্যৱান আৰু নিৰোগী হ’লেহে তেওঁক সুস্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি। নিজকে শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান আৰু নিৰোগী কৰি সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে আমাৰ কিছু কৰণীয় থাকে। য’ত প্ৰয়োজন সঠিক মাত্ৰাৰ টোপনি৷ অধিক বা কম মাত্ৰাৰ টোপনি আমাৰ শৰীৰৰ বাবে হানিকাৰক হ’ব পাৰে৷ টোপনি আমাৰ দৈনন্দিন জীৱন যাত্ৰা তথা সুস্থ জীৱনৰ এক এৰাব নোৱাৰ অংশ। মানৱ জীৱনৰ বিৰামহীন কৰ্ম-কাণ্ডৰ পৰা সাময়িক সকাহ তথা দিনৰ দিনটোৰ কৰ্মৰ পৰা আমাৰ শৰীৰটোক জিৰণি দিয়াৰ এক মাধ্যম টোপনি। নিদ্ৰা যোৱা অৱস্থা বা টোপনি হৈছে জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য সাময়িকভাৱে স্থগিত থাকে আৰু মগজুৰ চেতনা আংশিক বা সম্পূৰ্ণৰূপে ব্যাহত হয়।

যেতিয়া শৰীৰে ভাগৰ অথবা অৱশ অনুভৱ কৰে তেতিয়াই আমাক টোপনিয়ে হেঁচা মাৰি ধৰে। টোপনি ভাগৰুৱা শৰীৰৰ বাবে পৰম ঔষধ৷ দিনৰ ভাগত নানা কামত মানুহৰ মন আৰু শৰীৰ ভাগৰত অধীৰ হয়, নিশাৰ ভাগত টোপনিয়ে এই সকলবোৰ ক্লান্তি দূৰ কৰি শৰীৰটোক জীৰণি লোৱাত সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে নিশা সাতৰ পৰা আঠ ঘণ্টা সময় শুলেই পৰিমিত টোপনিৰ বাবে যথেষ্ট হয়।

তথাপি কিন্তু আমাৰ সমাজত টোপনিক যেন এক নেতিবাচক দৃষ্টিৰে চোৱা হয়। আমাৰ প্ৰধানকৈ গ্ৰামাঞ্চলত এই মানসিকতা অধিক। ভাল টোপনি হ'লে হজম শক্তি বৃদ্ধি পোৱাৰ লগতে শৰীৰত বহু ৰোগ নিৰাময় হয়৷ সমীক্ষা অনুযায়ী, এটি নৱজাতক শিশুৱে ১৪ৰ পৰা ১৭ ঘণ্টা টোপনি যাব লাগে৷ ১-২ বছৰীয়া শিশুৱে ১১-১৪ ঘণ্টা টোপনি যাব লাগে৷ ৬-১৩ বছৰীয়া শিশুৱে ৯-১১ ঘণ্টা টোপনি যাব লাগে৷ এগৰাকী কিশোৰে ৮ৰপৰা ১০ ঘণ্টা, পূৰ্ণবসয়স্ক আৰু প্ৰাপ্ত-বয়স্কই ৭ৰ পৰা ৯ ঘণ্টা আৰু বৃদ্ধ তথা ৬৫ বছৰৰ ওপৰৰ লোকে ৭ৰ পৰা ৮ঘণ্টা টোপনি মৰিব লাগে৷ তাৰ মাজতে সময়ত টোপনি মৰাৰ লগতে আৰু একে সময়তে উঠিবলৈ যত্ন কৰিব লাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে