--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি আৰম্ভ হৈছে কংগ্ৰেছৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। ৰাজ্যিক ভিত্তিত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত পি চিদাম্বৰম, কে চি বেণুগোপালকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰিব আৰু কংগ্ৰেছৰ নেতা-কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰিব। আজি এই তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো দিন উপলক্ষে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ নেতা-কৰ্মীক উদ্দেশ্যি ভাষণ দিয়ে। নিজৰ ভাষণত শাসক দলক তীব্ৰ সমালোচনা কৰে বৰাই। মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম-কাজত তীব্ৰ সমালোচনা কৰি বৰাই বিজেপি আমোলৰ বিভিন্ন কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়।

বিজেপিৰ আমোলত অসমীয়া জাতিৰ সন্মুখত নতুন সংকট সৃষ্টি হৈছে বুলি মন্তব্য কৰি বৰাই অভিযোগ কৰে যে, অসমীয়া জাতিৰ ওপৰত নতুন গুৰু জাপি দিয়া হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱাক পাহৰি এতিয়া কেৱল দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামহে আখৈ ফুটাদি ফুটে বুলি অভিযোগ কৰে ভূপেন বৰা ই। মুখ্যমন্ত্ৰীয়ে কেৱল ৰামনাম লয় বুলি অভিযোগ কৰি কাম ক'ত বুলি তেওঁ প্ৰশ্ন কৰে।

কংগ্ৰেছৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী (Prag News)

‘এক্সট্ৰা জুডিচিয়েল কিলিং’ এতিয়া ভাবুকি হৈ পৰিছে


এতিয়া সংবিধানৰ প্ৰতি ভাবুকি আহিছে বুলি উল্লেখ কৰি সংবিধানখন কেৱল কংগ্ৰেছ কৰ্মীৰ বাবেহে নেকি বুলি তেওঁ প্ৰশ্ন কৰে। বৰাই ৰাজ্যত সংঘটিত হৈ থকা ন্যায় বহিৰ্ভূত মৃত্যুদণ্ডৰ প্ৰসংগ উত্থাপন কৰি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে মু্খ্যমন্ত্ৰীৰ বিৰুদ্ধে। তেওঁ কয়, এতিয়া আৰক্ষীৰ শীৰ্ষ বিষয়াই নিউটনৰ তৃতীয় শক্তিৰ কথা কয় । কিন্তু মিজোৰাম সীমান্তত আমি সেই তৃতীয় গতিসূত্ৰৰ প্ৰতিফলন দেখা নাছিলোঁ। চীন সীমান্তত দেখা নাছিলো। পাকিস্তান সীমান্তত দেখা নাছিলোঁ। ‘এক্সট্ৰা জুডিচিয়েল কিলিং’ এতিয়া ভাবুকি হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া মৃত্যুদণ্ড দিব পাৰে। ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ড ঘোষণা দিবলৈও এখন বিশেষ কমিটী থাকে, কিন্তু অসমত আজি এজন মুখ্যমন্ত্ৰীয়ে অকলে মৃত্যুদণ্ড দিব পাৰে।আজি বহুতে এই ব্যৱস্থাক লৈ হাততালি মাৰিছে। কিন্তু যিদিনা সেই মৃত্যু যেতিয়া আপেনাৰ পদূলিত থিয় হ’ব তেতিয়া গম পাব মৃত্যু কি?


সন্ধিয়া টেলিভিচনত ওলাবলৈকে কথা কোৱাটো উচিত নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বৰাই। তেওঁ লগতে কয়, টিভিৰ সন্মুখত যেতিয়া মই কথা কওঁ, সেয়া ভূপেন বৰাৰ কথা নহয়। সেয়া দলটোৰ কথা হ’ব। মোৰ কথাত দলটোৰ ক্ষতি হব নালাগিব। সেই সংকল্প আমি লব লাগিব। অসমৰ একাংশ সংবাদমাধ্যমে জাতিক সৰু বস্তুটো ডাঙৰকৈ দেখুৱাইছে আৰু ডাঙৰটো সৰুকৈ দেখুৱাইছে বুলিও তেওঁ অভিযোগ কৰে। গুৰুত্বপূৰ্ণ বিষয় কমকৈ দেখুৱাওৱাৰ অভিযোগ কৰি তেওঁ কয়, সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰী এগৰাকীয়ে যদি সংবিধানৰ প্ৰতি ভাবুকি সৃষ্টি কৰে তাৰ প্ৰতিবাদ কৰাৰ দায়িত্ব কেৱল কংগ্ৰেছৰেই নেকি। চতুৰ্থ স্তম্ভ সংবাদমাধ্যমৰ নাইনেকি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ