--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ জাভেদ আখটাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে।   জাভেদ আখটাৰক সমালোচনা কৰি কয় ৱাইছিয়ে প্ৰশ্ন কৰে  আখতাৰ  কেতিয়াৰ পৰা ধৰ্মভীৰু হৈ পৰিল?  ৱাইছিয়ে কয় যে জাভেদ আখটাৰে ইমান দিনে নিজকে নাস্তিক বুলিয়েই পৰিচয় দি আহিছিল, কিন্তু এতিয়া তেওঁৰ মুখতে 'জয় চিয়া ৰাম' শ্ল'গান শুনিবলৈ পোৱা গৈছে ।

উল্লেখ্য জাভেদ আখটাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়ত  কৈছিল যে এয়া  সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ উৎসৱ। তেওঁ মানুহক 'জয় চিয়া ৰাম' উচ্চাৰণ কৰিবলৈও আহ্বান জনাইছিল। এই সন্দৰ্ভত  জাভেদ আখটাৰক সমালোচনা কৰি ৱাইচিয়ে এনেদৰে মন্তব্য কৰে।

এক টিভিৰ অনুষ্ঠানত ৱাইছিক  জাভেদ আখটাৰৰ বিষয়ে   প্ৰশ্ন সোধা হৈছিল। ইয়াৰ উত্তৰত আছাদুদ্দিন ৱাইচিয়ে কয়, "তেওঁ  কেতিয়াৰ পৰা ধৰ্মত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। তেওঁতো এজন নাস্তিক।’’   

 জাভেদ আখটাৰে এইবুলিও কৈছিল যে হিন্দুসকলৰ কাৰণেহে গণতন্ত্ৰ বৰ্তি আছে। এই সন্দৰ্ভত ৱাইচিয়ে কয় , "তেওঁ মিছা কৈছে। যদি গণতন্ত্ৰ বাচি আছে তেন্তে  যিকোনো অৱস্থাতে জীয়াই থাকিব, যিদৰে  বাবা চাহেব ভীমৰাও আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানৰ বাবে সংবিধান বাচি থাকিব।সংবিধান হৈছে দেশখনৰ পথ প্ৰদৰ্শনকাৰী । সংবিধান আমাৰ ধৰ্মীয় নিৰপেক্ষতাৰ প্ৰতীক   আৰু যেতিয়ালৈকে  সংবিধান আছে, গণতন্ত্ৰও আছে।।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা নকৰিবলৈ মুছলমানসকলক শ্বাহবুদ্দিন ৰিজৱীয়ে কৰা আবেদন সন্দৰ্ভত  আছাদুদ্দিন ৱাইচিয়ে কয়, "এতিয়া মৌলানাই মোদীজীৰ পৰা টিকট লৈ এমপি নিৰ্বাচনত জয়ী হোৱা উচিত।’’

উল্লেখ্য ২৬ ফেব্ৰুৱাৰীত ছত্তীশগড়ৰ অম্বিকাপুৰত এখন সন্মিলনত ভাষণ দি মুফতি শ্বাহবুদ্দিন ৰিজৱীয়ে কৈছিল  যে নিজকে ধৰ্মনিৰপেক্ষ বুলি কোৱা কিছুমান দলে কেৱল মুছলমানসকলৰ কান্ধত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰাৰ দায়িত্ব আৰোপ কৰিছে। 

ইয়াৰ ফলত মুছলমানসকল সদায় অৱহেলিত   হৈ আছে  আৰু সকলো লাভালাভ এই লোকসকললৈ  গৈছে । তেওঁ মুছলমানসকলক আহ্বান জনাইছিল যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা বন্ধ কৰিব লাগিব।  মৌলানাই আহ্বান কৈছিল  যে মুছলমানসকলে লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰা উচিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক