--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মিত্ৰতাৰ নিয়ম নামানি অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ নিৰ্বাচনৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিছে তৎপৰতা৷ 

১৪টা সমষ্টিত ৭২ প্ৰাৰ্থীৰ পেনেল সাজু কৰিছে এপিচিচিয়ে৷ জীতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত জৰুৰী বৈঠকত প্ৰস্তুত কৰা হয় পেনেল৷ পেনেল লৈ দিল্লীলৈ উভতিল জীতেন্দ্ৰ সিং৷ কাজিৰঙাৰ এজনীয়া পেনেলত গৌৰৱ গগৈ৷ নগাঁৱৰ দুজনীয়া পেনেলত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন৷ 

লখিমপুৰৰ ৬জনীয়া পেনেলত ৰাণী নৰহ, ৰামান্না বৰুৱা, বন্দিতা পেগু ধুবুৰী, বৰপেটাত আব্দুল খালেকৰ নাম৷ দৰঙৰ ৫জনীয়া পেনেলত মাধৱ ৰাজবংশী, বংশী দাস৷ শোণিতপুৰত ৬জনীয়া পেনেলত পৱনসিং ঘাটোৱাৰ, আৰ পি শৰ্মা৷ লক্ষ্যণীয় বিষয়টো এয়ে যে ডিব্ৰুগড়ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে কংগ্ৰেছে৷ 

বিপুল গগৈ আৰু প্ৰাক্তন বিধায়ক ডিব্ৰুগড়ৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী৷ ডিব্ৰুগড় লোকসভা সমষ্টি অজাপক এৰি দিয়াৰ চৰ্চা চলিছিল৷ আনকি অসমত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক আছিল লুৰীণজ্যোতি গগৈ আৰু সভাপতি ভূপেন বৰা৷ কিন্তু, বিৰোধী ঐক্যমঞ্চত বিষয়টো আলোচনা নকৰাকৈ কংগ্ৰেছে ১৪টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াক লৈ বিৰোধী ঐক্যত ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে৷

বিষয়টোক লৈ আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাই কয়, কালি প্ৰকাশ কৰা তালিকাখন মই দেখা নাই৷ কিন্তু এটা কথা সত্য পলিটিকেল এফেয়াৰচ কমিটিৰ সভাত ৮৪জনীয়া প্ৰাৰ্থীৰ তালিকা আমি যুগুতাই দিছোঁ৷ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰহে তালিকা৷ বাকী মিত্ৰজোঁটৰ চি পি আই আৰু ৰাইজৰ দলে প্ৰাৰ্থী লাগিব বুলি কৈছে যদিও লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্বৰ কথা পতা নাই৷ গৌৰৱ গগৈয়ে ব্যক্তিগতভাবে চিন্তা-চৰ্চা কৰি আছে, তেখেতে নিৰ্বাচন খেলিব৷ আমি মিত্ৰজোঁটৰ লগত আলোচনা কৰি চিট এৰি দিম৷

আনহাতে, কালি কংগ্ৰেছে তালিকা প্ৰকাশ কৰাৰ পাছতেই আজি পুৱা ছ’চিয়েল মিডিয়াত ভাইৰেল অজাপৰ এখন প্ৰাৰ্থী তালিকা৷ অৱশ্যে পৰৱৰ্তী সময়ত অজাপই এই তালিকাখন ভুৱা বুলি দলীয় স্থিতি স্পষ্ট কৰে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু