--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাগাৰত আছে ঝাৰখণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। হেমন্ত সোৰেনৰ পত্নী কল্পনা সোৰেনে শনিবাৰে দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালক সাক্ষাৎ কৰে।  কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কাইলৈ ৰামলীলা ময়দানত অনুষ্ঠিত হ'বলগীয়া 'মহা ৰেলী'ৰ পূৰ্বে সুনীতা-কল্পনাৰ মিলন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।   

সুনীতা-কল্পনা কাৰাগাৰত থকা ৰাজনৈতিক নেতাদুগৰাকীৰ পত্নী,  দুয়োৱে সেয়ে দুখৰ সমভাগী হোৱা পৰিলক্ষিত হয়। কল্পনাই কয়  যে তেওঁলোকে তেওঁলোকৰ স্বামীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে। কল্পনাই কয় "দুমাহ আগতে ঝাৰখণ্ডত সংঘটিত ঘটনাটো এতিয়া দিল্লীত ঘটিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো মোৰ স্বামী হেমন্ত সোৰেনৰ দৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। মই সুনীতা কেজৰিৱালক  লগ পাইছো আৰু আমি সিদ্ধান্ত লৈছো যে আমি এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে যুঁজ দিম" ।
 
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কল্পনা সোৰেনে কয় যে তেওঁ কাইলৈ ৰামলীলা ময়দানত ভাৰত মিত্ৰজোঁটৰ ৰেলীত অংশগ্ৰহণ কৰিব।তেওঁ কয়  "মই আজি কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীকো সাক্ষাৎ কৰি ঝাৰখণ্ডৰ পৰিস্থিতি সন্দৰ্ভত অৱগত  কৰিম। মই কাইলৈ ৰামলীলা ময়দানত ভাৰত মিত্ৰজোঁটৰ ৰেলীতো অংশগ্ৰহণ কৰি," ।

আপ নেতা ৰাঘৱ চাধাই দাবী কৰিছে  যে  সুনীতা-কল্পনাৰ এই মিলনে  ভাৰতীয় মহিলাসকলৰ শক্তিৰ এক উদাহৰণ দাঙি ধৰিছে, "সাহস আৰু অনুগ্ৰহেৰে অন্যায়ৰ সন্মুখীন হৈ সুনীতা কেজৰিৱাল  আৰু কল্পনা সোৰেনে ভাৰতীয় মহিলাৰ শক্তিৰ উদাহৰণ দিছে," চাধাই এক্সৰ এটা পোষ্টত কয়। উল্লেখ্য ভাৰত মিত্ৰজোঁটে ৩১ মাৰ্চত ৰামলীলা ময়দানত আবকাৰী নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে মহাৰেলী ঘোষণা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ