--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ দলিত প্ৰধান গাঁৱত জাত-পাতৰ ভিত্তিত পানী যোগানৰ অভিযোগ উত্থাপন হৈছে। মালিগেৰে নামৰ সেই গাঁওখনত ৩০০ টা দলিত পৰিয়াল বসবাস কৰে। তেওঁলোকৰ অভিযোগ যে দলিতৰ বাবে স্থানীয় প্ৰশাসনে পানী যোগান বন্ধ কৰি দিছে।

এই ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। অৱশ্যে পঞ্চায়ত উন্নয়ন বিষয়া কেশৱ মূৰ্তিৰ দাবী, এনে কোনো ঘটনা সংঘটিত হোৱা নাছিল। সেই গাঁওখনলৈ নিয়মীয়াকৈ পানী যোগান ধৰা হৈছে। তেওঁ আৰু দাবী কৰে যে গাঁওখনত দুটা টিউব ৱেল আছে। শুকান হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ৩০০টা পৰিয়াল।

অৱশ্যে মালিগেৰে গাঁৱৰ ৰাইজে দাবী কৰিছে যে তেওঁলোকৰ ওচৰৰ অঞ্চললৈ পানী যোগান ধৰা হৈছে। কিন্তু মালিগেৰে গাঁৱত বন্ধ ৰখা হৈছে পানী। কিয় ব্লক কৰা হৈছে সেই কথাও বুজাই দিলে। গাঁওবাসীয়ে অভিযোগ কৰে যে তেওঁলোক দলিত হোৱাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে বৈষম্য কৰা হৈছে। চুবুৰীয়া গাঁৱৰ পৰা পানী আনিবলৈ বাধ্য হৈছে। সমস্যাও হৈছে। মালিগেৰেৰ বাসিন্দাসকলে চুবুৰীয়া গাঁওলৈ গ’লে পানী আনিবলৈ বাধা দিয়া হৈছে। কেতিয়াবা কাজিয়া আৰু কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়।

কৰ্ণাটক বিগত ডেৰ মাহ ধৰি জল সংকটৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ বাংগালুৰুৰ ছবিখন ভয়ংকৰ। পানীৰ বাবে চিঞৰ বাখৰ কৰি আছে মহানগৰীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল। এনে পৰিস্থিতিত ৰাজ্যৰ এখন দলিত গাঁৱত পানী ৰখাৰ অভিযোগ পোহৰলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু