--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শশী থাৰুৰৰ মুখত জনপ্ৰিয় হিন্দী গীত। 'এক অজনবী হাছিনা ছে ইউ মুলাকাত হো গায়ী…' গাই সমালোচিত কংগ্ৰেছ সাংসদগৰাকী। সমালোচনাত মুখৰ জাভেদ আখতাৰ। সমাজৰ স্পৰ্শকাতৰ বিষয়সমূহক কেন্দ্ৰ কৰি কৰা মন্তব্যৰ বাবে সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে কংগ্ৰেছ সাংসদগৰাকীয়ে। অনুৰাগীসকলেও তেওঁৰ আচৰণৰ সৈতে পৰিচিত। তেওঁলোকৰ বাবে, শশী থাৰুৰৰ কথাবোৰ যেন বেদ বাক্যৰ সমান।

ৰাজনৈতিক ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিগৰাকীয়ে ৰাজহুৱা স্থানত হিন্দী গান গুণ-গুণোৱা বাবে সামাজিক মাধ্যমত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। শশী থাৰুৰৰ অনুৰাগীয়ে প্ৰশংসাৰ বন্যাৰে সাংসদ গৰাকীক ওপচাই পেলোৱাৰ বিপৰীতে সৰব হৈ পৰিছে বলীউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰ। ১৯৭৪ চনত ৰাজেশ খান্না অভিনীত 'অজনবী' ছবিখনৰ ছুপাৰহিট গীতটো হঠাতে শশী থাৰুৰৰ কন্ঠত শুনি সাংসদগৰাকীক সমালোচনা কৰিছে জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰে।


জাভেদ আখতাৰে শশী থাৰুৰৰ কন্ঠত বহুল সমাদৃত হিন্দী গীতটো শুনি মন্তব্য কৰিছিল যে, ‘ৱাহ! এনেকুৱা এটা গান সম্ভৱতঃ হিন্দীতো আছে…।’ জাভেদ আখতাৰে প্ৰকৃততে কংগ্ৰেছ সাংসদজনক তেওঁৰ হিন্দী উচ্চাৰণৰ বাবে সমালোচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। শশী থাৰুৰে যদিও গীতিকাৰগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়া নাই তথাপি পোষ্টটো দেখাৰ পাছত একাংশৰ মাজত হাঁহিৰ ৰোল উঠা দেখা গৈছে। উল্লেখ্য যে, শশীয়ে প্ৰকৃততে শ্ৰীনগৰৰ দূৰদৰ্শন চেনেলৰ এটা অনুষ্ঠানত গীতটো গাইছিল। ভিডিঅ'টো সাংসদজনে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। আৰু এই প্ৰসংগক কেন্দ্ৰ কৰি জাভেদ আখতাৰে থাৰুৰৰ হিন্দী উচ্চাৰণক লৈ সমালোচনাত সৰব হৈ পৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ