--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাগাৰত আছে ঝাৰখণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। হেমন্ত সোৰেনৰ পত্নী কল্পনা সোৰেনে শনিবাৰে দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালক সাক্ষাৎ কৰে।  কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কাইলৈ ৰামলীলা ময়দানত অনুষ্ঠিত হ'বলগীয়া 'মহা ৰেলী'ৰ পূৰ্বে সুনীতা-কল্পনাৰ মিলন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।   

সুনীতা-কল্পনা কাৰাগাৰত থকা ৰাজনৈতিক নেতাদুগৰাকীৰ পত্নী,  দুয়োৱে সেয়ে দুখৰ সমভাগী হোৱা পৰিলক্ষিত হয়। কল্পনাই কয়  যে তেওঁলোকে তেওঁলোকৰ স্বামীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে। কল্পনাই কয় "দুমাহ আগতে ঝাৰখণ্ডত সংঘটিত ঘটনাটো এতিয়া দিল্লীত ঘটিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো মোৰ স্বামী হেমন্ত সোৰেনৰ দৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। মই সুনীতা কেজৰিৱালক  লগ পাইছো আৰু আমি সিদ্ধান্ত লৈছো যে আমি এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে যুঁজ দিম" ।
 
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কল্পনা সোৰেনে কয় যে তেওঁ কাইলৈ ৰামলীলা ময়দানত ভাৰত মিত্ৰজোঁটৰ ৰেলীত অংশগ্ৰহণ কৰিব।তেওঁ কয়  "মই আজি কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধীকো সাক্ষাৎ কৰি ঝাৰখণ্ডৰ পৰিস্থিতি সন্দৰ্ভত অৱগত  কৰিম। মই কাইলৈ ৰামলীলা ময়দানত ভাৰত মিত্ৰজোঁটৰ ৰেলীতো অংশগ্ৰহণ কৰি," ।

আপ নেতা ৰাঘৱ চাধাই দাবী কৰিছে  যে  সুনীতা-কল্পনাৰ এই মিলনে  ভাৰতীয় মহিলাসকলৰ শক্তিৰ এক উদাহৰণ দাঙি ধৰিছে, "সাহস আৰু অনুগ্ৰহেৰে অন্যায়ৰ সন্মুখীন হৈ সুনীতা কেজৰিৱাল  আৰু কল্পনা সোৰেনে ভাৰতীয় মহিলাৰ শক্তিৰ উদাহৰণ দিছে," চাধাই এক্সৰ এটা পোষ্টত কয়। উল্লেখ্য ভাৰত মিত্ৰজোঁটে ৩১ মাৰ্চত ৰামলীলা ময়দানত আবকাৰী নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে মহাৰেলী ঘোষণা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু