--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মিত্ৰতাৰ নিয়ম নামানি অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ নিৰ্বাচনৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিছে তৎপৰতা৷ 

১৪টা সমষ্টিত ৭২ প্ৰাৰ্থীৰ পেনেল সাজু কৰিছে এপিচিচিয়ে৷ জীতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত জৰুৰী বৈঠকত প্ৰস্তুত কৰা হয় পেনেল৷ পেনেল লৈ দিল্লীলৈ উভতিল জীতেন্দ্ৰ সিং৷ কাজিৰঙাৰ এজনীয়া পেনেলত গৌৰৱ গগৈ৷ নগাঁৱৰ দুজনীয়া পেনেলত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন৷ 

লখিমপুৰৰ ৬জনীয়া পেনেলত ৰাণী নৰহ, ৰামান্না বৰুৱা, বন্দিতা পেগু ধুবুৰী, বৰপেটাত আব্দুল খালেকৰ নাম৷ দৰঙৰ ৫জনীয়া পেনেলত মাধৱ ৰাজবংশী, বংশী দাস৷ শোণিতপুৰত ৬জনীয়া পেনেলত পৱনসিং ঘাটোৱাৰ, আৰ পি শৰ্মা৷ লক্ষ্যণীয় বিষয়টো এয়ে যে ডিব্ৰুগড়ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে কংগ্ৰেছে৷ 

বিপুল গগৈ আৰু প্ৰাক্তন বিধায়ক ডিব্ৰুগড়ৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী৷ ডিব্ৰুগড় লোকসভা সমষ্টি অজাপক এৰি দিয়াৰ চৰ্চা চলিছিল৷ আনকি অসমত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক আছিল লুৰীণজ্যোতি গগৈ আৰু সভাপতি ভূপেন বৰা৷ কিন্তু, বিৰোধী ঐক্যমঞ্চত বিষয়টো আলোচনা নকৰাকৈ কংগ্ৰেছে ১৪টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াক লৈ বিৰোধী ঐক্যত ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে৷

বিষয়টোক লৈ আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাই কয়, কালি প্ৰকাশ কৰা তালিকাখন মই দেখা নাই৷ কিন্তু এটা কথা সত্য পলিটিকেল এফেয়াৰচ কমিটিৰ সভাত ৮৪জনীয়া প্ৰাৰ্থীৰ তালিকা আমি যুগুতাই দিছোঁ৷ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰহে তালিকা৷ বাকী মিত্ৰজোঁটৰ চি পি আই আৰু ৰাইজৰ দলে প্ৰাৰ্থী লাগিব বুলি কৈছে যদিও লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্বৰ কথা পতা নাই৷ গৌৰৱ গগৈয়ে ব্যক্তিগতভাবে চিন্তা-চৰ্চা কৰি আছে, তেখেতে নিৰ্বাচন খেলিব৷ আমি মিত্ৰজোঁটৰ লগত আলোচনা কৰি চিট এৰি দিম৷

আনহাতে, কালি কংগ্ৰেছে তালিকা প্ৰকাশ কৰাৰ পাছতেই আজি পুৱা ছ’চিয়েল মিডিয়াত ভাইৰেল অজাপৰ এখন প্ৰাৰ্থী তালিকা৷ অৱশ্যে পৰৱৰ্তী সময়ত অজাপই এই তালিকাখন ভুৱা বুলি দলীয় স্থিতি স্পষ্ট কৰে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ