--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বোম্বাই উচ্চ ন্যায়ালয়ত দ্বাৰস্ত হৈছে বিতৰ্কিনত অভিনেত্ৰী কংগনা ৰাণাৱট। উল্লেখ্য যে, জাভেদ আখতাৰে তেওঁৰ বিৰূদ্ধে বোম্বাই দণ্ডাধীশৰ আদালতত এটা অপৰাধমূলক গোচৰ ৰুজু কৰিছিল। কংগনাই গোচৰটো খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে অভিনেত্ৰীগৰাকীৰ আবেদন খাৰিজ কৰা বুলি প্ৰকাশ পাইছে। নিম্ন আদালতত দাখিল কৰা অপৰাধমূলক গোচৰটোৰ প্ৰসংগত গীতিকাৰ জাভেদ আখতাৰৰ অভিযোগ, ‘কংগনাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মোৰ বিৰূদ্ধে অপমানজনক মন্তব্য কৰিছিল। জনমানসত মোৰ ভাবমূৰ্তি কলুষিত কৰাৰ উদ্দেশ্যে এনে প্ৰচাৰত নামিছে কংগনা ৰানাৱট।’


ইয়াৰ পাছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আন্ধেৰী আদালতত গোচৰটোৰ শুনানি হৈছিল। নিম্ন আদালতে মাৰ্চ মাহত কংগনাৰ বিৰূদ্ধে জামিনযোগ্য ধাৰাৰ অধীনত ৱাৰেণ্ট জাৰী কৰাৰ নিৰ্দেশ দিছিল। অভিনেত্ৰীগৰাকী আদালতলৈ আহিছিল আৰু ৱাৰেণ্ট জাৰি হোৱাৰ লগে লগে জামিনৰ বাবে আবেদন কৰিছিল ।
চলিত বৰ্ষৰ জুলাই মাহত নিম্ন আদালতত চলি থকা গোচৰটো বাতিলৰ বাবে আদালতত আবেদন জনাইছিল কংগনা ৰানাৱটে।

জানিবলৈ পোৱা মতে, দণ্ডাধীশ আদালতে জুহু আৰক্ষীক আখতাৰৰ অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া নাছিল। কংগনাৰ অধিবক্তা ৰিজৱান ছিদ্দিকীয়ে উচ্চ ন্যায়ালয়ত আপীল কৰা মতে, 'এয়া একপক্ষীয় তদন্ত। নিম্ন আদালতৰ ন্যায়াধীশে যিকোনো আদেশ দাখিল কৰাৰ আগতে অভিযোগটো বিবেচনা কৰি চোৱা উচিত ।’
ইফালে, আখতাৰে উচ্চ ন্যায়ালয়ত কংগনাৰ আবেদন খাৰিজ কৰিবলৈ কৈ এখন শপতনামা দাখিল কৰে। নিম্ন আদালতৰ শুনানিত পলম হোৱা বাবে অভিনেত্ৰীগৰাকীয়ে আদালতত উপস্থিত হ’বলগীয়া হৈছে বুলি তেওঁ সদৰী কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ