--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি আৰম্ভ হৈছে কংগ্ৰেছৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। ৰাজ্যিক ভিত্তিত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত পি চিদাম্বৰম, কে চি বেণুগোপালকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰিব আৰু কংগ্ৰেছৰ নেতা-কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিব। আজি এই তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো দিন উপলক্ষে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ নেতা-কৰ্মীক উদ্দেশ্যি ভাষণ দিয়ে। নিজৰ ভাষণত শাসক দলক তীব্ৰ সমালোচনা কৰে বৰাই। মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম-কাজত তীব্ৰ সমালোচনা কৰি বৰাই বিজেপি আমোলৰ বিভিন্ন কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়।

বিজেপিৰ আমোলত অসমীয়া জাতিৰ সন্মুখত নতুন সংকট সৃষ্টি হৈছে বুলি মন্তব্য কৰি বৰাই অভিযোগ কৰে যে, অসমীয়া জাতিৰ ওপৰত নতুন গুৰু জাপি দিয়া হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱাক পাহৰি এতিয়া কেৱল দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামহে আখৈ ফুটাদি ফুটে বুলি অভিযোগ কৰে ভূপেন বৰা ই। মুখ্যমন্ত্ৰীয়ে কেৱল ৰামনাম লয় বুলি অভিযোগ কৰি কাম ক'ত বুলি তেওঁ প্ৰশ্ন কৰে।

কংগ্ৰেছৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী (Prag News)

‘এক্সট্ৰা জুডিচিয়েল কিলিং’ এতিয়া ভাবুকি হৈ পৰিছে


এতিয়া সংবিধানৰ প্ৰতি ভাবুকি আহিছে বুলি উল্লেখ কৰি সংবিধানখন কেৱল কংগ্ৰেছ কৰ্মীৰ বাবেহে নেকি বুলি তেওঁ প্ৰশ্ন কৰে। বৰাই ৰাজ্যত সংঘটিত হৈ থকা ন্যায় বহিৰ্ভূত মৃত্যুদণ্ডৰ প্ৰসংগ উত্থাপন কৰি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে মু্খ্যমন্ত্ৰীৰ বিৰুদ্ধে। তেওঁ কয়, এতিয়া আৰক্ষীৰ শীৰ্ষ বিষয়াই নিউটনৰ তৃতীয় শক্তিৰ কথা কয় । কিন্তু মিজোৰাম সীমান্তত আমি সেই তৃতীয় গতিসূত্ৰৰ প্ৰতিফলন দেখা নাছিলোঁ। চীন সীমান্তত দেখা নাছিলো। পাকিস্তান সীমান্তত দেখা নাছিলোঁ। ‘এক্সট্ৰা জুডিচিয়েল কিলিং’ এতিয়া ভাবুকি হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া মৃত্যুদণ্ড দিব পাৰে। ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ড ঘোষণা দিবলৈও এখন বিশেষ কমিটী থাকে, কিন্তু অসমত আজি এজন মুখ্যমন্ত্ৰীয়ে অকলে মৃত্যুদণ্ড দিব পাৰে।আজি বহুতে এই ব্যৱস্থাক লৈ হাততালি মাৰিছে। কিন্তু যিদিনা সেই মৃত্যু যেতিয়া আপেনাৰ পদূলিত থিয় হ’ব তেতিয়া গম পাব মৃত্যু কি?


সন্ধিয়া টেলিভিচনত ওলাবলৈকে কথা কোৱাটো উচিত নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বৰাই। তেওঁ লগতে কয়, টিভিৰ সন্মুখত যেতিয়া মই কথা কওঁ, সেয়া ভূপেন বৰাৰ কথা নহয়। সেয়া দলটোৰ কথা হ’ব। মোৰ কথাত দলটোৰ ক্ষতি হব নালাগিব। সেই সংকল্প আমি লব লাগিব। অসমৰ একাংশ সংবাদমাধ্যমে জাতিক সৰু বস্তুটো ডাঙৰকৈ দেখুৱাইছে আৰু ডাঙৰটো সৰুকৈ দেখুৱাইছে বুলিও তেওঁ অভিযোগ কৰে। গুৰুত্বপূৰ্ণ বিষয় কমকৈ দেখুৱাওৱাৰ অভিযোগ কৰি তেওঁ কয়, সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰী এগৰাকীয়ে যদি সংবিধানৰ প্ৰতি ভাবুকি সৃষ্টি কৰে তাৰ প্ৰতিবাদ কৰাৰ দায়িত্ব কেৱল কংগ্ৰেছৰেই নেকি। চতুৰ্থ স্তম্ভ সংবাদমাধ্যমৰ নাইনেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু