--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সালসলনিৰ সম্ভাৱনাক লৈ চলি থকা আলোচনাৰ মাজতে ৰাজনৈতিক আলোড়ন তীব্ৰতৰ হৈ পৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সাক্ষাৎ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। মঙলবাৰে (৪ জুলাই) বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কিৰেন ৰিজিজু আৰু অৰ্জুন ৰাম মেঘৱালে। ইফালে এক বৃহৎ পৰিবৰ্তন ঘটাই  বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক তেলেংগানাৰ বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে।

আগদিনা অৰ্থাৎ সোমবাৰে দিল্লীৰ প্ৰগতি ময়দানত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পিছত প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছিল যে মন্ত্ৰী পৰিষদৰ সৈতে এক অৰ্থপূৰ্ণ বৈঠক, য’ত আমি বিভিন্ন নীতিগত বিষয়ত মত বিনিময় কৰিলোঁ। সূত্ৰ অনুসৰি এই বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ কৌশল সন্দৰ্ভতো আলোচনা কৰা হয়।

লোকসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে বহু ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত বিজেপিৰ শীৰ্ষ নেতৃত্বই মন্ত্ৰী পৰিষদৰ বৈঠকৰ পূৰ্বে কেইবাটাও ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডা আৰু বিজেপিৰ সাধাৰণ সম্পাদক বি এল সন্তোষেও ২৮ জুনত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে। এই বৈঠকৰ পাছত কেবিনেট সালসলনি সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।

মঙলবাৰে পঞ্জাৱ, তেলেংগানা, ঝাৰখণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক সভাপতি সলনি কৰি বিজেপিয়ে ঘোষণা কৰিছে। পঞ্জাৱৰ সুনীল জাখৰ, তেলেংগানাৰ জি কিষাণ ৰেড্ডী, অন্ধ্ৰ প্ৰদেশৰ ডি পুৰন্দেশ্বৰী আৰু ঝাৰখণ্ডৰ বাবুলাল মাৰাণ্ডীক দায়িত্ব দিয়া হৈছে।

ইয়াৰ বাহিৰেও এতিয়া দলটোৱে আন ৬ খন ৰাজ্যতো নতুন সভাপতি ঘোষণা কৰিব পাৰিব বুলি চৰ্চা চলিছে। ইয়াৰ ভিতৰত কেৰেলা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, কৰ্ণাটক, গুজৰাট আৰু মধ্যপ্ৰদেশ উল্লেখযোগ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু