--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সালসলনিৰ সম্ভাৱনাক লৈ চলি থকা আলোচনাৰ মাজতে ৰাজনৈতিক আলোড়ন তীব্ৰতৰ হৈ পৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সাক্ষাৎ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। মঙলবাৰে (৪ জুলাই) বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কিৰেন ৰিজিজু আৰু অৰ্জুন ৰাম মেঘৱালে। ইফালে এক বৃহৎ পৰিবৰ্তন ঘটাই  বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক তেলেংগানাৰ বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে।

আগদিনা অৰ্থাৎ সোমবাৰে দিল্লীৰ প্ৰগতি ময়দানত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পিছত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছিল যে মন্ত্ৰী পৰিষদৰ সৈতে এক অৰ্থপূৰ্ণ বৈঠক, য’ত আমি বিভিন্ন নীতিগত বিষয়ত মত বিনিময় কৰিলোঁ। সূত্ৰ অনুসৰি এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ কৌশল সন্দৰ্ভতো আলোচনা কৰা হয়।

লোকসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে বহু ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত বিজেপিৰ শীৰ্ষ নেতৃত্বই মন্ত্ৰী পৰিষদৰ বৈঠকৰ পূৰ্বে কেইবাটাও ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডা আৰু বিজেপিৰ সাধাৰণ সম্পাদক বি এল সন্তোষেও ২৮ জুনত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। এই বৈঠকৰ পাছত কেবিনেট সালসলনি সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।

মঙলবাৰে পঞ্জাৱ, তেলেংগানা, ঝাৰখণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক সভাপতি সলনি কৰি বিজেপিয়ে ঘোষণা কৰিছে। পঞ্জাৱৰ সুনীল জাখৰ, তেলেংগানাৰ জি কিষাণ ৰেড্ডী, অন্ধ্ৰ প্ৰদেশৰ ডি পুৰন্দেশ্বৰী আৰু ঝাৰখণ্ডৰ বাবুলাল মাৰাণ্ডীক দায়িত্ব দিয়া হৈছে।

ইয়াৰ বাহিৰেও এতিয়া দলটোৱে আন ৬ খন ৰাজ্যতো নতুন সভাপতি ঘোষণা কৰিব পাৰিব বুলি চৰ্চা চলিছে। ইয়াৰ ভিতৰত কেৰেলা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, কৰ্ণাটক, গুজৰাট আৰু মধ্যপ্ৰদেশ উল্লেখযোগ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ