--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে মৰিচাছত শিৱৰাত্ৰি উপলক্ষে আয়োজিত এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত অগ্নিকাণ্ডত ছজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আৰক্ষী আয়ুক্ত অনিল কুমাৰ দীপে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত কয় যে হিন্দু দেৱতাসকলৰ মূৰ্তি প্ৰদৰ্শন কৰা এখন কাঠ আৰু বাঁহৰ গাড়ী উন্মুক্ত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পাছত জুই লাগিছিল।

তেওঁ কয়, দুৰ্ঘটনাটোত ছজনৰ মৃত্যু হৈছে৷ আৰু সাতজন আহত হৈছিল, যাৰ ভিতৰত এজনৰ অৱস্থা গুৰুতৰ৷

তীৰ্থযাত্ৰীসকলে ৮ মাৰ্চত শিৱৰাত্ৰি উৎসৱৰ আগতে গ্ৰেণ্ড বাচিন হ্ৰদলৈ খোজকাঢ়ি যাত্ৰা কৰি আছিল, যাক পূব আফ্ৰিকাৰ দ্বীপ ৰাষ্ট্ৰৰ হিন্দু সম্প্ৰদায়ে পবিত্ৰ বুলি গণ্য কৰে। হিন্দু ধৰ্ম হৈছে মৰিচাছৰ সৰ্ববৃহৎ ধৰ্ম, য'ত হিন্দুসকলে জনসংখ্যাৰ প্ৰায় ৪৮.৫ শতাংশ প্ৰতিনিধিত্ব কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই ঘটনাত দুখপ্ৰকাশ কৰে৷ জয়শংকৰে মৰিচাছত মহাশিৱৰাত্ৰি উদযাপনৰ সময়ত সংঘটিত অগ্নিকাণ্ডৰ কথা শুনি তেওঁ দুখপ্ৰকাশ কৰি দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক