--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত জাতি জৰীপৰ পাছত দেশজুৰি ৰাজনৈতিক হুলস্থুলৰ সৃষ্টি হৈছে। এফালে চৰকাৰ আৰু বিৰোধী নেতাৰ মাজত বাকযুদ্ধ চলি থকাৰ বিপৰীতে আনফালে সাধাৰণ ৰাইজেও অভিযোগ উত্থাপন কৰিছে যে জৰীপ দলটোৱে তেওঁলোকৰ ঠাইলৈ যোৱা নাছিল। এনে পৰিস্থিতিত এফালৰ পৰা পৰিসংখ্যা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে আটাইতকৈ ডাঙৰ কথাটো হ’ল নীতিশ চৰকাৰে কিয় খৰখেদাকৈ জাতি লোকপিয়ল কৰিলে? পৰিসংখ্যা প্ৰকাশৰ মূল কাৰণ কি? এনে প্ৰশ্নৰ আচৰিত উত্তৰ পোৱা গৈছে ABP News ৰ C Voter Survey ত।

আচলতে প্ৰশ্ন উত্থাপন হৈছিল যে বিহাৰ চৰকাৰে জাতি লোকপিয়ল কৰি তথ্য প্ৰকাশ কৰাৰ মূল কাৰণ কি বুলি মানুহে বিশ্বাস কৰে? ইয়াত ১৯ শতাংশ লোকে কয় যে জাতিৰ মৰ্যাদা জানিবৰ প্ৰয়াস কৰা হৈছে। দুৰ্বল শ্ৰেণীৰ বাবে উন্নয়নৰ পৰিকল্পনা কৰাৰ সপক্ষে ২৯ শতাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ বাহিৰেও সৰ্বাধিক ৩৭ শতাংশ লোকে বিশ্বাস কৰে যে চৰকাৰে লোকসভা আৰু বিধানসভা নিৰ্বাচনত সুবিধা ল’ব বিচাৰে। ৬ শতাংশ লোকে মিত্ৰতাৰ হেঁচা আছে বুলি বিশ্বাস কৰাৰ বিপৰীতে ৯ শতাংশ লোকে একো ক’ব নোৱাৰো বুলি উত্তৰ দিলে।

সমীক্ষাটোত মানুহে কি বিশ্বাস কৰে এবাৰ চকু ফুৰাওক

জাতিৰ অৱস্থা জানিবলৈ চেষ্টা – ১৯%
দুৰ্বল অংশৰ বাবে উন্নয়ন পৰিকল্পনা কৰা – ২৯%
লোকসভা-বিধানসভা নিৰ্বাচনৰ সুবিধা – ৩৭%
মিত্ৰজোঁটৰ চাপ- ৬%
কব নোৱাৰি- ৯%

উল্লেখ্য যে পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে জাতি লোকপিয়লৰ বিষয়। C VOTER এ abp news ৰ বাবে এই বিষয়ত সৰ্বভাৰতীয় সমীক্ষা চলাইছে। এই সমীক্ষাত ৫ হাজাৰ ১২১ জন লোকৰ মতামত লোৱা হৈছে। ৭ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ এই সমীক্ষা চলোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ