--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ জাভেদ আখটাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে।   জাভেদ আখটাৰক সমালোচনা কৰি কয় ৱাইছিয়ে প্ৰশ্ন কৰে  আখতাৰ  কেতিয়াৰ পৰা ধৰ্মভীৰু হৈ পৰিল?  ৱাইছিয়ে কয় যে জাভেদ আখটাৰে ইমান দিনে নিজকে নাস্তিক বুলিয়েই পৰিচয় দি আহিছিল, কিন্তু এতিয়া তেওঁৰ মুখতে 'জয় চিয়া ৰাম' শ্ল'গান শুনিবলৈ পোৱা গৈছে ।

উল্লেখ্য জাভেদ আখটাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়ত  কৈছিল যে এয়া  সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ উৎসৱ। তেওঁ মানুহক 'জয় চিয়া ৰাম' উচ্চাৰণ কৰিবলৈও আহ্বান জনাইছিল। এই সন্দৰ্ভত  জাভেদ আখটাৰক সমালোচনা কৰি ৱাইচিয়ে এনেদৰে মন্তব্য কৰে।

এক টিভিৰ অনুষ্ঠানত ৱাইছিক  জাভেদ আখটাৰৰ বিষয়ে   প্ৰশ্ন সোধা হৈছিল। ইয়াৰ উত্তৰত আছাদুদ্দিন ৱাইচিয়ে কয়, "তেওঁ  কেতিয়াৰ পৰা ধৰ্মত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। তেওঁতো এজন নাস্তিক।’’   

 জাভেদ আখটাৰে এইবুলিও কৈছিল যে হিন্দুসকলৰ কাৰণেহে গণতন্ত্ৰ বৰ্তি আছে। এই সন্দৰ্ভত ৱাইচিয়ে কয় , "তেওঁ মিছা কৈছে। যদি গণতন্ত্ৰ বাচি আছে তেন্তে  যিকোনো অৱস্থাতে জীয়াই থাকিব, যিদৰে  বাবা চাহেব ভীমৰাও আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ বাবে সংবিধান বাচি থাকিব।সংবিধান হৈছে দেশখনৰ পথ প্ৰদৰ্শনকাৰী । সংবিধান আমাৰ ধৰ্মীয় নিৰপেক্ষতাৰ প্ৰতীক   আৰু যেতিয়ালৈকে  সংবিধান আছে, গণতন্ত্ৰও আছে।।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা নকৰিবলৈ মুছলমানসকলক শ্বাহবুদ্দিন ৰিজৱীয়ে কৰা আবেদন সন্দৰ্ভত  আছাদুদ্দিন ৱাইচিয়ে কয়, "এতিয়া মৌলানাই মোদীজীৰ পৰা টিকট লৈ এমপি নিৰ্বাচনত জয়ী হোৱা উচিত।’’

উল্লেখ্য ২৬ ফেব্ৰুৱাৰীত ছত্তীশগড়ৰ অম্বিকাপুৰত এখন সন্মিলনত ভাষণ দি মুফতি শ্বাহবুদ্দিন ৰিজৱীয়ে কৈছিল  যে নিজকে ধৰ্মনিৰপেক্ষ বুলি কোৱা কিছুমান দলে কেৱল মুছলমানসকলৰ কান্ধত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰাৰ দায়িত্ব আৰোপ কৰিছে। 

ইয়াৰ ফলত মুছলমানসকল সদায় অৱহেলিত   হৈ আছে  আৰু সকলো লাভালাভ এই লোকসকললৈ  গৈছে । তেওঁ মুছলমানসকলক আহ্বান জনাইছিল যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা বন্ধ কৰিব লাগিব।  মৌলানাই আহ্বান কৈছিল  যে মুছলমানসকলে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা উচিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু